Fact Check: ভাইৰেল ভিডিঅ’ত একেৰাহে বেকফ্লিপ কৰি থকা এই ছোৱালীজনী চীনৰহে, ভাৰতৰ নহয়

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো মিছা। দৰাচলতে, বেকফ্লিপ কৰা এই ছোৱালীজনী চীনা, ভাৰতীয় নহয়।

নতুন দিল্লী, বিশ্বাস নিউজ। শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপকৰূপত ভাইৰেল হৈ আছে, য’ত এজনী ছোৱালীক একেৰাহে কেইবাবাৰো বেকফ্লিপ কৌশল প্ৰদৰ্শন কৰা দেখা গৈছে। ছচিয়েল মিডিয়াত দাবী কৰা হৈছে যে ভিডিঅ’টোত থকা ছোৱালীজনী এগৰাকী ভাৰতীয়। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছোৱালীজনী চীনৰহে, ভাৰতৰ নহয়।

কি এই ভাইৰেল পোষ্ট?

ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’ৰ সৈতে শিৰোনামটোত লিখা আছে “বয়স-৬ বছৰ, সময়-৫৩ ছেকেণ্ড, ৰাউণ্ড-৮০। অনুশীলন অব্যাহত ৰাখা, ভাৰত তোমাৰ দৰে ছোৱালীক লৈ গৌৰৱান্বিত… দৰাচলতে, ভাৰতীৰ সন্তানৰ সামৰ্থ্যৰ অভাৱ নাই”

এই পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে এই ভিডিঅ’টোৰ কীফ্ৰেমবোৰ অনুসন্ধান কৰিছিলো। অনুসন্ধান কৰাৰ পিছত, আমি ২৫ আগষ্ট, ২০২০ তাৰিখে ছাউথ চাইনা মৰ্ণিং পোষ্টত আপলোড কৰা ভিডিঅ’টো এটা ভেৰিফাইড ইউটিউব চেনেলত দেখিবলৈ পাইছিলো। ভিডিঅ’টোৰ সৈতে লিখা বৰ্ণনা অনুসৰি, ভিডিঅ’টো চীনৰ।

https://youtu.be/f48Mqn-hMio


কীৱৰ্ডৰ সৈতে অনুসন্ধান কৰাৰ পিছত, আমি indianexpress.com ত ছোৱালীজনীৰ বিষয়ে এটা বাতৰিও পাইছিলো। বাতৰি অনুসৰি, “ছোৱালীজনীক ৬ বছৰীয়া লী জিয়ামিন বুলি চিনাক্ত কৰা হৈছে। স্থানীয় প্ৰতিবেদন অনুসৰি, লীয়ে চীনৰ চাংচি প্ৰদেশত বাস কৰে আৰু তেওঁ সমৰ কলা-প্ৰশিক্ষিত পিতৃৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত।” আমি thedailychina.org তো এই খবৰটো পাইছিলো।

আমি এই বিষয়ত দ্য ডেইলী চাইনা বাতৰি কাকতৰ সংকংস্থিত সাংবাদিক জ’ই লুৰ সৈতে লিংকড-ইনৰ মাধ্যমেৰে যোগাযোগ কৰিছিলো। তেওঁ আমাক কৈছিল, “এই ভিডিঅ’টো চীনৰ আৰু মই ২০২০ চনত দ্য ডেইলী চাইনাৰ বাবে এটা বাতৰি লিখিছিলো। যদিও মই এতিয়া মোৰ চাকৰি এৰিছো, মই ব্যক্তিগতভাৱে আপোনাক ক’ব পাৰোঁ যে ভিডিঅ’টো চীনৰ চাংচি প্ৰদেশৰ।”

এই ভিডিঅ’টো বহুতে মিছা দাবীৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আছে। সেইসকলৰ মাজৰে এজন চন্দ্ৰভান গুপ্তা নামৰ ফেচবুক ব্যৱহাৰকাৰী। প্ৰ’ফাইল অনুসৰি, ব্যৱহাৰকাৰীজন আলিগড়ৰ বাসিন্দা আৰু ফেচবুকত তেওঁৰ ২৩৫৪ গৰাকী অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো মিছা। দৰাচলতে, বেকফ্লিপ কৰা এই ছোৱালীজনী চীনা, ভাৰতীয় নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস