X
X

Fact Check: ঝাড়খণ্ডত সোন আৰু টকা ভৰ্তি ট্ৰাক আটক কৰা হোৱা নাই, ভাইৰাল ছবিখন এআই-ৰ মাধ্যমে প্ৰস্তুত কৰা হৈছে

  • By: Umam Noor
  • Published: May 14, 2024 at 06:55 PM

নতুন দিল্লি(বিশ্বাস নিউজ) সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে, য’ত গমৰ ট্ৰাকৰ পৰা সোন আৰু টকা ওলোৱা দেখা পোৱা যায়। ছবিত আৰক্ষী আৰু তেঁওলোকৰ লগত কেইবাজন মানুহক থিয় হৈ থকা দেখা পোৱা যায়। এতিয়া এই ছবিখনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, নিৰ্বাচনৰ সময়ত ঝাড়খণ্ডৰ দাৰু এলেকাত সোন আৰু টকা ভৰ্তি ট্ৰাক আৰক্ষীয়ে আটক কৰিছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখন আচল নহয়, ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমে প্ৰস্তুত কৰা হৈছে। আনকি ঝাড়খণ্ড আৰক্ষীয়ে সোন আৰু টকা ভৰ্তি কোনো ট্ৰাক আটক কৰা নাই। ভাইৰাল পোষ্টটো সম্পূৰ্ণৰুপে ভুৱা।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”এয়া চাওক বন্ধুগন ইয়াক পইচা বুলি কয়, কাইলৈ যেতিয়া মোদী ডাঙৰিয়াই অভিযান চলাব তেতিয়া বিজ্ঞাপনবোৰক অসৎ আৰু প্ৰৱঞ্চনা বুলি কয়, যিজন ৰাজনেতাই চোৰ কৰিব তেঁও জেলত যাব যিজনে ভ্ৰষ্টাচাৰত লিপ্ত হ’ব জেলত যাব, সম্পত্তি গোটাব জেলত যাব, এয়া চাওক গমৰ ট্ৰাকত টকাৰ সম্ভাৰ ওলাইছে, আনতি কাৰ্টুন বাকচবিলাকতও টকা ভৰ্তি হৈ আছে, প্ৰৱঞ্চকসকলে চিঞঁৰি থাকে যে আমিতো প্ৰৱঞ্চনা কৰায়ে নাই, দাৰু এলেকাত এয়া ঝাড়খণ্ড আৰক্ষীয়ে আটক কৰিছে।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি ভাইৰাল ছবিখনক মনোযোগ সহকাৰে নিৰীক্ষণ কৰিলোঁ। ছবিখন প্ৰাথমিক দৃষ্টিতে স্বাভাৱিক যেন নালাগিলে, তাত আকৌ ট্ৰাকটোৰ নম্বৰ প্লেটত কোনো নম্বৰ সঠিকভাবে লিখা হোৱা নাই আৰু টকাৰ বাণ্ডিলসমূহও স্পষ্টভাবে নকল বুলি দেখা পোৱা লৈছে। 

প্ৰাৰম্ভিক তদন্তত ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰ(AI) সৈতে প্ৰস্তুত কৰা বুলি আমাৰ সন্দেহ হ’ল। এই ভিত্তিত আমি তদন্ত আগবঢ়ালোঁ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত হোৱা ছবি পৰীক্ষণৰ বাবে ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াৰ দ্বাৰা এই ছবিখন পৰীক্ষা কৰিলোঁ। হাইব মডাৰেশনৰ মতে, এই ছবিখনৰ কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত হোৱাৰ সম্ভাৱনা প্ৰায় 99.9 শতাংশ হয়।

ভাইৰাল ছবিখনক আমি অইন এখন এআই টুল isitai.com –তও চেক কৰিলোঁ আৰু ইয়াত পোৱা ফলাফল মতে, এই ছবিখন 83.92% শতাংশ কৃত্ৰিম বুদ্ধিমত্তাৰে জৰিয়তে প্ৰস্তুত কৰা হৈছে।

এতিয়ালৈ হোৱা তদন্তত এই তথ্য স্পষ্ট হৈছিল যে, ভাইৰাল ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা হৈছে। কিন্তু তদন্ত আগবঢ়াই নিওঁতে আমি এয়া জানিবলৈ চেষ্টা কৰিলোঁ যে, ঝাড়খণ্ড আৰক্ষীয়ে এনে ধৰণৰ কোনো ট্ৰাক আটক কৰিছিলনে? এই সন্দৰ্ভত সংবাদ বিছাৰোঁতে আমি এনে কোনো তথ্য বিছাৰি নাপালোঁ, যদি এনে কোনো ঘটনা সঁচাকৈ সংঘটিত হলেহেঁতেন তেন্তে সেই ঘটনাটো সংবাদ শীৰ্ষত স্থান পালেহেঁতেন।

ভাইৰাল দাবি সন্দৰ্ভত নিশ্চিত হোৱাৰ বাবে আমি, দৈনিক জাগৰণৰ ৰাঁচি বিউৰ’ৰ চিনিয়ৰ সংবাদদাতা দিলীপ কুমাৰৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ঝাড়খণ্ড আৰক্ষীয়ে এনে কোনো ট্ৰাক আটক কৰা নাই, এই সংবাদটো সম্পূৰ্ণৰুপে ভুৱা।

এআই-ৰ লগত জড়িত অন্যান্য ফেক্ট চেক ৰিপোৰ্টসমূহ বিশ্বাস নিউজৰ এআই চেক বিভাগত বিতংভাবে পঢ়িব পাৰিব।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা এক্স হেণ্ডেলৰ সামাজিক স্কেণিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 27 হাজাৰ মানুহে অনুসৰণ কৰে। 

সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখন আচল নহয়, ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমে প্ৰস্তুত কৰা হৈছে। আনকি ঝাড়খণ্ড আৰক্ষীয়ে সোন আৰু টকা ভৰ্তি কোনো ট্ৰাক আটক কৰা নাই। ভাইৰাল পোষ্টটো সম্পূৰ্ণৰুপে ভুৱা।

  • Claim Review : নিৰ্বাচনৰ সময়ত ঝাড়খণ্ডৰ দাৰু এলেকাত সোন আৰু টকা ভৰ্তি ট্ৰাক আৰক্ষীয়ে আটক কৰিছে।
  • Claimed By : এফবি ব্যৱহাৰকাৰী-চুনিল দুবে
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later