X
X

Fact Check: ‘ফুচকা বিক্ৰতা’-ৰ স্ক্ৰিপ্টেড ভিডিঅ’ ভুৱা সাম্প্ৰদায়িক দাবিৰ সৈতে ভাইৰাল হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ কোনো সত্য ঘটনাৰ নহয়। এয়া এখন ষ্ক্ৰিপ্টেড ভিডিঅ’, ইয়াত দেখা পোৱা সকলো ব্যক্তি অভিনেতা /অভিনেত্ৰী হয়। এই ভিডিঅ’টোক সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যত বনোৱা হৈছিল যদিও ইয়াক ভুৱা দাবিৰ সৈতে আৰু বিশেষ ধৰ্মৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ লক্ষ্যত বিয়পাই দিয়া হৈছে।

  • By: Umam Noor
  • Published: Jun 25, 2024 at 02:55 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে য’ত, এজন ফুচকা বিক্ৰেতায় চামোচৰ সহায়ত পানীৰ সোৱাদ লয় আৰু তাৰ পিছত তাক সেই পানীত তাৰ হাত ধুই থকা দেখা পোৱা যায়। তাত আকৌ ভিডিঅ’ৰ পৰৱৰ্তী দৃশ্যত তেঁও সেই পানীৰ সৈতে গ্ৰাহকসকলক খোৱাই থকা দেখা পোৱা যায়। ভিডিঅ’টোক সাম্প্ৰদায়িক দাবিৰ সৈতে শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, এয়া ,সত্য ঘটনা য’ত এজন মুছলমান ফুচকা বিক্ৰেতা এই দৰে অপৰিষ্কাৰভাবে ব্যৱসায় কৰি আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ কোনো সত্য ঘটনাৰ নহয়। এয়া এখন ষ্ক্ৰিপ্টেড ভিডিঅ’, ইয়াত দেখা পোৱা সকলো ব্যক্তি অভিনেতা /অভিনেত্ৰী হয়। এই ভিডিঅ’টোক সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যত বনোৱা হৈছিল যদিও ইয়াক ভুৱা দাবিৰ সৈতে আৰু বিশেষ ধৰ্মৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ লক্ষ্যত বিয়পাই দিয়া হৈছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”হালাল পানী পুৰি”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোন প্ৰথমতে আমি গুগ’ল লেঞ্চৰ সহায়ত ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেম বিছাৰিলোঁ।  অনুসন্ধানত আমি ‘সঞ্জনা গ’লৰানি’ নামৰ এখন ভেৰিফাইড হেণ্ডেলত উক্ত ভিডিঅ’টোৰ 4 মিনিট 48 চেকেণ্ডৰ দীঘলিয়া সংষ্কৰণ আপল’ড হোৱা পালো। ইয়াত ভিডিঅ’টোক 2024 চনৰ  8 মে তাৰিখত আপল’ড কৰা হৈছিল।

ভিডিঅ’ৰ লগত সংযুক্ত তথ্য মতে,  অনুগ্ৰহ কৰি মন কৰিব যে, এই পেজটোত স্ক্ৰিপ্টেড নাটক আৰু পেৰডি ভিডিঅ’ শ্বেয়াৰ কৰা হৈ থাকে। এই আৰ্ট চলচিত্ৰবোৰ কেৱল মনোৰঞ্জন আৰু সচেতনতা সৃষ্টি কৰিবলৈ কৰা হৈছে। এই ভিডিঅ’টোত অভিনয় কৰা চৰিত্ৰবোৰৰ একমাত্ৰ উদ্দেশ্য মনোৰঞ্জন প্ৰদান কৰা আৰু সচেতনতা সৃষ্টি কৰা।

তদন্ত আগবঢ়োৱাৰ স্বাৰ্থত আমি  ‘সঞ্জনা গ’লৰানি’ নামৰ ফেচবুক পেজটোৰ সামাজিক স্কেণিঙ কৰিলোঁ। অনুসন্ধানত, এই পেজটোত এনে বহুত স্ক্ৰিপ্টেড ভিডিঅ’ স্বীকাৰ পত্ৰৰ সৈতে আপল’ড হোৱা দেখা পোৱা গ’ল।

‘সঞ্জনা গ’লৰানি’ -ৰ ফেচবুক পেজত আমি তেঁওৰ ইউটিউভ চেনেলৰ লিঙ্কও পালো। ইয়াত প্ৰদত্ত সুৰেশ প্ৰডাকচনৰ ইমেইল আইডি-ত আমি যোগাযোগ কৰিলোঁ আৰু ভইৰাল পোষ্টটো তেঁওৰ লগত শ্বেয়াৰ কৰিলোঁ। আমাৰ মেইলৰ উত্তৰ হিচাপে আমাক কোৱা হল যে, ‘ এই ভিডিঅ’টো আইডিয়াজ ফেক্ট্ৰী ওৱেচাৰ্ছ প্ৰাইভেট লিমিটেড-ৰ হয়। সঞ্জনাৰ পেজটো, এনে বিভিন্ন ঘটনা সন্দৰ্ভত মানুহক সচেতন কৰিবলৈ এনে ধৰণৰ স্ক্ৰিপ্টেড ভিডিঅ’ পোষ্ট কৰি থাকে। মই এয়া নিশ্চিত কৰিছোঁ যে, ভিডিঅ’টো স্ক্ৰিপ্টেড হয় আৰু এই সম্পূৰ্ণ কন্টেন্টটো আইডিয়াজ ফেক্ট্ৰী ওৱেচাৰ্ছ প্ৰাইভেট লিমিটেড-ৰ হয়’।

এতিয়া সময় আছিল, ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙ কৰাৰ। ব্যৱহাৰকাৰীজনৰ স্কেনিঙত আমি গম পালো যে, তেঁওৰ ফালৰ পৰা সদাই বিশেষ মতাদৰ্শৰ পোষ্ট শ্বেয়াৰ কৰা হৈ থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ কোনো সত্য ঘটনাৰ নহয়। এয়া এখন ষ্ক্ৰিপ্টেড ভিডিঅ’, ইয়াত দেখা পোৱা সকলো ব্যক্তি অভিনেতা /অভিনেত্ৰী হয়। এই ভিডিঅ’টোক সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যত বনোৱা হৈছিল যদিও ইয়াক ভুৱা দাবিৰ সৈতে আৰু বিশেষ ধৰ্মৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ লক্ষ্যত বিয়পাই দিয়া হৈছে।

  • Claim Review : এজন মুছলমান ফুচকা বিক্ৰেতা এই দৰে অপৰিষ্কাৰভাবে ব্যৱসায় কৰি আছে।
  • Claimed By : FB User- Banwari Banura
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later