Fact Check: পানীত নামাজ কৰি থকা মানুহৰ এই ছবিখন 2021 চনৰ হয়, বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভাইৰেল

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, পানীত নামাজ কৰি মানুহৰ ছবিখন 2021-ৰ সাতক্ষীৰাৰ হয়। সেই ছবিখনক কিছুমান মানুহে এতিয়া বাংলাদেশৰ শেহতীয়া অৱস্থাৰ সৈতে যুক্ত কৰি বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে। এই ছবিখনৰ সৈতে শেহতীয়া কোনো ঘটনাৰ সম্বন্ধ নাই।

Fact Check: পানীত নামাজ কৰি থকা মানুহৰ এই ছবিখন 2021 চনৰ হয়, বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভাইৰেল

নতুন দিল্লী (বিশ্বাস নিউজ)। বাংলাদেশত বানপানীৰ ফলত সাধাৰণ মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দ নষ্ট হৈ গৈছে। তাৰে মাজতে ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে। তাত দেখা পোৱা গৈ আছে যে, কেইজনমান মানুহ পানীত নামাজ কৰি আছে। কেইজনমান ইউজাৰে ছবিখনক এই বুলি কৈ শ্বেয়াৰ কৰি আছে যে, এয়া বাংলাদেশেৰ শেহতায়ী বানপানী পৰিস্থিতিৰ ছবি হয়।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল এই দাবী বিভ্ৰান্তিকৰ হয়। পানীত নামাজ কৰি থকা মানুহৰ এই ভাইৰেল ছবিখন আচলতে 2021-ৰ হয়। সেই ছবিখনকে কিছুমান মানুহে শেহতীয়া বুলি কৈ ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে। শেহতীয়া ঘটনাৰ সৈতে এই ছবিখনৰ কোনো সম্বন্ধ নাই।  

কি ভাইৰেল হৈ আছে ?

ফেচবুক পেজ জাগো ভাৰত জাগো এই ছবিখনক 26 আগষ্ট 2024-ত শ্বেয়াৰ কৰি লিখিছে, “বাংলাদেশত এতিয়া ভয়ংকৰ বানপানীৰ ফলত হোৱা দুৰৱস্থা।

কৰ্মৰ ফল ভুগিব লগা হয়, কিন্তু ইমান সোনকালে যে ভুগিব লাগে সেয়া প্ৰথম বাৰ দেখা পাই আছোঁ…” 

এই পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাওঁক। আন কেইজনমান ইউজাৰেও এই ছবিখনক একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।

তদন্ত

ভাইৰেল ছবিখনক লৈ তদন্ত কৰাৰ কাৰণে আমি গুগল ৰিভাৰ্ছ ইমেজ ব্যৱহাৰ কৰিছিলোঁ। আমি এই ছবিখন wwdphc নামৰ ইনষ্টাগ্ৰাম পেজ-ত দেখা পাইছিলোঁ। ছবিখন 30 মাৰ্চ 2022-ত শ্বেয়াৰ কৰা হৈছিল। পোষ্ট-ৰ কেপচনত লিখা আছে, “এই ছবিখন 2022-ত ৱৰ্ল্ড ৱাটাৰ ডে’ ফট’ কনটেষ্টত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছে। এই ছবিখন বাংলাদেশৰ সাতক্ষীৰাৰপৰা লোৱা হৈছে।” ছবিখনৰ ক্ৰেডিট দিয়া হৈছে ছৰৱৰ অপো, বাংলাদেশক।

ছাৰ্চ কৰি থাকোঁতে আমি এই ছবিখন photoawards.com-ৰ ৱেবছাইট-তো দেখা পাইছোঁ। তাত থকা তথ্য অনুসৰি, এই ছবিখন 8 অক্ট’বৰ 2021-ৰ আৰু সাতক্ষীৰাৰ হয়। সাতক্ষীৰা হ’ল বাংলাদেশৰ সুন্দৰবন বৰ্ষাৰণ্যৰ এখন ডাঙৰ অংশ। এই ছবিখন ছৰৱৰ হুছেইন নামৰ ফট’গ্ৰাফাৰে তুলিছিলে।   

আমি গুগলত ছৰৱৰ হুছেইনৰ নাম ছাৰ্চ কৰি চাইছোঁ। আমি ছৰৱৰ হুছেইনৰ নামৰ ইনষ্টাগ্ৰাম একাউণ্টৰ সন্ধান পাইছিলোঁ, তাত ছবিখনক 16 ছেপ্তেম্বৰ 2022-ত শ্বেয়াৰ কৰা হৈছিল। ছৰৱৰ হুছেইনে ছবিখনক 29 মাৰ্চ 2022-তো শ্বেয়াৰ কৰিছিলে আৰু কেপচন-ত লিখিছিলে, “মোৰ এইটো চাই বৰ ভাল লাগিছে যে মোৰ কাম @wwdphc -2022-ৰ বিজয়ীৰ তালিকাত আছে। এই ছবিখন ডকুমেণ্টাৰি প্ৰ’জেক্ট অনুসৰি “টিয়াৰ্ছ অৱ গ্ল’বেল ৱাৰ্মিং”-ৰ লগত যুক্ত হয়। এই ছবিখনক প্ৰস্তুত কৰি অংশগ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছিল এই উদ্দেশ্যত যে, দৰ্শকসকলৰ মাজত ব্যাপক হাৰত গ্ল’বেল ৱাৰ্মিং আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ত বাৰ্তা প্ৰেৰণ কৰা। মই ভাবোঁ যে, দ্বিতীয় স্থান অধিকাৰ কৰি বিজয়ী হোৱাৰ ফলত মই গোটই পৃথিৱীত নিজৰ কাম বিয়পাই দিব পাৰিম।” ছৰৱৰ হুছেইনৰ ইনষ্টাগ্ৰাম বায়’ত থকা তথ্য অনুসৰি, ছৰৱৰ হুছেইন ডকুমেণ্টাৰি ফট’গ্ৰাফাৰ হয়। 

ভাইৰেল ছবিৰ লগত মিল থকা ছবি আমি monovisionsawards.com-ৰ ৱেবছাইট-তো দেখা পাইছোঁ।

আমি ছবিখনক বাংলাদেশৰ ৰিউমাৰ স্কেনাৰ-ৰ ফেক্ট চেকাৰ তনৱীৰ মহতাব আবিৰৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। তেওঁ কৈছে যে ছবিখন পুৰণি হয়।

তদন্তৰ পৰৱৰ্তী পৰ্যায়ত আমি বাংলাদেশত হোৱা বানপানীক লৈয়ো ছাৰ্চ কৰিছিলোঁ। আমি 26 আগষ্ট 2024-ত দৈনিক জাগৰণৰ ৱেবছাইট-ত এটা বাতৰি দেখা পাইছোঁ। তাত থকা তথ্য অনুসৰি, “ৰাজনৈতিক অস্থিৰতাৰ পাছত এতিয়া বানপানীৰ ফলত অৱস্থা জুৰুলা হৈছে। বহু কেইখন অঞ্চল এতিয়া বানপানীৰ কবলত। এতিয়ালৈ ইয়াত বানপানীৰ ফলত 20 জন মানুহৰ মৃত্যু হৈছে, 50 লাখ মানুহ বানপানীৰ কবলত পৰিছে।” 

বাংলাদেশ সম্বন্ধীয় বিশ্বাস নিউজৰ ফেক্ট চেক ৰিপ’ৰ্টছ ইয়াত পঢ়ি চাব পাৰে।

সদৌ শেষত আমি সেই পেজ-ক স্কেন কৰিছিলোঁ, য’ত ছবিখন শ্বেয়াৰ কৰা হৈছিল। তেতিয়া গম পালোঁ যে, সেই পেজ-ক 163K মানুহে ফলো কৰি থাকে। 

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, পানীত নামাজ কৰি মানুহৰ ছবিখন 2021-ৰ সাতক্ষীৰাৰ হয়। সেই ছবিখনক কিছুমান মানুহে এতিয়া বাংলাদেশৰ শেহতীয়া অৱস্থাৰ সৈতে যুক্ত কৰি বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে। এই ছবিখনৰ সৈতে শেহতীয়া কোনো ঘটনাৰ সম্বন্ধ নাই।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস