বিশ্বাস নিউজৰ অনুসন্ধানত উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ’ তথা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ থকা এটা ভিডিঅ’ উত্তৰ প্ৰদেশৰ বুলি কিছুমান লোকে ভাইৰেল কৰিছে।
নতুন দিল্লী (Vishvas News)। টি২০ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ৰ পিছৰে পৰা কেইবাটাও ভুৱা ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এতিয়া, এটা ভিডিঅ’ ভাইৰেল কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে পাকিস্তান জিন্দাবাদৰ শ্লোগান দিয়া একাংশ লোকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰহাৰ কৰিছে। বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰিছিল। জানিব পৰা গৈছে যে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ’টো বহু বছৰ পূৰ্বে জম্মু-কাশ্মীৰৰ নামতো ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টো ২০১৭ চনৰ পৰা ইণ্টাৰনেটত বিভিন্ন দাবীৰে ভাইৰেল হৈ আহিছে। আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্যই এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত কৰিছে।
ফেচবুক ব্যৱহাৰকাৰী সীমা চৌধুৰীয়ে ২৯ অক্টোবৰত তেওঁৰ একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল: ‘Fake Claim : পাকিস্তান জিন্দাবাদৰ শ্ল‘গান দিয়াৰ বাবে তেওঁলোকক উত্তৰ প্ৰদেশ চৰকাৰে আটক কৰিছে আৰু উত্তম-মধ্যম শোধাইছে, লগতে একাধিক ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ জয় মাননীয় মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশ চৰকাৰ, জয় যোগী বাবা জয়, জয় শ্ৰী ৰাম!
ফে’চবুক পোষ্টটো ইয়াত হুবহু অনুবাদ কৰা হৈছে। এই ভিডিঅ’টোকেই এতিয়া বু লোকে উত্তৰ প্ৰদেশৰ বুলি বিশ্বাস কৰি ভাইৰেল কৰিবলৈ লৈছে। ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।
বিশ্বাস নিউজ সৰ্বপ্ৰথমেই অনলাইনযোগে এই ভিডিঅ’ তথা পোষ্টৰ সত্যতা নিৰূপণৰ অনুসন্ধান আৰম্ভ কৰে। প্ৰথমে, ভাইৰেল ভিডিঅ’টো InVID টুলত আপলোড কৰি ইয়াৰ পৰা ভালেমান গ্ৰেব উলিয়াই লোৱা হ’ল। ইয়াৰ পিছতে সেইবোৰ Yandex চাৰ্চ ইঞ্জিনত আপলোড কৰি অনুসন্ধান আৰম্ভ কৰা হ’ল। ইয়াতেই আমি ইউটিউবত থকা আটাইতকৈ পুৰণি ভিডিঅ’টো বিচাৰি পাইছিলো। ১৫ এপ্ৰিল, ২০১৭ তাৰিখে ভিডিঅ’টো আপলোড কৰি ভাৰতীয় সেনাই কাশ্মীৰী ল’ৰাৰ বিৰুদ্ধে পাকিস্তান মুৰ্দাবাদৰ শ্ল’গান বলপূৰ্বক উত্থাপন কৰিছিল বুলি খবৰ পোৱা গৈছিল। সম্পৰ্কিত ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।
চাৰি বছৰ আগতে ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোৱে স্পষ্ট কৰি দিছিল যে কেইদিনমান আগতে ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল আৰু পাকিস্তানৰ বিজয়ৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। একেদৰে, ভিডিঅ’টোৰ সৈতে উত্তৰ প্ৰদেশৰো কোনো সম্পৰ্ক নাই।
অনুসন্ধান অব্যাহত ৰাখি, আমি আন প্লেটফৰ্মতো ভিডিঅ’টো বিচাৰি পাইছিলোঁ। মূল ভিডিঅ’টো অল পাৰ্টিজ হুৰিয়ত কনফাৰেন্সৰ অধ্যক্ষ মিৰৱাইজ ওমৰ ফাৰুকৰ টুইটাৰ হেণ্ডেলতো দেখা গৈছিল। ইয়াক ১৫ এপ্ৰিল, ২০১৭ তাৰিখে পোষ্ট কৰা হৈছিল। ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব।
অনুসন্ধানৰ সময়ত, আমি কিছুমান পুৰণি বাতৰিতো ভাইৰেল ভিডিঅ’টো দেখিবলৈ পাইছিলো। ১৫ এপ্ৰিল, ২০১৭ তাৰিখে ScoopWhoop ৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদনতো একেটা ভিডিঅ’ ব্যৱহাৰ কৰি ইয়াক কাশ্মীৰৰ বুলি উল্লেখ কৰা হৈছিল। বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।
বিশ্বাস নিউজে স্বতন্ত্ৰভাৱে এই ভিডিঅ’টো নিশ্চিত নকৰে। কিন্তু এটা কথা সত্য যে ভিডিঅ’টো অতিকমেও চাৰি বছৰ পুৰণি। এই ভিডিঅ’টো ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ আহিছে।
উল্লেখ্য যে, টি-২০ বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পিছত দেশৰ বহু ঠাইত পাকিস্তানৰ সমৰ্থনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছত আৰক্ষীয়েও গোচৰ ৰুজু কৰিছে। ২৮ অক্টোবৰত আজ টক ৱেবছাইটত এই সন্দৰ্ভত এটা বাতৰিও প্ৰকাশ কৰা হৈছিল। এই বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিৰ।
তদন্তটো আগবঢ়াই বিশ্বাস নিউজে কাশ্মীৰৰ দৈনিক জাগৰণৰ জ্যেষ্ঠ সাংবাদিক নবীন নৱাজৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে ভাইৰেল ভিডিঅ’টোৰ পাকিস্তানৰ বিজয়ৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টো বহু বছৰ ধৰি ইণ্টাৰনেট মাধ্যমত ভাইৰেল হৈ আছে।
অনুসন্ধানৰ শেষত, বিশ্বাস নিউজে ভুৱা পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰিছিল। ফে’চবুক ব্যৱহাৰকাৰী এইগৰাকী সীমা চৌধুৰী দিল্লীৰ বাসিন্দা। তেওঁৰ একাউণ্টৰ সৈতে ৬০০০ ৰো অধিক লোক আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত উত্তৰ প্ৰদেশৰ নামত ভাইৰেল হোৱা ভিডিঅ’ তথা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৭ চনৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ থকা এটা ভিডিঅ’ উত্তৰ প্ৰদেশৰ বুলি কিছুমান লোকে ভাইৰেল কৰিছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ