X
X

Fact Check: কৰোনাৰ সময়ত কুম্ভমেলাক লৈ প্ৰশ্ন কৰা সাংবাদিক প্ৰজ্ঞা মিশ্ৰৰ হত্যাৰ বাতৰি মিছা দাবীৰে ভাইৰেল

উপসংহাৰঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ভিডিঅ’ আৰু সাংবাদিক প্ৰজ্ঞা মিশ্ৰ সংক্ৰান্তীয় দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ইয়াৰ পূৰ্বেও আন এটা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈছিল। শেহতীয়াকৈ দিল্লীত সংঘটিত এটা অপৰাধমূলক ঘটনাৰ ভিডিঅ’ পুনৰ এবাৰ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

  • By: ameesh rai
  • Published: Apr 21, 2021 at 12:34 AM

বিশ্বাস নিউজ (নতুন দিল্লী) শেহতীয়াকৈ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ আছে। ভিডিঅ’টোত এজন পুৰুষে এগৰাকী মহিলাক আক্ৰমণ কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত থকা মহিলাগৰাকী হৈছে সাংবাদিক প্ৰজ্ঞা মিশ্ৰ, যাক ক’ৰোনা মহামাৰীৰ সময়ত অনুষ্ঠিত কুম্ভমেলাক  লৈ প্ৰশ্ন কৰাৰ বাবে হত্যা কৰা হৈছে। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। এই ভিডিঅ’টো ইয়াৰ পূৰ্বেও আন এক সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈছিল। শেহতীয়াকৈ দিল্লীত সংঘটিত এটা অপৰাধমূলক ঘটনাৰ ভিডিঅ’টো আকৌ এবাৰ মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে দিল্লীৰ ৰোহিণীত এজন ব্যক্তিয়ে তেওঁৰ পত্নীক ৰাজহুৱাভাৱে ছুৰীকাঘাত কৰি হত্যা কৰিছিল। একেটা ঘটনাৰ চিচিটিভি ফুটেজ মিছা দাবীৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হৈছিল।

কি এই ভাইৰেল পোষ্ট

টুইটাৰ ইউজাৰ শ্বৰীফ আফ্ৰিদীয়ে ২০২১ চনৰ ১৮ এপ্ৰিল তাৰিখে এক ভাইৰেল চিচিটিভি ফুটেজ টুইট কৰি লিখিছিল, “প্ৰজ্ঞা মিশ্ৰক ভাৰতত দিনৰ পোহৰত হত্যা কৰা হৈছিল, যেতিয়া তেওঁ তেওঁৰ বাতৰিত কৰোনা ভাইৰাছৰ সন্মুখীন হৈ থকা ভাৰতত কুম্ভমেলাৰ বিষয়ে উল্লেখ কৰিছিল।”

এই টুইটটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে ভাইৰেল ভিডিঅ’টো InVid টুলত দাখিল কৰে। আমি ভাইৰেল ভিডিঅ’টোৰ বিভিন্ন কী-ফ্ৰেম InVid টুলত ৰাখিছিলো আৰু সেইবোৰত গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিলো। ইণ্টাৰনেটত একে ধৰণৰ বহুতো ফলাফল বা ৰিজাৰ্টছ সৈতে, আমি ইউটিউব চেনেল লাইফ ইজ বিউটিফুল ইয়ৰ্ছ শৰ্মিলা লাভ কৰিছিলো। এই চেনেলটোতেই এই ভাইৰেল ভিডিঅ’টো ১২ এপ্ৰিল, ২০২১ তাৰিখে আপলোড কৰা হৈছিল। ইয়াৰ বৰ্ণনা অনুসৰি, ঘটনাটো দিল্লীৰ ৰোহিণীৰ। ইয়াত কোৱা হৈছে যে হৰিশ মেহতা নামৰ এজন অভিযুক্তই তেওঁৰ পত্নী নীলুক চুৰিৰে বাৰম্বাৰ আঘাত কৰি হত্যা কৰিছে।

এই তথ্যখিনিৰ আধাৰত, আমি অধিক অনুসন্ধান চলাইছিলো আৰু ১০ এপ্ৰিল, ২০২১ তাৰিখে ইণ্ডিয়া টুডে ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন লাভ কৰিছিলো। ইয়াত ভাইৰেল ভিডিঅ’বোৰৰ স্ক্ৰীণগ্ৰাব ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখনত অভিযুক্তজনৰ নাম হৰিশ মেহতা বুলিও উল্লেখ কৰা হৈছিল, যিয়ে তেওঁৰ পত্নী নীলু মেহতাক চুৰিৰে হানি খুচি হত্যা কৰিছিল। একেদৰে, আমি আমাৰ সহকৰ্মীয়ে দৈনিক জাগৰণৰ ৱেবছাইটত ১০ এপ্ৰিলত লিখা তথা প্ৰকাশ পোৱা এক প্ৰতিবেদনত এই ঘটনাৰ প্ৰসংগও লাভ কৰিছিলো। আনহাতে, ২০২১ চনৰ ১১ এপ্ৰিলত হিন্দুস্তান টাইমছৰ ৱেবছাইটটো প্ৰকাশিত এক প্ৰতিবেদনত এই শিহৰঁণকাৰী ঘটনাটোৰ কথা উল্লেখ কৰি কোৱা হৈছে যে স্বামীয়ে তেওঁৰ পত্নীক এটা অবৈধ সম্পৰ্কৰ সন্দেহত হত্যা কৰিছিল, যাৰ পিছত বিজয় বিহাৰ আৰক্ষীৰ (ঘটনাস্থলী সংঘটিত হোৱা আৰক্ষী থানা) দুজন সশস্ত্ৰ কনিষ্টবলে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

বিশ্বাস নিউজে ইতিমধ্যে এই ভাইৰেল ভিডিঅ’টোৰ সৈতে সম্পৰ্কিত এটা পৃথক দাবীৰ তদন্ত  আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও এই ভিডিঅ’ প্ৰচাৰেৰে দাবী কৰা হৈছিল যে মহিলাগৰাকীক লাভ জিহাদৰ বিৰোধিতা কৰাৰ অভিযোগত হত্যা কৰা হৈছিল। আমি সেই তথ্য পৰীক্ষাৰ সময়ত দিল্লীৰ বিজয় বিহাৰ আৰক্ষীৰ সৈতে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিলো। সেই সংক্ৰান্তত আৰক্ষী বিষয়াই আমাক জনাইছিল যে বিষয়টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ইয়াৰ পূৰ্বে এই সংক্ৰান্তীয় তথ্য পৰীক্ষা বা ফেক্ট চেক কাহিনীটো ইয়াত লিংকত পঢ়িব পাৰিব।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধান আগুৱাই নি সাংবাদিক প্ৰজ্ঞা মিশ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। আমি ১৮ এপ্ৰিল, ২০২১ তাৰিখে তেওঁৰ ফেচবুক প্ৰ’ফাইলত শ্বেয়াৰ কৰা এটা লাইভ ভিডিঅ’ পাইছিলো। প্ৰজ্ঞা মিশ্ৰই নিজেই লাইভত আহি তেওঁৰ বিৰুদ্ধে ভাইৰেল হৈ পৰা উৰাবাতৰিটো অস্বীকাৰ কৰিছে। তেওঁৰ এই লাইভ ভিডিঅ’টো ইয়াত ক্লিক কৰি দেখা যাব পাৰে।

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত প্ৰজ্ঞা মিশ্ৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছিল। তেওঁ আমাক জনায় যে ভাইৰেল ভিডিঅ’টোৰ বাবে হাজাৰ হাজাৰ লোকে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। সেই বাবেই তেওঁ ফে’চবুকযোগে লাইভ আহিছিল আৰু সকলোকে জনাইছিল যে তেওঁ সুস্থ হৈ আছে, ঠিকেই আছে। প্ৰজ্ঞা মিশ্ৰই বিশ্বাস নিউজক লগতে জনায় যে এনে ধৰণৰ ঘটনা ৰাইজৰ সমূখত ঘটি আছিল আৰু বহু মানুহে ৰাজপথত নীৰৱ দৰ্শক হৈ চাই আছিল, যিটো এক অতি গুৰুতৰ বিষয়। তেওঁ পুনৰ এবাৰ বিশ্বাস নিউজক নিশ্চিত দি কয় যে তেওঁ কুশলে আছে।

মিছা দাবীৰে ভিডিঅ’টো টুইট কৰা টুইটাৰ ইউজাৰ শ্বৰীফ আফ্ৰিদীৰ প্ৰ’ফাইল স্কেন কৰিছিল বিশ্বাস নিউজে। আমি জানিব পৰা মতে এই ইউজাৰগৰাকী পাকিস্তানৰ পেছোৱাৰ নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ভিডিঅ’ আৰু সাংবাদিক প্ৰজ্ঞা মিশ্ৰ সংক্ৰান্তীয় দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ইয়াৰ পূৰ্বেও আন এটা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈছিল। শেহতীয়াকৈ দিল্লীত সংঘটিত এটা অপৰাধমূলক ঘটনাৰ ভিডিঅ’ পুনৰ এবাৰ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later