বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন ৰূপান্তৰিত কৰা হৈছে। প্ৰকৃত ছবিখনত এ বি ডি ভিলিয়ৰ্ছে হাতত ভগৱান গণেশৰ মূৰ্তি নহয়, ট্ৰফী এটাহে ধৰি আছিল।
বিশ্বাস নিউজ (নতুন দিল্লী) । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন এ বি ডি ভিলিয়ৰ্ছৰ এখন ছবি বিশ্বব্যাপী গণেশ উৎসৱৰ মাজত ভাইৰেল হৈ আছে য’ত তেওঁক হাতত ভগৱান গণেশৰ প্ৰতিমূৰ্তি ধৰি থকা দেখা গৈছে। ছবিখন বিশ্বাস নিউজৰ অনুসন্ধানত এয়া সম্পাদনা কৰা বুলি প্ৰমাণিত হৈছে। প্ৰকৃত ছবিখনত এ বি ডি ভিলিয়ৰ্ছে হাতত ভগৱান গণেশৰ মূৰ্তি নহয়, ট্ৰফী এটাহে ধৰি আছিল।
কি এই ভাইৰেল পোষ্ট?
টুইটাৰ ব্যৱহাৰকাৰী কেভিন ডি ভিলিয়ৰ্ছে 10 ছেপ্টেম্বৰ, 2021 তাৰিখে ভাইৰেল ফটোখন শ্বেয়াৰ কৰি লিখিছিল, “Good morning and #HappyGaneshChaturthi to all my friends 🥳🥳”
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে প্ৰথমে অনুসন্ধান কৰিবলৈ ভাইৰেল ফটোত গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিল। আমি ছবিখন ICC ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আপলোড কৰা দেখিছিলো। ২০১৭ চনৰ ৩ জুনত ইয়াত আপলোড কৰা ছবিখনত এ বি ডি ভিলিয়ৰ্ছৰ হাতত ট্ৰফী আছিল।
https://twitter.com/ICC/status/870882744326160384/photo/1
icc cricket.com ত উল্লেখিত এক বাতৰিতো আমি এই ফটোখন দেখিবলৈ পাইছিলোঁ। ইয়াতো এ বি ডি ভিলিয়ৰ্ছৰ হাতত এখন ট্ৰফী আছিল। ছবি দুখনৰ মাজৰ সাদৃশ্য তলৰ কোলাজত দেখা গৈছে।
আমি এই সন্দৰ্ভত দৈনিক জাগৰণ ডিজিটেলৰ ক্ৰীড়া মুৰব্বী বিপ্লৱ কুমাৰৰ সৈতে যোগাযোগ কৰিছো। এই ছবিখনৰ বিষয়ে সোধাত তেওঁ আমাক কৈছিল” এয়া হৈছে 2017 চনত খেলা চেম্পিয়নছ ট্ৰফী টুৰ্ণামেণ্টৰ সময়ত তোলা এখন ছবি। দক্ষিণ আফ্ৰিকা দলৰ অধিনায়কত্ব কৰা এ বি ডি ভিলিয়ৰ্ছে বাকী অধিনায়কসকলৰ দৰে ট্ৰফীৰ সৈতে ফটো তুলিছিল। এইটো এতিয়া ট্ৰফীৰ পৰিৱৰ্তে গণেশৰ মূৰ্তিৰ সৈতে পোষ্ট কৰা হৈছে। “
ইণ্টাৰনেটত এটা কীৱৰ্ড অনুসন্ধানত, আমি এনে কোনো খবৰ পোৱা নাছিলো য’ত এ বি ডি ভিলিয়ৰ্ছে গণেশ উৎসৱ উদযাপন কৰাৰ কথা কৈছিল।
এতিয়া টুইটাৰত পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী ‘কেভিন ডি ভিলিয়ৰ্ছ’ৰ প্ৰ’ফাইল স্কেন কৰাৰ সময় আহি পৰিছিল। প্ৰ’ফাইলটো স্কেন কৰাৰ পিছত আমি দেখিছিলো যে এইটো এটা অনুৰাগীৰ একাউণ্ট। ব্যৱহাৰকাৰীজনৰ ৭১৯ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন ৰূপান্তৰিত কৰা হৈছে। প্ৰকৃত ছবিখনত এ বি ডি ভিলিয়ৰ্ছে হাতত ভগৱান গণেশৰ মূৰ্তি নহয়, ট্ৰফী এটাহে ধৰি আছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ