X
X

Fact Check: প্ৰধানমন্ত্ৰী মোডীৰ ভেটিকান ভ্ৰমণৰ এই ছবি সম্পাদনা কৰি ভুৱা প্ৰচাৰৰ উদ্দেশ্যৰে ভাইৰেল কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেটিকান চিটি ভ্ৰমণৰ সময়ত তেওঁৰ চৰকাৰী বাহনৰ কনভয়ত টেক্সি ব্যৱহাৰ কৰাৰ দাবী মিছা আৰু ভুৱা প্ৰচাৰ। প্ৰধানমন্ত্ৰী মোডীৰ ভেটিকান চিটিত পোপ ফ্ৰান্সিছক লগ কৰিবলৈ চৰকাৰী ভ্ৰমণৰ ছবিখন মিছা দাবীৰে প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে সম্পাদনা কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালী ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ভেটিকান চিটি ভ্ৰমণ কৰে আৰু পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰে। তেওঁৰ এই সৌজন্যমূলক সাক্ষাৎৰ বিষয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা কেইবাখনো বেলেগ বেলেগ ছবিৰ সৈতে ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোডীক ভেটিকানলৈ লৈ যোৱাৰ বাবে এখন টেক্সিৰ ব্যৱস্থা কৰা হৈছিল। ভাইৰেল ছবিখনত প্ৰধানমন্ত্ৰী মোডীক ভেটিকানলৈ লৈ যোৱা ভক্সৱাগন গাড়ীখনৰ ওপৰত TEXI লিখা দেখা গৈছে।

আমি আমাৰ অনুসন্ধানত পাইছিলো যে ভাইৰেল ছবিখন সম্পাদনা কৰা হৈছে যিটো প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যৰে ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে চৰকাৰী বাহনৰ কনভয় লৈ ভেটিকানত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী মোডী ভেটিকানত উপস্থিত হোৱা ভক্সৱাগন গাড়ীখনৰ ছবিখন টেক্সী বুলি অভিহিত কৰি প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে সম্পাদনা কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণত জড়িত বাহনৰ কনভয় চৰকাৰী আছিল আৰু ইয়াত যিকোনো ৰাজহুৱা বাহন অন্তৰ্ভুক্ত কৰাৰ দাবী মিছা আৰু অযুক্তিকৰ।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ ‘Prakashpunj Pandey’ এ ভাইৰেল ফটোখন (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, ”ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে বিদেশৰ ভূমিত টেক্সি লোৱাটো দেশৰ বাবে অপমান জনক নহয় নেকি? #প্ৰশ্নদেশৰ।”

ঠিক তেনেদৰে আন এগৰাকী ফে’চবুক ইউজাৰ ‘Ravi Bhushan’ এ এই ফটোখন শ্বেয়াৰ কৰি (আৰ্কাইভ লিংক) লিখিছে, ”এগৰাকী প্ৰধানমন্ত্ৰীক আদৰিবলৈ এখন টেক্সি???
এতিয়া কি উৰাজাহাজত নিজৰ চাৰিচকীয়া বাহন লৈ ফুৰিব লাগিব নেকি?”

অনুসন্ধান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ অক্টোবৰত ৰোমত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হৈছিল। তেওঁ তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা ৰোম পোৱাৰ তথ্য সকলোৰে বাবে শ্বেয়াৰ কৰিছিল।

https://twitter.com/narendramodi/status/1453938272867020803?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1453938272867020803%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check these images of pm modi official visit of vatican city in rome is edited and altered%2F

বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৯ ৰ পৰা ৩১ অক্টোবৰলৈ ৰোমতে থাকে। তেওঁ ইটালীৰ ৰাজধানী ৰোমত জি-২০ ৰাষ্ট্ৰপ্ৰধানসকলৰ এখন বৈঠকত ভাষণ দিয়াৰ উপৰিও ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ ড্ৰাগিকো সাক্ষাৎ কৰে। ইয়াৰ পিছতে তেওঁ পোপ ফ্ৰান্সিছক লগ কৰিবলৈ ভেটিকান ভ্ৰমণ কৰিছিল।

সংবাদ সংস্থা ANI ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলেও তেওঁৰ ভেটিকান ভ্ৰমণৰ এখন ফটো শ্বেয়াৰ কৰিছিল। ভাইৰেল পোষ্টটোত দুখন বেলেগ বেলেগ ছবি ব্যৱহাৰ কৰা হৈছে।

ছ’চিয়েল মিডিয়াত প্ৰথম ফটো ভাইৰেল

২০২১ চনৰ ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীৰ ভেটিকান ভ্ৰমণৰ ফটো আৰু ভিডিঅ’ সংবাদ সংস্থা ANI ৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা হৈছে। এই টুইটবোৰৰ এটাত আমি এই ছবিখনো পাইছিলো।

https://twitter.com/ANI/status/1454355693142564865?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1454355693142564865%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check these images of pm modi official visit of vatican city in rome is edited and altered%2F

দুয়োখন ছবিলৈ চাই, এইটো স্পষ্ট যে প্ৰধানমন্ত্ৰী মোডীৰ বাহনৰ কনভয়ৰ ছবিত ভক্সৱাগনৰ গাড়ীখন (য’ত প্ৰধানমন্ত্ৰী মোডী বহি আছিল) সম্পাদনা কৰা হৈছে আৰু তাৰ ওপৰত এখন টেক্সি প্লেট ৰখা হৈছে।

ছ’চিয়েল মিডিয়াত দ্বিতীয় খন ফটো ভাইৰেল

আমি সংবাদ সংস্থা ANI ৰ টুইটাৰ হেণ্ডেলৰ পৰা ২০২১ চনৰ ৩০ অক্টোবৰত শ্বেয়াৰ কৰা ছবিবোৰতো এই ছবিখন পাইছিলো।

https://twitter.com/ANI/status/1454335010438144009?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1454335010438144009%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check these images of pm modi official visit of vatican city in rome is edited and altered%2F

দুয়োখন ছবিলৈ চাই, এইটো স্পষ্টভাৱে অনুমান কৰিব পাৰি যে ভাইৰেল ছবিখন সম্পাদনা কৰা হৈছে।

সংবাদ সংস্থা ANI য়ে ৩০ অক্টোবৰত ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এই ১ মিনিট ১৮ ছেকেণ্ডৰ ভিডিঅ’টোত, প্ৰধানমন্ত্ৰী মোডীৰ কনভয়টোৱে চহৰত প্ৰৱেশ কৰা দেখা যায় আৰু ইয়াত কোনো টেক্সি ষ্টেণ্ড দেখা যোৱা নাই।

https://twitter.com/ANI/status/1454336448857997313?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1454336448857997313%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check these images of pm modi official visit of vatican city in rome is edited and altered%2F

তেওঁৰ ভেটিকান ভ্ৰমণৰ ভিডিঅ’ ANI ৰ ইউটিউব চেনেলত দেখা গৈছে। ভিডিঅ’টোত তেওঁৰ বাহনৰ কনভয় ভেটিকান চিটিত প্ৰৱেশ কৰা দেখা গৈছে।

প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ আৰু ইয়াত ব্যৱহৃত বাহনৰ কনভয়ৰ বিষয়ে স্থাপিত প্ৰট’কল সন্দৰ্ভত বুজ ল’বলৈ আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব পিনাক ৰঞ্জন চক্ৰৱৰ্তীৰ সৈতে যোগাযোগ কৰিছিলো। বিশ্বাস নিউজক তেওঁ কয়, “প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ লগতে সংশ্লিষ্ট দেশত তেওঁৰ চৰকাৰী কাৰ্যসূচী অনুসৰি প্ৰ’ট’কল অনুসৰি তেওঁৰ বাহনৰ কনভয়ৰ সিদ্ধান্ত লোৱা হয়। এক প্ৰতিষ্ঠিত প্ৰ’ট’কলৰ অধীনত প্ৰধানমন্ত্ৰীক সুৰক্ষা দিয়া দেশৰ সংস্থা আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লোৱা হয়। বাহন (বুলেটপ্ৰুফ আৰু অতিৰিক্ত অতিৰিক্ত বাহন) বাছনি কৰাৰ বাবে আৰু চালকে ইয়াক চলাই থকাৰ বাবে নিৰাপত্তা ৰক্ষাৰ অনুমতি আছে আৰু এইটোও এক প্ৰতিষ্ঠিত প্ৰক্ৰিয়া।” তেওঁ কৈছিল যে চৰকাৰী কনভয়ত টেক্সি ব্যৱহাৰ অযুক্তিকৰ।

নিষ্কৰ্ষঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেটিকান চিটি ভ্ৰমণৰ সময়ত তেওঁৰ চৰকাৰী বাহনৰ কনভয়ত টেক্সি ব্যৱহাৰ কৰাৰ দাবী মিছা আৰু ভুৱা প্ৰচাৰ। প্ৰধানমন্ত্ৰী মোডীৰ ভেটিকান চিটিত পোপ ফ্ৰান্সিছক লগ কৰিবলৈ চৰকাৰী ভ্ৰমণৰ ছবিখন মিছা দাবীৰে প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে সম্পাদনা কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later