Fact Check : তেজস্বী প্ৰতাপ যাদৱৰ ভাইৰেল ফটো সম্পাদনা কৰা হৈছে
তেজস্বী প্ৰতাপ যাদৱৰ ভাইৰেল ছবিখন বিশ্বাস নিউজৰ অনুসন্ধানত সম্পাদিত বুলি প্ৰমাণিত হৈছে। মূল ছবিখনত তেজস্বী যাদৱৰ কাষত কতো ছাগলী নাছিল।
- By: Ashish Maharishi
- Published: Sep 16, 2021 at 12:35 PM
বিশ্বাস নিউজ (নতুন দিল্লী)। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী প্ৰতাপ যাদৱৰ এখন ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটোখনত, তেওঁক বাঁহী বজাই থকা দেখা গৈছে। ছবিখনত তেজস্বী প্ৰতাপ যাদৱৰ ভৰিৰ ওচৰত এটা ছাগলীও দেখা গৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ছবিখনক সঁচা বুলি গণ্য কৰি তেজস্বী প্ৰতাপ যাদৱক উপহাস কৰিছে। পিছে, বিশ্বাস নিউজৰৰ নিজস্ব অনুসন্ধানত এই ফটো সম্পাদনা কৰা বুলি প্ৰমাণিত হৈছে। আমি জানিব পাৰিছিলো যে তেজস্বী প্ৰতাপ যাদৱৰ প্ৰকৃত ছবিখনত ইচ্ছাকৃতভাৱে এটা ছাগলীৰ ফটো সংযোজন ঘটোৱা হৈছে।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ইউজাৰ ফলনৱা ছোডড়াই ৯ ছেপ্তেম্বৰত এখন ফটো পপোষ্ট কৰি লিখিছিল – ‘কোনোবাই এইজন ‘দুগ্গল ভাইয়া’ক কওঁকচোন যে ‘শ্ৰী কৃষ্ণ’ই গোপালন কৰিছিল, ছাগলী নহয়…!!’
ফে’চবুক পোষ্টৰ বিষয়বস্তু ইয়াত হুৱহু অনুবাদ কৰা হৈছে। পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ছবিখনৰ সত্যতা জানিবলৈ গুগল ৰিভাৰ্চ ইমেজ টুলৰ সহায় লৈছিল। ভাইৰেল ফটোখন আপলোড আৰু অনুসন্ধান কৰাৰ পিছত, আমি News4Nataion নামৰ এটা ৱেবছাইটত এটা বাতৰি পাইছিলোঁ। আমি ইয়াত এই ভাইৰেল ছবিখনো দেখিছিলো। ২০১৯ চনৰ ৮ ডিচেম্বৰত আপলোড কৰা বাতৰিটোত কোৱা হৈছিল যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ এই ছবিখন এটা মন্দিৰৰ পৰা লোৱা হৈছে। পিছে আমি ছবিখনত কোনো ঠাইতে ছাগলী দেখা নাপালোঁ।
তেজপ্ৰতাপৰ ইনষ্টাগ্ৰামৰ বিষয়েও এই বাতৰিটোত উল্লেখ কৰা হৈছিল। সেয়েহে, আমি অনুসন্ধানটো আগুৱাই লৈ গৈছিলো আৰু তেওঁৰ ইনষ্টাগ্ৰাম বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি তেজস্বী প্ৰতাপ যাদৱৰ একাউণ্টত মূল ভিডিঅ’টো বিচাৰি পাইছিলোঁ। তেওঁক ইয়াত বাঁহী বজাই থকা দেখা গৈছে যদিও ওচৰত ক’তো ছাগলী নাছিল। আমি জানিব পাৰিছিলো যে এই ভিডিঅ’টো বৃন্দাবনত নিৰ্মাণ কৰা হৈছিল। ইয়াক ৫ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছিল।
https://www.instagram.com/p/CBB5o1TA6Dv/?utm_source=ig_embed&ig_rid=a19a39d4 4ab6 4216 8a7b 95a6278ccf1f
তদন্তৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বাস নিউজে dainikjagran.com ৰ বিহাৰৰ ব্যুৰ’ অমিত আলোকৰ সৈতে যোগাযোগ কৰে, তেওঁ আমাক জনাইছিল যে তেজস্বীৰ ভাইৰেল ছবিখন সম্পাদনা কৰা হৈছে।
অনুসন্ধানৰ শেষত, আমি ভুৱাটো পোষ্ট কৰা ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল স্কেন কৰো। আমি জানিব পাৰিছিলো যে ফলনৱা চৌড়া নামৰ এই ব্যৱহাৰকাৰীজন বিহাৰৰ মধুবনীৰ বাসিন্দা। একাউণ্টটো আগষ্ট ২০১৮ ত সৃষ্টি কৰা হৈছিল।
নিষ্কৰ্ষঃ তেজস্বী প্ৰতাপ যাদৱৰ ভাইৰেল ছবিখন বিশ্বাস নিউজৰ অনুসন্ধানত সম্পাদিত বুলি প্ৰমাণিত হৈছে। মূল ছবিখনত তেজস্বী যাদৱৰ কাষত কতো ছাগলী নাছিল।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.