2021-ৰ মে মাহত গাজাৰ সমৰ্থনত লেবনানৰ মানুহে ইজৰাইল সীমান্তত থকা ৱালত বগাই প্ৰদৰ্শন কৰিছিল। সেইসময়ৰ ছবিখনক সম্প্ৰতিকালৰ ইজৰাইল-হামাছ সংঘৰ্ষৰ লগত যুক্ত কৰি ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
নতুন দিল্লী (বিশ্বাস নিউজ)। ইজৰাইল-হামাছ সংঘৰ্ষ চলি থকা অৱস্থাত সামাজিক মাধ্যমত এখন ছবি শ্বেয়াৰ কৰা হৈ আছে। তাত বহু মানুহক এখন ওখ ৱালত বগাই থকা দেখা গৈছে। ইয়াক শ্বেয়াৰ কৰি এই দাবি কৰা হৈছে যে মিশৰে গাজাৰ মুছলিমসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ 36 ফিটৰ ৱাল বনাই দিছে। গাজাৰ মানুহসকলে এই ৱাল পাৰ কৰি যোৱাৰ চেষ্টা কৰিছিল। ইয়াৰ মাধ্যমে ব্যৱহাৰকাৰীসকলে এটা সম্প্ৰদায়ৰ ওপৰত দোষ দি আছে।
বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, এই ছবিখন ইজৰাইল-লেবনান সীমান্তৰ হয়, মিশৰ-গাজা সীমান্তৰ নহয়। 2021-ৰ মে মাহত লেবনানৰ মানুহসকলে ইজৰাইলৰ সীমান্তবৰ্তী ৱালখনত বগাই গাজাৰ সমৰ্থনত প্ৰদৰ্শন কৰিছিল। সেই ছবিখনক সম্প্ৰতিকালৰ ইজৰাইল-হামাছ সংঘৰ্ষৰ লগত যুক্ত কৰি ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
বিশ্বাস নিউজৰ ৱাটচএপ টিপলাইন নম্বৰ +91 9599299372 –ত ব্যৱহাৰকাৰীয়ে এই পোষ্টখন পঠাই ইয়াৰ সত্যতা প্ৰমান কৰিবলৈ অনুৰোধ জঁনাইছে।
ফেচবুক ব্যৱহাৰকাৰী ‘বিৰাজ ৰেৱাডেকৰ‘-এ 23 অক্টোৱৰত এই ছবিখনক পোষ্ট(আৰ্কাইভ লিঙ্ক)কৰি লিখিছে,
“100 শতাংশ মুছলিম দেশ মিশৰে, গাজাৰ মুছলিমসকলক নিজৰ ক্ষেত্ৰত প্ৰৱেশ ৰোধ কৰিবলৈ 36 ফিটৰ ওখ ৱাল বনাই দিছে। এতিয়া গাজাৰ মুছলিমসকলে এই ওখ ৱাল পাৰ কৰি মিশৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। এয়া মুছলিম জগতৰ আটাইতকৈ ডাঙৰ ভাওনা। তেঁওলোকে নিবিছাৰে যে কোনো মুছলিম শৰনাৰ্থী তেওলোকৰ এলেকাত প্ৰৱেশ কৰে। আন হাতে, এই মুছলিম দেশসকলে অনা-মুছলিম দেশৰ পৰা বিছাৰে যে, সেইদেশসমূহে তেঁওলোকক মুক্ত মনেৰে আকোৱালি লওক। এয়া জিঅ’ পলিটিকাল জিহাদ হয়।
তদন্ত
ভাইৰাল দাবিৰ তদন্তৰ বাবে আমি এই ছবিখনক ইয়াণ্ডেক্স ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰিলোঁ। ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী mamiaceh31 -এ এই ছবিখনক 21 মে 2021-ত পোষ্ট কৰিছিল। এই পোষ্টখনৰ জৰিয়তে এয়াৰ সঠিক ঠাই জানিব পৰা নগ’ল যদিও, এয়া স্পষ্ট যে, এই ছবিখন সম্প্ৰতিকালৰ ইজৰাইল-হামাছ সংঘৰ্ষৰ লগত যুক্ত নহয়।
এজন ব্যৱহাৰকাৰী @ree_mii2002 এ 16 মে 2021-ত ইয়াৰ লগত জড়িত ভিডিঅ’ পোষ্ট (আৰ্কাইভ লিঙ্ক) কৰি লিখিছে যে, ইজৰাইলৰ ওপৰত আক্ৰমণৰ ভিডিঅ’। ফিলিস্তিন সীমান্তত লেবনানৰ মানুহ।
17 মে 2021-ত অৰেবিক চিএনএন-ৰ ৱেবচাইটত প্ৰকাশিত ৰিপোৰ্টত ইয়াৰ লগত মিল থকা ছবি দেখা পোৱা যায়। ইয়াত লিখা আছে যে, গাজাৰ সমৰ্থনত বহুত লেবনানি প্ৰদৰ্শনকাৰীয়ে লেবনান-ইজৰাইল সীমান্তৰ ৱালত আক্ৰমণ কৰিছে। তাৰ কাটি দিছে আৰু ইজৰালৰ সৈনিকৰ ওপৰত শিল দলিয়াইছে। প্ৰদৰ্শনকাৰীসকলে 25 ফিটতকৈ ওখ পকী ৱালৰ ওপৰত ফিলিস্তিনি পতাকা লগাবলৈ বগাই গ’ল।”
এই সন্দৰ্ভত ইজৰাইলৰ ফেক্ট চেকাৰ ইউৰিয়া বাৰ মেৰৰ বক্তব্য হ’ল যে, “ভাইৰাল ছবিখন দুইবছৰৰ বেছি পুৰণা। লেবনানৰ মানুহে 2021-ত ইজৰাইল সীমান্তত থকা ৱালত বগাই গৈছিল, এয়া সেইসময়ৰ ছবি“
শেষত আমি লেবনান-ইজৰাইল সীমান্তৰ প্ৰায় আঢ়ই বছৰ পুৰণা ছবিক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ প্ৰফাইলক স্কেন কৰিলোঁ। তেঁও এজন বিশেষ মতৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি।
इस फैक्ट चेक आर्टिकल को हिंदी में यहां पढ़ें।
ইয়াৰ আগতও ইজৰাইল-হামাছ সংঘৰ্ষৰ মাজত বহুত ভুৱা আৰু ভ্ৰমাত্মক দাবি ভাইৰাল হৈছে। বিশ্বাস নিউজে সেইসমূহৰ তদন্ত কৰি সত্য উদঘাটন কৰিছে। ফেক্ট চেক ৰিপোৰ্টখনক ইয়াত পঢ়িব পাৰিব।
নিষ্কৰ্ষঃ 2021-ৰ মে মাহত গাজাৰ সমৰ্থনত লেবনানৰ মানুহে ইজৰাইল সীমান্তত থকা ৱালত বগাই প্ৰদৰ্শন কৰিছিল। সেইসময়ৰ ছবিখনক সম্প্ৰতিকালৰ ইজৰাইল-হামাছ সংঘৰ্ষৰ লগত যুক্ত কৰি ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ