X
X

Fact Check: অসমত গণপ্ৰহাৰত মৃত্যু হোৱা যুৱকজন মুছলমান নাছিল, যুৱকৰ মৃত্যুৰ ঘটনাক সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল

উপসংহাৰ – ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীক লৈ বিশ্বাস নিউজে কৰা তদন্তত এয়া মিছা বুলি প্ৰমাণিত হৈছে। ছ’চিয়েল মিডিয়াত দাবী কৰাৰ দৰে তিনিচুকীয়াত গণপ্ৰহাৰত মৃত্যু হোৱা লোকগৰাকী মুছলমান সম্প্ৰদায়ৰ নহয় আৰু তেওঁৰ বয়স ২৮ নহয় ৩৪ হে।

  • By: Rangman Das
  • Published: Jun 19, 2021 at 02:12 PM
  • Updated: Jun 19, 2021 at 03:09 PM

বিশ্বাস নিউজ (গুৱাহাটী):  শেহতীয়াকৈ অসমত পুনৰ বৃদ্ধি পাইছে গণপ্ৰহাৰৰ ঘটনা। বিগত ১২ জুনত অসমৰ তিনিচুকীয়া জিলাত এগৰাকী যুৱকক একাংশ লোকে প্ৰহাৰ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পিছে এই ঘটনাক এতিয়া একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সাম্প্ৰদায়িকতাৰ ৰূপ দি প্ৰচাৰ কৰা দেখা গৈছে। ডিজিটেল সংবাদ প্ৰতিষ্ঠান দ্য-ৱায়াৰে প্ৰকাশ কৰা এই ঘটনাৰ বাতৰিৰ লিংক শ্বেয়াৰ কৰি লিখা হৈছে – এগৰাকী মুছলমান লোকক একাংশ উন্মত্ত হিন্দু লোকে গৰু চুৰি কৰাৰ মিছা অপৰাধত মৰিয়াই মৰিয়াই হত্যা কৰিছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই বাতৰিটোৰ সৈতে কৰা দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। এই বাতৰিটোত উল্লেখ থকা ঘটনাটোত মৃত্যু হোৱা ব্যক্তিগৰাকী প্ৰকৃততে এগৰাকী হিন্দু সম্প্ৰদায়ৰ মৰাণ জনজাতিৰ লোক। লোকজনৰ নাম শৰৎ মৰাণ। তেওঁ মুছলমান লোক নহয়, আৰু লোকজনক প্ৰহাৰ কৰা লোকসকলো মুছলমান লোক নহয়। সাংবাদিক আৰু আৰক্ষীয়ে নিশ্চিত কৰা মতে এই ঘটনাত কোনো সাম্প্ৰদায়িক দিশ নাই।

কি এই ভাইৰেল পোষ্ট

Video’s & Story’s নামৰ এটা ফে’চবুক পে’জে এই ঘটনাৰ বিৱৰণী থকা বাতৰিৰ লিংক শ্বেয়াৰ কৰি লিখিছে – A 28-year-old Muslim man was beaten to death by a Hindutva mob on Saturday night in Assam after being falsely accused of cow theft.”। ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – এগৰাকী ২৮ বছৰীয়া মুছলমান যুৱকক শনিবাৰে নিশা অসমত একাংশ হিন্দুত্ববাদী লোকে গৰু চুৰি কৰা বুলি মিছা অপবাদ জাপি দি মৰিয়াই মৰিয়াই হত্যা কৰে।”

এই পোষ্টটোৰ ফে’চবুক লিংক ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে এই ভাইৰেল পোষ্টটোৰ সত্যতা নিৰূপণৰ বাবে ইংৰাজী আৰু অসমীয়া ভাষাৰ নিৰ্দ্দিষ্ট কী-ৱৰ্ডেৰে গুগলত ছাৰ্ছ কৰো। ইয়াতেই আমি ভালেমান বাতৰিৰ লিংক দেখিবলৈ পাও। ঘটনাৰ বিৱৰণী অনুসৰি, ১২ জুন, ২০২১ তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বাঘজান আৰক্ষী চকীৰ অন্তৰ্গত কাৰ্জঙা গাওঁত সংঘটিত হৈছিল এই ঘটনা। ইফালে ৩৪ বছৰীয়া যুৱক শৰৎ মৰাণ আছিল কৰ্দৈগুৰি গাওঁৰ লোক।

আমি এই সন্দৰ্ভত জানিবৰ বাবে অসমৰ জ্যেষ্ঠ সাংবাদিক তথা নিউজ এজেন্সি ANI ৰ উজনি অসমৰ সংবাদদাতা সুৰজিৎ গগৈৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনায়, “এই ঘটনাত মৃত্যু হোৱা লোকজন এগৰাকী হিন্দু আৰু মৰাণ জনগোষ্ঠীৰ যুৱক। তদুপৰি বিভিন্ন সংবাদ মাধ্যমত উল্লেখ কৰাৰ দৰে তেওঁ গৰু চোৰ নাছিল। ড্ৰাগছ আসক্ত যুৱকজনে লকডাউনৰ বাবে আৰ্থিক সংকটত পৰি যিকোনো বস্তু চুৰি কৰি বিক্ৰী কৰি চলি আহিছিল। সেই দিনাও কাৰ্জঙা গাওঁৰ এটা আদিবাসী পৰিয়ালৰ ঘৰত নিশা প্ৰায় ২ বজাত চুৰি কৰিবলৈ সোমাইছিল আৰু ধৰা পৰিছিল। ইয়াৰ পিছতে স্থানীয় লোকৰ আক্ৰমণত যুৱকজন গুৰুতৰভাৱে আহত হয়। কিন্তু ইয়াত কোনো হিন্দু মুছলমান বা গৰু চোৰৰ অভিযোগ ধৰণৰ ঘটনা নাই। মৃত যুৱকজন হিন্দু আৰু প্ৰহাৰ কৰা লোকসকলো মুছলমান নহয়।”

ইয়াৰ পিছতে আমি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান G P Singh এ এই সন্দৰ্ভত দিয়া স্পষ্টীকৰণ দেখিবলৈ পাইছিলোঁ। সেয়া তলৰ ছবিত দেখা গৈছে।

বিশ্বাস নিউজে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক পেজ Video’s & Story’s ৰ প্ৰ’ফাইল স্কেন কৰিছিল। বাতৰি লিখাৰ পৰলৈকে এই পেজটোক ১৯৯ গৰাকী লোকে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ উপসংহাৰ – ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীক লৈ বিশ্বাস নিউজে কৰা তদন্তত এয়া মিছা বুলি প্ৰমাণিত হৈছে। ছ’চিয়েল মিডিয়াত দাবী কৰাৰ দৰে তিনিচুকীয়াত গণপ্ৰহাৰত মৃত্যু হোৱা লোকগৰাকী মুছলমান সম্প্ৰদায়ৰ নহয় আৰু তেওঁৰ বয়স ২৮ নহয় ৩৪ হে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later