X
X

Fact Check: শাহৰুখ খান আৰু সাংসদ ৰবি কিষানৰ নৃত্যৰ এই ভিডিঅ’টো পুৰনি, ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল হৈ আছে

নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত অভিনেতা শাহৰুখ খানৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত তেঁওক বিজেপি-ৰ সাংসদ ৰবি কিষানৰ লগত ভোজপুৰি গানত নৃত্য কৰি থকা দেখা যায়। ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’টোক এনেদৰে শ্বেয়াৰ কৰিছে, যাৰ বাবে এনে লাগিছে যেন এই ভিডিঅ’টো সাম্প্ৰতিক কালৰ।

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। প্ৰকৃততে এই ভিডিঅ’খন 2018 বৰ্ষৰ হয়, যেতিয়া শাহৰুখ খান এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে পাটনাত উপস্থিত হৈছিল। এই সময়ত তেঁও ৰবি কিষানৰ লগত ভোজপুৰি গানত নাচিছিল, সেই ভিডিঅ’খনক সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰা হৈ আছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক পেজ KaimurLive –এ 11 ফেব্ৰুৱাৰি তাৰিখে এখন ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে, “শাহৰুখ খানে ভোজপুৰি অভিনেতা আৰু সাংসদ ৰবি কিষানৰ লগত ভোজপুৰি গানত নাচিছে। আপোনালোকে এই ভিডিঅ’খন দেখিছে নে…#shahrulhkhan #SRK #srkfanclub #ravikishan”

ভাইৰাল পোষ্টৰ আৰ্কাইভ লিঙ্কটো ইয়াত চাওক

তদন্ত

ভাইৰাল দাবিৰ তদন্তৰ বাবে আমি গুগলত বিষয়টোৰ লগত সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে বিছাৰিলোঁ। এই সময়ত আমি এই ভিডিঅ’খন বিবিছি নিউজ হিন্দীৰ কৰ্তৃত্বাধীন ইউটিউব চেনেলত আপল’ড হোৱা দেখা পালো। 28 ডিচেম্বৰ 2018-ত আপল’ড হোৱা ভিডিঅ’ মতে, ভিডিঅ’টো পাটনাৰ এটা অনুষ্ঠানৰ হয়। য’ত বলিউড অভিনেতা শাহৰুখ খানে ভোজপুৰি অভিনেতা ৰবি কিষানৰ লগত ভোজপুৰি গানত ককাল ভাঙি নাচিছিল। 

ভিডিঅ’টো আমি দৈনিক ভাষ্কৰৰ কৰ্তৃত্বাধীন ইউটিউব চেনেলতও পালো। 21 জানুৱাৰি 2019-ত আপল’ড হোৱা ভিডিঅ’ৰ মতে, ভিডিঅ’টো 2018-ৰ চেলিব্ৰিটি টক শ্ব’ৰ ভিডিঅ’ হয়। দৈনিক ভাষ্কৰত এই সন্দৰ্ভত সংবাদ পঢ়িব পাৰিব। 

ভিডিঅ’ সন্দৰ্ভত অন্যান্য সংবাদ ইয়াত পঢ়িব পাৰিব।

আমি দৈনিক জাগৰণৰ পাটনাৰ সংবাদদাতা অৰবিন্দ শৰ্মাৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, “ভাইৰাল হৈ থকা ভিডিঅ’খন পুৰণা হয়। সাম্প্ৰতিক সময়ত শাহৰুখ খান ইয়াত অহা নাই।” 

শেষত আমি, ভাইৰাল ভিডিঅ’খন সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰা ফেচবুক পেজটো স্কেন কৰিলোঁ। আমি গম পালো যে এই পেজটোৰ 18 হাজাৰ অনুসৰণকাৰী আছে। 

সামৰণি:  বিশ্বাস নিউজৰ তদন্তত শাহৰুখ খান আৰু ৰবি কিষানৰ ভিডিঅ’ পুৰনা বুলি প্ৰমানিত হৈছে। 2018 বৰ্ষত এটা অনুষ্ঠান উপলক্ষে শাহৰুখ খান পাটনা গৈছিল, সেই সময়ত তেঁও সাংসদ ৰবি কিষানৰ ভোজপুৰি গানত নাচিছিল। সেই ভিডিঅ’টোক সাম্প্ৰতিক সময়ৰ বুলি শ্বেয়াৰ কৰা হৈ আছে।  

  • Claim Review : শাহৰুখ খানে ভোজপুৰি অভিনেতা আৰু সাংসদ ৰবি কিষানৰ লগত ভোজপুৰি গানত নাচিলে।
  • Claimed By : ফেচবুক পেজ - KaimurLive
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later