Fact Check : অসমত কোনোধৰণৰ লকডাউন ঘোষণা কৰা হোৱা নাই

অসমত কোনোধৰণৰ লকডাউন ঘোষণা কৰা হোৱা নাই। এই পোষ্ট কোনো এক ফটো সম্পাদনা সঁজুলিৰ সহায়েৰে প্ৰস্তুত কৰা হৈছে। এই পোষ্ট বিভ্ৰান্তিকৰ।

Fact Check : অসমত কোনোধৰণৰ লকডাউন ঘোষণা কৰা হোৱা নাই

গুৱাহাটী (Vishvas News)। শেহতীয়াকৈ এখন ফটো ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপ্পত যথেষ্ট ভাইৰেল হৈ পৰা দেখা গৈছে। য’ত কোৱা হৈছে যে অসম চৰকাৰে ৩০ এপ্ৰিল, ২০২১ ৰ পৰা জুন মাহলৈ লকডাউন ঘোষণা কৰিছে। ইংৰাজী সাপ্তাহিক বাতৰি কাকত GPlus ৰ ল’গ’ ব্যৱহাৰ কৰি এই দাবী কৰা হৈছে যে অসম চৰকাৰে ক’ভিড-১৯ৰ বাবেই এই ঘোষণা কৰিছে।

আমি নিজৰ তৰফৰ পৰা অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ। বিশ্বাস নিউজে সাপ্তাহিক কাকত GPlus ৰ জ্যেষ্ঠ সাংবাদিক বৰষা দাসৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ স্থাপন কৰে। তেওঁ স্পষ্ট কৰি কয় যে “এই ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে ভুৱা। এই নতুন পোষ্টটো বিগত ২৩ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট সম্পাদনা কৰি ভুল তথ্যৰে ভাইৰেল কৰা হৈছে।”

কি এই ভাইৰেল পোষ্ট?

হোৱাটছএপ্পত ভাইৰেল হোৱা পোষ্টটোত দাবী কৰা হৈছে যে অসম চৰকাৰে ৩০ এপ্ৰিলৰ পৰা ২০২১ চনৰ জুন মাহলৈ অসমত পুনৰ লক-ডাউন ঘোষণা কৰিছে।

অনুসন্ধান

২৩ মাৰ্চ, ২০২০ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে লকডাউন ঘোষমা কৰা হৈছিল। আমি Google ৰিভাৰ্ছ ইমেজ টুল ব্যৱহাৰ কৰি অনুসন্ধান চলাওতে লাভ কৰা তথ্য অনুসৰি GPlus ৰ ফে’চবুক পেজত ২৩ মাৰ্চ, ২০২০ তাৰিখে প্ৰকাসিত এটা পোষ্ট লাভ কৰো। এই পোষ্টটো ভাইৰেল হোৱা গ্ৰাফিক ছবিখনৰ লেখীয়া সাইলাখ একেই। কেৱল তাৰিখৰ সালসলনি। আপোনালোকে প্ৰকৃত পোষ্টটো ইয়াত ক্লিক কৰিও চাব পাৰিব।

যেতিয়া আমি ২৩ মাৰ্চ, ২০২০ তাৰিখৰ GPlus ৰ পোষ্টটো ভাইৰেল পোষ্টটোৰ সৈতে তুলনা কৰি চালো, তেতিয়াই এই কথা স্পষ্ট হৈ পৰে যে ভাইৰেল হোৱা ছবিখন এইটো পোষ্টৰেই সম্পাদিত ৰূপ। দুয়োখন ফটোৰ পাৰ্থক্য তলৰ ছবিত স্পষ্ট হৈ পৰিছে।

ইয়াৰ উপৰিও আমি অসম চৰকাৰৰ অফিচিয়েল ছ’চিয়েল হেণ্ডেলসমূহ পৰীক্ষা কৰো যদিও এই ভাইৰেল হোৱা পোষ্টটোত দাবী কৰা ধৰণৰ তথ্য লাভ নকৰিলো।

আমি ৰাজ্যৰ বিত্ত, শিক্ষা, লোকনিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও যোগাযোগ কৰো। তেওঁ নিশ্চিত কৰি কয়, ‘এতিয়া ৰাজ্যত কোনো লক-ডাউন নাই।’

বিশ্বাস নিউজে সাপ্তাহিক কাকত GPlus ৰ জ্যেষ্ঠ সাংবাদিক বৰষা দাসৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ স্থাপন কৰে। তেওঁ স্পষ্ট কৰি কয় যে “এই ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু আমি ইতিমধ্যেই এই সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছো। এই নতুন পোষ্টটো বিগত ২৩ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশিত বাতৰিৰ স্ক্ৰীণশ্বট সম্পাদনা কৰি ভুল তথ্যৰে ভাইৰেল কৰা হৈছে।” আপোনালোকে তলৰ লিংকত এই স্পষ্টীকৰণ পঢ়িব পাৰিব।

নিষ্কৰ্ষঃ অসমত কোনোধৰণৰ লকডাউন ঘোষণা কৰা হোৱা নাই। এই পোষ্ট কোনো এক ফটো সম্পাদনা সঁজুলিৰ সহায়েৰে প্ৰস্তুত কৰা হৈছে। এই পোষ্ট বিভ্ৰান্তিকৰ।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস