নতুন দিল্লী বিশ্বাস নিউজ- ৰাহুল গান্ধীৰ এখন ভিডিঅ’ ব্যাপকভাবে সামাজিক মাধ্যমত প্ৰচাৰিত হৈ আছে, য’ত তেঁওক এটা প্ৰশ্নৰ উত্তৰ দিঁওতে দীৰ্ঘ সময়ৰ বাবে ৰৈ থকা দেখা গৈছে। ভিডিঅ’টো প্ৰচাৰ কৰি এয়া দাবি কৰা হৈছে যে, এটা জনসভাত, ৰাহুল গান্ধীয়ে প্ৰশ্নৰ উত্তৰ দিঁওতে অসুবিধাৰ সন্মূখীন হৈছে।
তদন্তৰ পিছত বিশ্বাস নিউজে আৱিষ্কাৰ কৰে যে, ভাইৰাল ভিডিঅ’ ক্লিপটো এডিট কৰা হৈছে আৰু ইয়াক হেতালি খেলা হৈছে। এই ঘটনা প্ৰকৃততে এক বছৰ আগৰ যেতিয়া ৰাহুল গান্ধীয়ে লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত ৰাহুল গান্ধী এজন বক্তা আছিল আৰু ভাৰতীয় সমাজত হিংসা আৰু অহিংসা এই প্ৰসঙ্গত প্ৰতিক্ৰিয়া জনাঁওতে তেঁও খন্তেক ৰই দিছিল। তেঁও অলপ ৰৈ দি নিজৰ প্ৰতিক্ৰিয়া ভালদৰে সজাই ল’লে আৰু তাৰ পিছত তেঁও তেঁওৰ পিতা ৰাজীৱ গান্ধীক গুলিয়াই হত্যা কৰাৰ কথা উল্লেখ কৰি তেঁওৰ বক্তব্য আগবঢ়ালে। ভাইৰাল ভিডিঅ’ ক্লিপটোত তেঁওৰ প্ৰতিক্ৰিয়া অঁতৰাই, দৰ্শকৰ মাজত এনে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে, যেনে তেঁও, তেঁওৰ ফালে আগবঢ়াই দিয়া প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে আৰু ৰৈ দিলে।
বহুত ব্যৱহাৰকাৰীয়ে, বিশ্বাস নিউজৰ টিপলাইন নম্বৰ +91 95992 99372. –ত এই সন্দৰ্ভত ভিডিঅ’ পঠাই এইবিলাকৰ সত্য উদঘাটন কৰিবলৈ অনুৰোধ জঁনাইছে। সামাজিক মাধ্যমৰ অন্যান্য বহুত ব্যৱহাৰকাৰীয়ে এই একেখন ভিডিঅ’ একে দাবিৰ সৈতে শ্বেয়াৰ কৰিছে।
ভাইৰাল ভিডিঅ’ৰ সময়কাল 51 চেকেণ্ড আৰু তাত এক গুৰুত্বপূৰ্ণ মুহুৰ্তক কেমেৰাবন্দী কৰা হৈছে য’ত ৰাহুল গান্ধীয়ে, ভাৰতীয় সমাজত হিংসা আৰু অহিংসাৰ সম্পৰ্ক সন্দৰ্ভত, ইংৰাজীত সোধা এটা প্ৰশ্নৰ প্ৰতিক্ৰিয়া জনোৱাৰ পূৰ্বে খন্তেক ৰৈ দিছিল। ভাইৰাল ক্লিপটো সেই একে সময়কালৰ, য’ত ৰাহুল গান্ধীক প্ৰশ্নৰ প্ৰতিক্ৰিয়া জনোৱাৰ পূৰ্বে মৌন অৱস্থাত পোৱা যায়। এয়া প্ৰমান হয় যে এই অংশটো প্ৰকৃত ভিডিঅ’ৰ পৰা কাটি এডিট কৰা হৈছে আৰু সম্পৰ্কহীন মন্তব্যৰ সৈতে বিয়পাই দিয়া হৈছে।
নিৰ্বাচনৰ সময়ছোৱাত, গন্যমান্য ব্যক্তিত্ব নাইবা নেতাসকলৰ বক্তৃতা নাইবা মন্তব্যৰ কিছু অংশ কাটি তাক সম্বন্ধহীন দাবিৰ সৈতে, অৰ্থ সম্পূৰ্ণ সলাই প্ৰচাৰ কৰাটো অতি সাধাৰণ ঘটনা। একেধৰণৰ ভাইৰাল ক্লিপৰ সত্যতা জানিবলৈ, যিকোনো জনে বিশ্বাস নিউজৰ ইলেকশ্বন চেক বিভাগত চাব পাৰে।
ভাইৰাল ভিডিঅ’ ক্লিপৰ ভিত্তিত, এটা কিৱাৰ্ড বিছৰাৰ সময়ত এই ঘটনাক উল্লেখ কৰি বহুত পুৰনা তথ্য চকুত পৰিল। 2022 চনৰ 26 মে-ত ইণ্ডিয়া টুডে-ৰ এটি সংবাদ মতে, এই ভিডিঅ’টো ৰাহুল গান্ধীৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ভিডিঅ’। এই অনুষ্ঠানত যেতিয়া এজন মহিলা মডাৰেটৰে(উপস্থাপিকা) ভাৰতীয় সমাজত হিংসা আৰু অহিংসাৰ সম্পৰ্ক আৰু ইয়াৰ মাজত সমন্বয় সন্দৰ্ভত প্ৰশ্ন সোঁধে, তেতিয়া ৰাহুল গান্ধীয়ে সুগঠিত প্ৰতিক্ৰিয়া আগবঢ়াবলৈ সেয়া ৰচনা কৰাৰ বাবে খন্তেক সময় ৰৈ দিয়ে।
তথ্য মতে, তেঁও তেঁওৰ প্ৰতিক্ৰিয়া এইদৰে জনালে, “আহ!….মোৰ মনত এই মুহুৰ্তত যিটো শব্দ আহিছে, সেয়া হ’ল ক্ষমা…এয়া সম্পূৰ্ণ সঠিক নহয়…এয়া আপুনিও জানে।” তাৰ পিছত, দশৰ্কৰ কৰতালিৰ শব্দ নপোৱালৈ তেঁও অলপ সময়ৰ বাবে মৌন থাকিলে। ইয়াৰ প্ৰতিক্ৰিয়াত তেঁও ক’লে, “মই ভাবি আছোঁ…” মডাৰেটৰজনে এয়া স্পষ্ট কৰিলে যে তেঁওৰ উদ্দেশ্য ৰাহুল গান্ধীক নিৰৱ কৰা নাছিল, আনকি তেঁও এই প্ৰশ্নটো আগতে নোসোঁধাৰ বাবে ক্ষমা বিছাৰিলে। ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে ক’লে যে, “নাই… নাই আপুনি মোক নিৰৱ কৰি দিয়া নাই। মই ইয়াক আৰু অধিক গভীৰতাৰে উত্তৰ দিবলৈ চেষ্টা কৰি আছো।”
এই বিৱৰণী আন কেইবাটাও প্ৰতিবেদনেও সমৰ্থন কৰিছে। বিছাৰি থাকোতে, এই ঘটনাৰ প্ৰকৃত আৰু এডিট নকৰা ভিডিঅ’ ক্লিপ এনডিটিভি-ৰ ভেৰিফাই কৰা ইউটিউব চেনেলত 2022 চনৰ 25 মে আপল’ড হোৱা দেখা পোৱা গ’ল।
ভাইৰাল ক্লিপটো স্পষ্ট হৈ যায়, যেতিয়া ভিডিঅ’টো 31.30 মিনিট মাৰ্কৰ পৰা চোৱা হয়, যিসময়ত মজাৰেটৰজনে ৰাহুল গান্ধীক, ভাৰতীয় সমাজত বৰ্তমান হিংসা আৰু অহিংসাৰ বিষয়ে তেঁওৰ মতামত আগবঢ়াবলৈ অনুৰোধ জঁনায়।
ইয়াৰ প্ৰতিক্ৰিয়াত, ৰাহুল গান্ধীয়ে কয় যে, তেঁওৰ জীৱনৰ আটাইটকৈ গুৰুত্বপূৰ্ণ শিক্ষাটো তেঁও, তেঁওৰ পিতাৰ মৃত্যুৰ পৰা লাভ কৰিছে। ৰাহুল গান্ধীৰ মৌনতা, প্ৰশ্নটোত আলোকপাত কৰিবলৈ আৰু নিজৰ অভিজ্ঞতা ব্যক্ত কৰাৰ বাবেহে আছিল।
উপৰঞ্চি, বিছাৰি থাকোতে, X-ত ৰনদীপ সিং সুৰজেৱালাৰ এখন পোষ্ট পোৱা গ’ল য’ত তেঁও এই ভিডিঅ’ ক্লিপ সন্দৰ্ভত প্ৰতিক্ৰিয়া জঁনাইছে।
ভাইৰাল ভিডিঅ’ ক্লিপ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মুখপাত্ৰ অভিমণ্যু ত্যাগিৰ লগত যোগাযোগ কৰা হৈছিল। তেঁও ইয়াক ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ফালৰ পৰা সৃষ্টি কৰা ঘৃন্য ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে, আৰু কয় যে, ৰাহুল গান্ধী নিজে এজন হিংসাৰ বলি হিচাপে, সেই মুহুৰ্তত আৱেগপ্ৰৱন হৈ নিৰৱ হৈ গৈছিল যেতিয়া তেঁওক হিংসা আৰু অহিংসাৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল। কাৰণ নিজৰ পিতৃ আৰু আইতাৰ হত্যা তেঁওৰ জীৱনত হিংসাৰ উদাহৰণ স্বৰুপ ডাঙৰ ক্ষতি হৈ ৰল।
সামৰণি: ভাইৰাল ভিডিঅ’ ক্লিপ য’ত ৰাহুল গান্ধীক লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত ভাৰতীয় সমাজৰ হিংসা আৰু অহিংসা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিয়াত আপাতদৃষ্টিত অসমৰ্থ যেন দেখুৱাবলৈ চেষ্টা কৰা হৈছে, প্ৰকৃততে বিভ্ৰান্তিকৰ আৰু হেতালি খেলা ভিডিঅ’। ক্লিপত কৰা দাবিৰ বিপৰীতে, ৰাহুল গান্ধীয়ে প্ৰশ্নৰ উত্তৰ দিছিল, কিন্তু এটা চমু বিৰতিৰ পিছত, য’ত তেঁও তেঁওৰ পিতৃৰ হত্যা সন্দৰ্ভত নিজৰ অনুভুতিবোৰ ব্যক্ত কৰিছিল। সেইহে তেঁও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা বুলি কৰা দাবি ভুল আৰু ই অপপ্ৰচাৰৰ ৰুপ লৈছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ