Fact Check: পদক বিতৰণৰ সময়ত হোৱা বিভ্ৰান্তিৰ এই ভিডিঅ’টো অলিম্পিকৰ নহয়
আমি আমাৰ অনুসন্ধানত পাইছিলো যে দাবীটো মিছা। এই ভিডিঅ’টো অলিম্পিকৰ নহয়।
- By: Pallavi Mishra
- Published: Aug 8, 2021 at 08:15 PM
নতুন দিল্লী (বিশ্বাস নিউজ) | শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এজন ব্যক্তিক দুৰ্ঘটনাক্ৰমে তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীজনক সোণৰ পদক প্ৰদান কৰা দেখা গৈছে। ভিডিঅ’টো বিভিন্ন সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে আৰু একেসময়তে অলিম্পিকৰ ভিডিঅ’ হিচাপে দাবী কৰা হৈছে। আমি আমাৰ অনুসন্ধানত পাইছিলো যে দাবীটো মিছা আছিল। এই ভিডিঅ’টো অলিম্পিকৰ নহয়।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ইউজাৰ Max Network Entertainment এ এটা ভিডিঅ’ প্ৰকাশ কৰি লিখিছে, “Olympic Big. Mistake Moment🤣😂🤣 – Entertainment”
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
ভাইৰেল পোষ্টটো পৰীক্ষা কৰিবলৈ, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজত এই ভিডিঅ’টোৰ কীফ্ৰেমটো অনুসন্ধান কৰিছিলো। আমি ১৯ নৱেম্বৰ, ২০১৯ তাৰিখে extra fs ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টো পাইছিলো। বৰ্ণনা অনুসৰি, ভিডিঅ’টো আইএছইউ গ্ৰা প্ৰি ২০১৯-ৰ আছিল।
কীৱৰ্ডৰ সৈতে অনুসন্ধান কৰাৰ পিছত, আমি আই.এছ.ইউ. গ্ৰেণ্ড প্ৰিক্স 2019-ৰ পদক বিতৰণ অনুষ্ঠানৰ এই সম্পূৰ্ণ ভিডিঅ’টো পাইছিলো। ইয়াত এইটোও স্পষ্টভাৱে দেখা যায় যে ভাইৰেল ক্লিপটো একেটা ভিডিঅ’ৰ পৰা লোৱা হৈছে। এইটো স্পষ্ট আছিল যে ভিডিঅ’টো পুৰণি আৰু অলিম্পিকৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
২০১৯ চনৰ ৩ নৱেম্বৰত
প্ৰকাশিত এই গোটেই চুন্নতৰ ওপৰত আমি এটা বাতৰি www.rt.com ত দেখিবলৈ পাইছিলোঁ।
আমি এই সন্দৰ্ভত দৈনিক জাগৰণৰ ক্ৰীড়া সংবাদদাতা অভিষেক তিৱাৰীৰ
সৈতেও যোগাযোগ কৰিছিলো। তেওঁ এইটোও নিশ্চিত কৰিছিল যে ভিডিঅ’টো অলিম্পিকৰ নহয়।
আমি এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা Max Network Entertainment ৰ একাউণ্ট স্কেন কৰিছিলো। তেওঁলোকৰ ফেচবুক পেজত ২৯,৭৪০ জন লোক আছে।
নিষ্কৰ্ষঃ আমি আমাৰ অনুসন্ধানত পাইছিলো যে দাবীটো মিছা। এই ভিডিঅ’টো অলিম্পিকৰ নহয়।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.