X
X

Fact Check: সনাতন ব’ৰ্ডৰ দাবী জনোৱা মানুহৰ এই ছবিখন এআই জেনাৰেটেড হয়

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, সনাতন ব’ৰ্ডৰ দাবী জনাই বাটত ভীৰ কৰা মানুহৰ ছবিখন এআই-ৰ সহায়ত বনোৱা হৈছে। সেই ছবিখনক আচল বুলি ভাবি শ্বেয়াৰ কৰা হৈ আছে। 

নতুন দিল্লী (বিশ্বাস নিউজ)।  ছ’চিয়েল মিডিয়াৰ বিভিন্ন মিডিয়া প্লেটফৰ্মত এখন ছবি দ্ৰুত গতিত ভাইৰেল হৈ আছে। ভাইৰেল ছবিখনত দেখা পোৱা গৈ আছে যে, বহুত সংখ্যক মানুহে ভীৰ কৰি বাটতে বহি আছে, সেই ভীৰত থকা এজন ব্যক্তিৰ হাতত এখন প্লেকাৰ্ড আছে, তাত লিখা আছে ‘সনাতন ব’ৰ্ড’। এতিয়া কেইজনমান ইউজাৰে এই ছবিখনক সঁচা বুলি ভাবি ভাইৰেল কৰি আছে।  

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল ছবিখন আচল ছবি নহয়। এই ছবিখনত আৰ্টিফিচিয়েল ইণ্টিলিজেঞ্চ অৰ্থাৎ এআই দি বনোৱা হৈছে। সেই ছবিখনকে আচল বুলি ভাবি মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি ভাইৰেল হৈ আছে?

ফেচবুক ইউজাৰ সুধীৰ তিৱাৰী ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, “আপোনালোকে নিজৰ ৰায় দিয়ক********************সমগ্ৰ ভাৰত ঐক্যবদ্ধ হৈ থিয় হৈছে সনাতন ব’ৰ্ড গঠন হ’ব লাগে********************এতিয়া নহ’লে কেতিয়াও নহয় জয় শ্ৰী ৰাম জয় সনাতন”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত 

আমি নিজৰ তদন্ত আৰম্ভ কৰি সদৌ প্ৰথমতে ভাইৰেল ছবিখনক মনোযোগ দি চাইছিলোঁ। ছবিখনত আমাৰ বহুত ত্ৰুটি চকুত পৰিছিল। ছবিখনত দেখা পোৱা মানুহবোৰৰ মুখবোৰ স্পষ্ট নহয়। তদুপৰি, মানুহবোৰ চকু, হাত আৰু ভৰিৰ আকৃতিবোৰো ঠিক নহয়। ছবিখনত থকা পিছ ফালৰ অংশও অস্পষ্ট হয়। ছবিখনত ইমানবোৰ ত্ৰুটি চকুত পৰাৰ পাছত আমাৰ সন্দেহ হ’ল, এয়া এআই দি বনোৱা হৈছে। 

তদন্ত আগুৱাই লৈ গৈ আমি ছবিখনক পৰীক্ষা কৰাৰ বাবে আমি এআই জেনাৰেটেড ছবি পৰীক্ষা কৰি চোৱাৰ টুল ব্যৱহাৰ কৰিছিলোঁ। আমি ছবিখনক হাইভ মডাৰেচন টুল-ত আপল’ড কৰিছিলোঁ। তাত গম পোৱা গ’ল যে, ছবিখন এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা 99.7 শতাংশ।

ছবিখনক আমি আন এটা টুল brandwell.ai-তো আপল’ড কৰিছিলোঁ। সেই টুলৰপৰা গম পোৱা গ’ল যে ছবিখন এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা 99 শতাংশ।

তদন্ত আগুৱাই লৈ গৈ আমি হেংগিং ফেচ টুলৰ সহায়তো ছবিখনক ছাৰ্চ কৰি চাইছিলোঁ। সেই টুলত কোৱা হ’ল যে, ছবিখন এআই জেনাৰেটেড হোৱাৰ সম্ভাৱনা 100 শতাংষ

ছবিখন আমি এইআই বিশেষজ্ঞ আজহাৰ মাচৱেৰ লগতো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে, ছবিখন এআই জেনাৰেটেড হয়। তেওঁ কৈছে যে, ছবিখনত থকা মানুহবোৰৰ এজনৰ মুখো স্পষ্ট নহয় লগতে চাৰিও ফালৰ অংশবোৰো অস্পষ্ট। এইবোৰ ত্ৰুটি চালেই এই আই ছবিক চিনিবলৈ পোৱা যায়  

বিশ্বাস নিউজৰ ৱেবছাইটৰ এআই ছেকচন-ত এআই আৰু ডীপফেক সম্বন্ধীয় ফেক্ট চেক ৰিপ’ৰ্ট পঢ়িবলৈ পোৱা যাব।

সদৌ শেষত আমি সেই জন ইউজাৰৰ একাউণ্ট স্কেন কৰি চাইছিলোঁ, যিজনে ছবিখন শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, সেই ইউজাৰ জনক 5 হেজাৰৰ অধিক মানুহে ফল’ কৰি থাকে। ইউজাৰ জন এটা বিশেষ ভাৱাদৰ্শ সম্বন্ধীয় পোষ্ট শ্বেয়াৰ কৰি থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, সনাতন ব’ৰ্ডৰ দাবী জনাই বাটত ভীৰ কৰা মানুহৰ ছবিখন এআই-ৰ সহায়ত বনোৱা হৈছে। সেই ছবিখনক আচল বুলি ভাবি শ্বেয়াৰ কৰা হৈ আছে। 

  • Claim Review : সনাতন ব’ৰ্ডৰ দাবী জনোৱা মানুহৰ ছবিখন আচল হয়।
  • Claimed By :  ফেচবুক ইউজাৰ- সুধীৰ তিৱাৰী
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later