Fact Check : ৱাৰ্ল্ড কাপ ফাইনালৰ পিছত ৰোহিত শৰ্মা, শামী আৰু পেট কমিন্স-এ পিএম মোডিৰ চৰণ স্পৰ্শ কৰা ছবিখন ভুৱা
পিএম মোডিৰ লগত ৰোহিত শৰ্মা, শামী আৰু অল্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক কমিন্সৰ বিভিন্ন ভাইৰাল ছবি এডিট কৰা হয়। ভিউ আৰু উদ্বেগ বঢ়াবলৈ এই ছবিসমূহক ভিডিঅ’ত ব্যৱহাৰ কৰা হৈছে। এই সমূহৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই।
- By: Sharad Prakash Asthana
- Published: Nov 23, 2023 at 02:16 PM
নতুন দিল্লী (বিশ্বাস নিউজ)।ক্ৰিকেট ৱাৰ্ল্ড কাপ ফাইনালৰ পিছত সামাজিক মাধ্যমত ৰোহিত শৰ্মা, ম. শামী আৰু অস্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কমিন্সৰ লগত পিএম মোডিৰ বিভিন্ন ছবি ভাইৰাল হৈ আছে। এইসমূহক শ্বেয়াৰ কৰি দাবি কৰা হৈ আছে যে, ৰোহিত, শামী আৰু পেট কমিন্সে পিএম মোডিৰ চৰণ স্পৰ্শ কৰিছে।
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ছবিখন এডিট কৰা হৈছে। ভাৰত-অস্ট্ৰেলিয়া খেলৰ পিছত পিএম নৰেন্দ্ৰ মোডি ডাঙৰিয়াই ড্ৰেছিং কক্ষত যাই ভাৰতীয় দলৰ খেলুৱৈসকলৰ মনবল বৃদ্ধি কৰিছিল। এই সময়ত তেঁও শামীক দুই বাহুত সাবটি তেঁওৰ প্ৰশংসা কৰিছিল।
ভাইৰাল পোষ্টটো কি
ফেচবুক ব্যৱহাৰকাৰী ‘এলএচ মীনা’-ই 20 নভেম্ৱৰত ৰীল পোষ্ট(আৰ্কাইভ লিঙ্ক) কৰি দাবি কৰিছে যে, ভাৰতীয় দলৰ পৰাজয়ৰ পিছত ৰোহিত শৰ্মাই পিএম মোডিৰ চৰণ স্পৰ্শ কৰি তেঁওক স্বাগত জঁনাইছিল।
অইন এজন ফেচবুক ব্যৱহাৰকাৰী ‘হেমিঙ্গ’ হিন্দি’ (আৰ্কাইভ লিঙ্ক)এ 20 নভেম্ৱৰত ভিডিঅ’ পোষ্ট কৰি লিখিছে যে,
“চাওক শামীয়ে মোডিৰ চৰণ স্পৰ্শ কৰাৰ বাবে তেঁও, শামীক বুকুত সাবটি ল’লে, এয়া চাই খঙত লালকাল হাচিন জাহান-এ ক’লে এই সাৰ কথা, যি শুনি আচৰিত হ’ব”
ভিডিঅ’ত কোৱা হৈছে যে, “ফাইনাল খেলৰ পিছত পিএম মোডিয়ে ড্ৰেছিং কক্ষত শামীক লগ কৰিলে। এই সময়ত শামীয়ে মোডি ডাঙৰিয়াৰ চৰণ স্পৰ্শ কৰিলে। ইয়াৰ পিছত হাচিন জাহানে ক’লে যে, শামীয়ে যিদৰে পিএম মোডিৰ চৰণ স্পৰ্শ কৰিলে, সেইটো এজন মুছলিম হিচাপে সঠিক নহয়।“
আকৌ Cricket Exchange নামৰ এটা ইউটিউব চেনেলে (আৰ্কাইভ লিঙ্ক) 20 নভেম্ৱৰত এটা ভিডিঅ’ আপল’ড কৰিলে। তাত পেট কমিন্সক পিএম মোডিৰ চৰণ স্পৰ্শ কৰি থকা অৱস্থাত দেখা পোৱা যায়।
তদন্ত
আমি তিনিটা দাবি একে একে নিৰীক্ষণ কৰিলোঁ।
প্ৰথম ভিডিঅ’
পুনপ্ৰথমতে আমি ৰোহিত শৰ্মা আৰু পিএম মোডিৰ নামত ভাইৰাল ভিডিঅ’ চালু। ইয়াত ভাইৰাল দাবি কৰা কিফ্ৰেম সন্দৰ্ভত আমি কিৱাৰ্ডৰ জৰিয়তে বিছাৰিলোঁ। অস্মিত স্প’ৰ্টস নামৰ এখন ইউটিউব চেনেলত 20 নভেম্ৱৰৰ এখন ভিডিঅ’ আপল’ড হোৱা পালো। ইয়াত ভাইৰাল ছবিৰ লগত মিল থকা ছবি দেখা পোৱা গৈছে।
দুখন ছবিত পিএম মোডিক দেখা পোৱা গৈছে যদিও, ইউটিউবৰ ছবিত ৰোহিত শৰ্মা নাছিল।
কৃষি জাগৰণ বিজনেছৰ ইউটিউব চেনেলত 20 নভেম্ৱৰত আপল’ড হোৱা ভিডিঅ’ৰ আৰম্ভনিত ভাইৰাল কিফ্ৰেমটোক দেখা পোৱা গৈছে। ইয়াত পিএম মোডিক দেখা পোৱা গৈছে কিন্তু ৰোহিত শৰ্মা নাই।
ইয়াৰ পৰা গম পোৱা যায় যে, ভাইৰাল ছবি এডিট কৰা হয়।
দ্বিতীয় ভিডিঅ’
দ্বিতীয়খন ভিডিঅ’ত দাবি কৰা হৈছে যে, যেতিয়া পিএম মোডি ভাৰতীয় দলৰ মনবল বঢ়াবলৈ ড্ৰেছিং কক্ষত উপস্থিত হৈছিল তেতিয়া শামীয়ে তেঁওৰ চৰণ স্পৰ্শ কৰিছিল। ইয়াক লৈ হাচিন জাহানে শামীৰ ওপৰত অভিযোগ কৰিলে। ভাইৰাল দাবিৰ তদন্ত কৰিবলৈ আমি কিৱাৰ্ডৰ জৰিয়তে বিছাৰিলোঁ এএনআই-ৰ এক্স হেন্ডেলৰ তৰফৰ পৰা পিএম মোডি ভাৰতীয় দলৰ ড্ৰেছিং কক্ষত যোৱাৰ ভিডিঅ’ পোষ্ট কৰা হৈছিল। 21 নভেম্ৱৰত আপল’ড কৰা এই ভিডিঅ’খনত পিএম মোডিয়ে শামীক বুকুত সাবটা দেখা পোৱা গৈছে, কিন্তু ইয়াত শামীয়ে পিএম মোডিৰ চৰণ স্পৰ্শ কৰি থকা দেখা নাযায়।
পিএম মোডিৰ ইউটিউব চেনেলতও 21 নভেম্ৱৰত ইয়াৰ ভিডিঅ’ আপল’ড কৰা হৈছে। ইয়াতও পিএম মোডিক শামীয়ে সাবটা দেখা পোৱা যায়।
শামীয়ে তেঁওৰ ইনস্টাগ্ৰাম হেন্ডেলতও পিএম মোডিৰ লগত নিজৰ ছবি শ্বেয়াৰ কৰি লিখিছে যে, “দুৰ্ভাগ্যবশতঃ যোৱাকালি আমাৰ দিন নাছিল। আমি সম্পূৰ্ণ টুৰ্নামেন্টেৰ সময়চোৱাত আমাৰ দলৰ আৰু মোৰ সমৰ্থন কৰাৰ বাবে সকলো ভাৰতীয়ক ধন্যবাদ জঁনাব খোঁজো। বিশেষকৈ ড্ৰেছিং কক্ষত অহা আৰু আমাৰ উৎসাহ বঢ়োৱাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰিয়াৰ প্ৰতি কৃতজ্ঞ। আমি উভতিম!”
আমি কোনো মিডিয়া ৰিপ’ৰ্টতও এনে তথ্য নাপালো যাৰ জৰিয়তে ভাইৰাল দাবি নিশ্চিত কৰিব পাৰো। ইয়াৰ বাহিৰেও আমি কিৱাৰ্ডৰ জৰিয়তে হাচিন জাহানক লৈ কৰা দাবিৰ বিষয়ে বিছাৰিলোঁ। কিন্তু প্ৰকৃততে আমি এনে কোনো তথ্য নাপালো।
তৃতীয় দাবি
এটি অইন ভিডিঅ’ত দাবি কৰা হৈছে যে, পেট কমিন্সে পিএম মোডিৰ চৰণ স্পৰ্শ কৰিছে। ইয়াত ব্যৱহাৰ কৰা ছবিখন ৰোহিত শৰ্মাই পিএম মোডিৰ চৰণ স্পৰ্শ কৰা দাবিৰ লগতও ব্যৱহাৰ কৰা হৈছে। দুখন ছবিৰ মাজত অমিল মাত্ৰ এয়াই যে ছবিখনত অস্ট্ৰেলিয়াৰ খেলুৱৈ পেট কমিন্স নাই।
ইয়াৰ পৰা গম পোৱা যায় যে, এই ছবিখনও এডিট কৰা। এই সন্দৰ্ভত আমি দৈনিক জাগৰণৰ খেল সম্পাদক অভিষেক ত্ৰিপাঠীৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে “ভাইৰাল ছবিসমূহ এডিট কৰা হয়।“
ৰোহিত শৰ্মা আৰু পিএম মোডিৰ এডিট কৰা ছবি শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ প্ৰ’ফাইলক আমি স্কেন কৰিলোঁ। ভিলৱাড়াত বসবাসকাৰী ব্যৱহাৰকাৰীৰ 668 অমুসৰণকাৰী আছে।
ক্ৰিকেট এক্সচেঞ্জ নামৰ ইউটিউব চেনেলেও ৰোহিত শৰ্মাই পিএম মোডিৰ চৰণ স্পৰ্শ কৰাৰ দাবি কৰা ভুৱা ভিডিঅ’ও(আৰ্কাইভ লিঙ্ক) আপল’ড কৰিছে।
इस फैक्ट चेक को हिंदी में यहां पढ़ा जा सकता है।
নিষ্কৰ্ষঃ পিএম মোডিৰ লগত ৰোহিত শৰ্মা, শামী আৰু অল্ট্ৰেলিয়া ক্ৰিকেট দলৰ অধিনায়ক কমিন্সৰ বিভিন্ন ভাইৰাল ছবি এডিট কৰা হয়। ভিউ আৰু উদ্বেগ বঢ়াবলৈ এই ছবিসমূহক ভিডিঅ’ত ব্যৱহাৰ কৰা হৈছে। এই সমূহৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই।
- Claim Review : ৰোহিত শৰ্মাস শামী আৰু পেট কমিন্সে পিএম মোডিৰ চৰণ স্পৰ্শ কৰিছে।
- Claimed By : ফেচবুক ব্যৱহাৰকাৰী- এলএচ মীনা
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.