Fact Check : অলিম্পিক পদকধাৰী লাভলিনাৰ নামত আন ছোৱালীৰ ফটো ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধান মতে লাভলিনা বৰগোঁহাই বুলি ভাইৰেল হোৱা ফটোখন আন এগৰাকী ছোৱালীৰহে, তেওঁ লাভলিনা নহয়।

বিশ্বাস নিউজ (গুৱাহাটী) – শেহতীয়াকৈ সমগ্ৰ দেশজুৰি ট’কিঅ’ অলিম্পিক সন্দৰ্ভত ভালেমান ভুৱা বাতৰি ভাইৰেল হৈ পৰা দেখা গৈছে। এই ভাইৰেল ভুৱা বাতৰিত এইবাৰ সাঙোৰ খাই পৰিল বক্সিংত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনা বৰগোঁহাইৰ নাম। কিছুদিনৰ পৰা বিভিন্ন ছ’চিয়েল মিডিয়াত এখন ফটো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ফটোখনত এগৰাকী ছোৱালীয়ে হাতত কঠিয়া লৈ খেতিপথাৰৰ মাজত থিয় হৈ আছে। ছ’চিয়েল মিডিয়া ইউাজাৰসকলে এই ফটোখন লাভলিনা বৰগোঁহাইৰ বুলি দাবী কৰি শ্বেয়াৰ কৰি আছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি এই দাবী সম্পূৰ্ণৰূপে ভুৱা। এই ফটো লাভলিনাৰ নহয়, আন কোনো ছোৱালীৰহে।

কি এই ভাইৰেল পোষ্ট?

টুইটাৰ ইউজাৰ Ravi Kant Singh য়ে এই ভাইৰেল ফটোখন টুইট কৰি লিখিছে – Lovlina Borgohain … in Tokyo & at home! ইয়াৰ অসমীয়া অনুবাদ – লাভলিনা বৰগোঁহাই – টকিঅ’ত আৰু ঘৰত। ভাইৰেল ফটোখনৰ বাওঁফালে লাভলিনাই ট’কিঅ’ত থকা এখন ফটো ক’লাজ কৰি লগাই দিয়া হৈছে। ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান
বিশ্বাস নিউজ গুগল ৰিভাৰ্চ ইমেজ টুলৰ দ্বাৰা ভাইৰেল পোষ্টটো পৰীক্ষা কৰিছিল। ভাইৰেল ছবিখন বিচাৰি থাকোতে, ফে’চবুকত দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ এটা পোষ্ট দেখিবলৈ পাও। পোষ্টটোত তেওঁ লিখিছে – “অতি দুখিত হৈ আপোনালোক সকলোকে অবগত কৰাব লগা হৈছে যে যোৱা ২১জুলাইৰ দিনা মই এটা কবিতা (পথাৰত যৌৱন) তলত দিয়া ফটো খনৰ সৈতে প্ৰকাশ কৰিছিলোঁ৷ যোৱা দুদিনমানৰ পৰা Social mediaত এইখন লাভলীনাৰ ফটো বুলি প্ৰচাৰ হৈ আছে৷ এইখন আচলতে মোৰ ভতিজা ছোৱালীৰ ফটো।”

আমাৰ অনুসন্ধান আগবঢ়াই নিয়াৰ সময়ত আমাৰ হাতত আন এক গুৰুতৰ ভুৱা বাতৰি আহি পৰে। অসমৰ দুখনকৈ আগশাৰীৰ অসমীয়া বাতৰি কাকতেও এই ফটোখন লাভলিনাৰ সৰু কালৰ ফটো বুলি প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰি পিছদিনাই Corrigendum  দিবলগীয়া হৈছে। তলত বাতৰি কাকতৰ ক্লিপিং উল্লেখ কৰা হৈছে –

ইয়াৰ পিছতে আমি অলিম্পিক পদক জয়ী লাভলিনাৰ পৰিয়লৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁলোকে এই ফটো লাভলিনাৰ নহয় বুলি নিশ্চিতি প্ৰদান কৰে। তদুপৰি অসমৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক আব্দুল গণিৰ সৈতে আমি এই ফটো শ্বেয়াৰ কৰাত তেওঁ কয়, “লাভলিনাই পথাৰত কঠিয়া ৰুৱা ফটো এখন আমাৰ হাতত আছে। কিন্তু এই ভাইৰেল হোৱা ফটোখন লাভলিনাৰ নহয়।” সাংবাদিক আব্দুল গণিয়ে আমাক দিয়া লাভলিনাৰ ফটোখনত তলত দেখা গৈছে –

আমাৰ অনুসন্ধানৰ শেষ পৰ্যায়ত এই ভাইৰেল ফটো শ্বেয়াৰ কৰা টুইটাৰ ইউজাৰ ৰবি কান্ত সিং এগৰাকী দিল্লীৰ লোক আৰু তেওঁ এগৰাকী ‘ব্ৰডকাষ্ট প্ৰফেশ্যনেল’। আমাৰ এই বাতৰি লিখাৰ পৰলৈকে তেওঁৰ একাউণ্টত ২৪৬ গৰাকী ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধান মতে লাভলিনা বৰগোঁহাই বুলি ভাইৰেল হোৱা ফটোখন আন এগৰাকী ছোৱালীৰহে, তেওঁ লাভলিনা নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস