Fact Check: ‘ব্লু জাভা’ কল বুলি ভাইৰেল হোৱা ফটো ভুৱা

উপসংহাৰ: ‘ব্লু জাভা’ প্ৰকাৰৰ কলৰ নামত ভাইৰেল হৈ থকা ছবিখন ভুৱা। এই প্ৰকাৰৰ কল আন কলৰ দৰে একে, ভাইৰেল ছবিখনত দেখুওৱাৰ দৰে গাঢ় নীলা নহয়। এই কলৰ ভিতৰভাগ আন কলৰ প্ৰকাৰৰ দৰেই বগা।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছচিয়েল মিডিয়াত শেহতীয়াকৈ এটা পোষ্ট ভাইৰেল হৈ আছে য’ত ‘ব্লু জাভা’ নামৰ এবিধ কলৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে। ছবিখনত দেখা কলটো গাঢ় নীলা হিচাপে দেখুওৱা হৈছে আৰু দাবী কৰা হৈছে যে ‘ব্লু জাভা’ প্ৰকাৰৰ কল নীলা ৰঙৰ আৰু বাকলিৰ ভিতৰত থকা খোৱা অংশটোও একেদৰে গাঢ় নীলা ৰঙৰ।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছে যে ‘ব্লু জাভা’ প্ৰকাৰৰ নামত ভাইৰেল হৈ থকা ছবিখন ভুৱা। এইটো সঁচা যে ‘ব্লু জাভা’ হৈছে এক ভিন্ন ধৰণৰ কল, কিন্তু ই গাঢ় নীলা কল নহয়, যিটো ভাইৰেল ছবিখনত দেখা গৈছএ। একে সময়তে, এই কলৰো ভিতৰভাগ আন কলৰ দৰেই বগা।

কি এই ভাইৰেল পোষ্ট?

daily_news_hub নামৰ এটা ইনষ্টাগ্ৰাম পেজে এই ভাইৰেল ফটোখন (আৰ্কাইভ লিংক) পোষ্ট কৰি লিখিছে, ‘‘ব্লু জাভা কলৰ সোৱাদ ভেনিলা আইচক্ৰীমৰ লেখীয়া।” ভাইৰেল ছবিখনত কলটো গাঢ় নীলা হিচাপে দেখুওৱা হৈছে। আনকি ছবিখনত কলৰ ভিতৰভাগো নীলা দেখা গৈছে।

বিভিন্ন সামাজিক মাধ্যমৰ মঞ্চত আন বহুতো ব্যৱহাৰকাৰীয়ে একে আৰু একে ধৰণৰ দাবীৰে ছবিখন শ্বেয়াৰপ কৰি আহিছে।

অনুসন্ধান

ইণ্টাৰনেটত আমি কৰা এটা অনুসন্ধানত প্ৰকাশ পাইছিল যে ‘ব্লু জাভা’ হৈছে এক প্ৰকাৰৰ কল, যি ইয়াৰ মিঠা সুগন্ধি সোৱাদৰ বাবে জনাজাত। ইয়াৰ উৎপত্তি মূলতঃ দক্ষিণ-পূব এছিয়াত। ইয়াৰ খেতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই আৰু ফিজি ৰাজ্যতো কৰা হয়। ইয়াক বিভিন্ন নামেৰে জনা যায় যেনে ‘ব্লু বানানা’, ‘আইচক্ৰীম মেকিং’, ‘হাৱাইন বানানা’, ‘নে মান্নান’, ‘ক্ৰীম’ বা ‘চেনিজো’। স্পষ্টকৈ, ‘ব্লু জাভা’ হৈছে এবিধ ভিন্ন ধৰণৰ কল, যাৰ খেতি পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহুলভাৱে কৰা হয়।

আমাৰ অনুসন্ধানত আমি এনেধৰণৰ বহু পৃথক (আৰ্কাইভ লিংকপৃথক ( আৰ্কাইভ লিংক) বাতৰিৰ প্ৰতিবেদন দেখিবলৈ পাইছিলো, য’ত ভাইৰেল হৈ থকা ফটোখন ব্যৱহাৰ কৰা হৈছে। ভাইৰেল ছবিখনৰ সৈতে কৰা দাবীৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিলোঁ। অনুসন্ধানত, আমি ১৩ জানুৱাৰী, ২০২০ তাৰিখে ইউটিউবত আপলোড কৰা এটা ভিডিঅ’ পাইছিলো।

‘Weird Explorer’  নামৰ এটা প্ৰমাণীকৃত (Verified) ইউটিউব চেনেলৰ এটা ভিডিঅ’ত, জেৰ্ফ ৰেডালেকক এই প্ৰকাৰৰ প্ৰজাতিৰ কলৰ বিষয়ে ভাইৰেল দাবী খণ্ডন কৰা দেখা গৈছে, শুনা গৈছে।

ৰেডেলেকৰ মতে, এই প্ৰকাৰৰ কেঁচা কলৰ বাহিৰৰ আৱৰণ উজ্জ্বল নীলা ধৰণৰ হয়, কিন্তু ই ভাইৰেল ছবিখনত দেখা পোৱাৰ দৰে নহয়। দ্বিতীয়তে, ইয়াৰ ভিতৰৰ অংশটো আন কলৰ দৰেই বগা, ছবিখনত দেখুওৱাৰ দৰে নীলা নহয়। তেওঁ ভিডিঅ’টোত ‘ব্লু জাভা’ প্ৰকাৰৰ কলৰ সোৱাদ লোৱাও দেখা গৈছে। তেওঁ কৈছে, “ইয়াৰ সোৱাদ ভেনিলা আইচক্ৰীমৰ দৰে বুলি দাবী কৰাটোও ভুল। কিন্তু ই নিশ্চিতভাৱে ক্ৰীমৰ দৰে সোৱাদৰ হয়।’

এই ইউটিউব ভিডিঅ’টোৰ বৰ্ণনাত, আমি ফল বিক্ৰী কৰা ৱেবছাইটটোৰ  URL পাইছিলোঁ, য’ত আমি আন বহুতো প্ৰকাৰৰ কলৰ সৈতে ‘ব্লু জাভা’ৰ এখন ছবিও দেখিবলৈ পাইছিলোঁ। ইয়াত থকা ছবিখনৰো ভাইৰেল হৈ থকা ছবিখনৰ সৈতে মিল নাই। ৱেবছাইটত থকা ছবিখনত কেঁচা কলৰ বাহিৰৰ অংশটো পাতল নীলা দেখা গৈছে, কিন্তু ই ভাইৰেল ছবিখনত দেখাৰ দৰে একে নহয়।

তাৰ পিছত আমি ইণ্টাৰনেটত ফলৰ ৱেবছাইট আৰু অনলাইন কিতাপ স্কেন কৰিছিলোঁ, যাৰ ভিতৰত আছে ফ্লৰিডা বেষ্ট ফ্ৰুট এণ্ড প্লাণ্ট, উই দা ইটাৰ, ফুড এণ্ড ৱাইন আৰু মডাৰ্ণ ফুড চাৰ্ভিচ ক্ৰয়, য’ত ‘ব্লু জাভা’ কলৰ বিভিন্নতা আৰু সোৱাদৰ বিষয়ে তথ্য আছিল, কিন্তু ইয়াতো আমি তেনে কোনো ছবি পোৱা নাছিলোঁ, যিটো ভাইৰেল ছবিখনত দেখা গৈছে।

আমি growables.org ৱেবছাইটত বিভিন্ন প্ৰকাৰৰ কলৰ তথ্য আৰু ছবিও পাইছিলোঁ। ইয়াতো, ‘ব্লু জাভা’ কলৰ ছবিখন সাধাৰণ কলৰ দৰে একেই দেখা গৈছিল। ৱেবছাইটটোৰ মতে, ‘ব্লু জাভা প্ৰকাৰৰ কলক আইচক্ৰীম বুলিও কোৱা হয়। ইয়াৰ আন নামটো ওপৰত উল্লেখ কৰা অনুসৰি একে।

ৱেবছাইটত দিয়া তথ্য অনুসৰি, ‘ব্লু জাভা কল ৰান্ধিলে হালধীয়া হৈ পৰে আৰু ভিতৰখন আন কলৰ দৰে বগা ক্ৰীমি যেন লাগে। ‘

আমি ড. এম.কে.-ৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিলোঁ। ভাইৰেল ছবিখন ভুৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘কলৰ বাহিৰৰ বাকলি পচি যোৱাৰ পিছত সদায় সেউজীয়া, হালধীয়া বা ক’লা হয়। বাকলিটো কেতিয়াও গাঢ় নীলা ৰঙৰ নহয়। আৰু, কলৰ ভিতৰভাগ সদায় বগা হয়। এই অংশটো কেতিয়াও নীলা নহয় যিদৰে ই ফটোখনত দেখা গৈছএ। তেওঁ কয়, “কেতিয়াবা কৃষকসকলেও সামাজিক মাধ্যমৰ ছবিৰ দ্বাৰা বিভ্ৰান্ত হৈ আমাৰ ওচৰলৈ আহে আৰু একে ধৰণৰ কলৰ উৎপাদনৰ বাবে সহায় বিচাৰে।’

উল্লেখ্য যে ভুল দাবীৰ সৈতে ভাইৰেল ছবিখন শ্বেয়াৰ কৰা পেজটোক ইনষ্টাগ্ৰামত দুই লাখতকৈও অধিক লোকে অনুসৰণ কৰিছে।

নিষ্কৰ্ষঃ উপসংহাৰ: ‘ব্লু জাভা’ প্ৰকাৰৰ কলৰ নামত ভাইৰেল হৈ থকা ছবিখন ভুৱা। এই প্ৰকাৰৰ কল আন কলৰ দৰে একে, ভাইৰেল ছবিখনত দেখুওৱাৰ দৰে গাঢ় নীলা নহয়। এই কলৰ ভিতৰভাগ আন কলৰ প্ৰকাৰৰ দৰেই বগা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস