বিশ্বাস নিউজে লাভ কৰা তথ্য অনুসৰি বিমানবন্দৰৰ ভিৰৰ সৈতে ভাৰত বা য়োহানিৰ কোনো সম্পৰ্ক নাই। এই ছবিখন ২০১৯ চনৰ ছেপ্টেম্বৰৰ। যেতিয়া টকিঅ’ বিমানবন্দৰত প্ৰবল ধুমুহাৰ ফলত হাজাৰ হাজাৰ লোক বিমানবন্দৰত আবদ্ধ হৈ পৰিছিল।
নতুন দিল্লী (বিশ্বাস নিউজ)। শ্ৰীলংকাৰ নৱতম চাঞ্চল্য তথা সুকন্ঠী গায়িকা য়োহানি ডিলোকা ডি’চিলভাৰ এটা গীত ‘মানিকে মাগে হিথে’ ভাৰতত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু তেতিয়াৰ পৰা তেওঁৰ সৈতে সম্পৰ্কিত ভুৱা বাতৰিও ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে দুখন ফটোৰ এটা কোলাজ শ্বেয়াৰ কৰিছে। প্ৰথমখন ছবিত বিমানবন্দৰত হাজাৰ হাজাৰ লোকৰ ভিৰ দেখা গৈছে আৰু দ্বিতীয়খন ছবিত গায়িকা য়োহানিৰ এখন ফটো আছে। কোলাজটো শ্বেয়াৰ কৰি, ব্যৱহাৰকাৰীসকলে দাবী কৰে যে য়োহানিয়াক ভাৰতলৈ স্বাগতম জনোৱাৰ বাবে দিল্লী বিমানবন্দৰত ৪.৫ লাখৰো অধিক লোক উপস্থিত হৈছিল আৰু তেওঁক উপহাৰ দিছিল। যেতিয়া বিশ্বাস নিউজে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছিল, দেখিবলৈ পোৱা গৈছিল যে বিমানবন্দৰত থকা ভিৰৰ সৈতে ভাৰত বা য়োহানিৰ কোনো সম্পৰ্ক নাই। এই ছবিখন ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা টকিঅ’ বিমানবন্দৰৰ, যেতিয়া তাত হোৱা ধুমুহাৰ ফলত হাজাৰ হাজাৰ লোক বিমানবন্দৰত আবদ্ধ হৈ পৰিছিল।
ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোখন শ্বেয়াৰ কৰি লিখিছে – Indian News . More than 450,000 people throng Delhi airport to welcome Yohani yesterday ..29th..On arrival she received cash gifts amounting upto USD 500,000 even before she hit the stage today. She was welcomed by India’s billionaire film stars and business tycoons. Already the song is topping charts in Europe and has just entered USA. In India this week it was the number one song..Her maiden live performance is tonight at New Delhi”. ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – ইণ্ডিয়ান নিউজ। কালি ইয়োহানীক স্বাগতম জনোৱাৰ বাবে দিল্লী বিমানবন্দৰত ৪৫০,০০০ ৰো অধিক লোকে ভিৰ কৰিছিল। ২৯ তাৰিখ…তেওঁৰ আগমনৰ পিছত আজি মঞ্চত প্ৰৱেশ কৰাৰ আগতে তেওঁ ৫০০,০০০ আমেৰিকান ডলাৰ পৰ্যন্ত নগদ উপহাৰ লাভ কৰিছিল। তাইক ভাৰতৰ কোটিপতি চলচ্চিত্ৰ তাৰকা আৰু বাণিজ্য টাইকুনসকলে আদৰণি জনাইছিল। ইতিমধ্যে তেওঁৰ গানটোৱে ইউৰোপতো শীৰ্ষত আছে আৰু শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰতো প্ৰৱেশ কৰিছে। এই সপ্তাহত ভাৰতত এইটো এক নম্বৰ গান আছিল। তাইৰ প্ৰথম লাইভ প্ৰদৰ্শন আজি ৰাতি নতুন দিল্লীত”।
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে বিমানবন্দৰৰ ফটোখন অনুসন্ধান কৰিছিলো আৰু এয়াৰ লাইভ নামৰ এটা ৱেবছাইটত ১০ ছেপ্টেম্বৰ ২০১৯ তাৰিখে প্ৰকাশিত এটা প্ৰবন্ধত ভাইৰেল ফটোখন পাইছিলো। ইয়াত দিয়া ফটো অনুসৰি, ফটোখন টকিঅ’ৰ নাৰিতা বিমানবন্দৰৰ, যেতিয়া ধুমুহাৰ পিছত হাজাৰ হাজাৰ লোক বিমানবন্দৰত আৱদ্ধ হৈ পৰিছিল। আপুনি এই ফটোখন madhyamam আৰু nikkei ৱেবছাইটতো চাব পাৰে।
তদন্তটো আগুৱাই লৈ, আমি জানিবলৈ চেষ্টা কৰিছিলো যে য়োহানি ডিলোকা ডি’চিলভা ভাৰতলৈ আহিছে নেকি। অনুসন্ধানত, আমি ৪ অক্টোবৰত প্ৰকাশিত দ্য হিন্দুৰ পৰা এটা খবৰ পাইছিলো, য’ত দিয়া তথ্য অনুসৰি, য়োহানীয়ে গুৰুগ্ৰাম আৰু হায়দৰাবাদত সংগীতানুষ্ঠান কৰিছিল।
এইটো তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্টটোৰ দ্বাৰাও নিশ্চিত কৰা হৈছে। যিটো তেওঁ ২১ ছেপ্টেম্বৰত শ্বেয়াৰ কৰিছিল। ইয়াত দিয়া তথ্য অনুসৰি, ‘তেওঁ ৩০ ছেপ্টেম্বৰত গুৰুগ্ৰামত আৰু ৩ অক্টোবৰত হায়দৰাবাদত প্ৰদৰ্শন কৰিব’।
বিশ্বাস নিউজে য়োহানিৰ ভাৰত ভ্ৰমণৰ সত্যতা নিশ্চিত কৰিবলৈ আমাৰ সহকৰ্মী দৈনিক জাগৰণত সাংস্কৃতিক দিশ কভাৰ কৰা সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিল আৰু আমাক কৈছিল যে য়োহানি ভাৰতলৈ আহিছে।
বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানৰ অন্তিম পৰ্যায়ত, ফেচবুকত ভুৱা পোষ্টটো শ্বেয়াৰ কৰা পৃষ্ঠা DD WORK ৰ এক সামাজিক স্কেনিংত দেখা গৈছে যে পৃষ্ঠাটো ১১৩৯ জন লোকে অনুসৰণ কৰিছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে লাভ কৰা তথ্য অনুসৰি বিমানবন্দৰৰ ভিৰৰ সৈতে ভাৰত বা য়োহানিৰ কোনো সম্পৰ্ক নাই। এই ছবিখন ২০১৯ চনৰ ছেপ্টেম্বৰৰ। যেতিয়া টকিঅ’ বিমানবন্দৰত প্ৰবল ধুমুহাৰ ফলত হাজাৰ হাজাৰ লোক বিমানবন্দৰত আবদ্ধ হৈ পৰিছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ