Fact Check: পথৰ দাতিকাষত থকা গছগছনিক বৰষুণত পানী দি থকা টেঙ্কাৰৰ ভিডিঅ’ পুৰণি

Fact Check: পথৰ দাতিকাষত থকা গছগছনিক বৰষুণত পানী দি থকা টেঙ্কাৰৰ ভিডিঅ’ পুৰণি

বিশ্বাস নিউজ (নতুন দিল্লী)। দিল্লীত, মনচুনৰ বৰষুণৰ ফলত বহুত এলেকাত কৃত্ৰিম বানপানী হোৱাৰ বাবে মানুহে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ’ দ্ৰুত গতিত ভাইৰাল হৈ আছে। ভিডিঅ’ত টেঙ্কাৰে ৰাস্তাৰ দাতিকাষত থকা গছগছনিক পানী দি থকা দেখা পোৱা গৈছে। কেজৰীৱাল চৰকাৰক কটাক্ষ কৰি ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’খন সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰি আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ সাম্প্ৰতিক সময়ৰ নহয়। এই ভিডিঅ’খন 2022 ৰ চেপ্টেম্বৰ মাহৰ, যিটোক এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী ‘নৱীন ডাগৰে’ 17 জুলাইত ভাইৰাল ভিডিঅ’খন শ্বেয়াৰ কৰি কেপচনত লিখিছে, “নেৰানেপেৰা বৰষুনত কেজৰীৱালৰ দিল্লী জল বৰ্ড, গছত পানী দি আছে. কোনে কয় যে Arvind Kejriwal এ কাম নকৰে”

https://twitter.com/MajorPoonia/status/1680835646095781891

 তদন্ত

ভাইৰাল ভিডিঅ’ৰ সত্যতা জানিবলৈ আমি সম্পৰ্কিত কিৱাৰ্ডৰ সৈতে গুগলত বিছৰা আৰম্ভ কৰিলো। এই প্ৰক্ৰিয়াত আমি এই একেখন ভিডিঅ’ অনুজ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীৰ একাউণ্টত পালো। ভিডিঅ’খনক 23 চেপ্টেম্বৰ 2022 ত শ্বেয়াৰ কৰা হৈছে।

ফেচবুকতও বহুত ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’খনক চেপ্টেম্বৰ 2022 ত শ্বেয়াৰ কৰিছে।

তদন্ত প্ৰক্ৰিয়াত আমি এই ভিডিঅ’খন ভাৰতীয় জনতা দলৰ দিল্লীৰ প্ৰাক্তন আঞ্চলিক অধ্যক্ষ আদেশ গুপ্তাৰ অফিছিয়াল ফেচবুক একাউন্টতও পালো। ভিডিঅ’খনক 24 চেপ্টেম্বৰ 2022 ত এই তথ্যৰ লগতে শ্বেয়াৰ কৰা হৈছিল।

অধিক তথ্যৰ বাবে আমি, দিল্লী দৈনিক জাগৰণৰ প্ৰধান সংবাদদাতা ভিকে শুকলাৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে ভাইৰাল ভিডিঅ’খন বহুত পুৰণি। আগতেও এই ভিডিঅ’খন এই দাবিৰ সৈতে ভাইৰাল হৈছিল।

শেষত আমি ভিডিঅ’খনক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউণ্টখন স্কেন কৰিলোঁ। আমি তাতে গম পালো যে ব্যৱহাৰকাৰীজনক 996 জন মানুহে অনুসৰণ কৰে আৰু ব্যৱহাৰকাৰীৰ প্ৰায় পাঁচ হাজাৰ বন্ধু আছে। ব্যৱহাৰকাৰীজন নভেম্বৰ 2015 ৰ পৰা ফেচবুকত সক্ৰিয় হৈ আছে।

উপসংহাৰ : বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ৰাস্তাৰ দাতিকাষত গছগছনিত পানী দিয়া টেঙ্কাৰৰ ভাইৰাল হোৱা ভিডিঅ’ সাম্প্ৰতিক কালৰ নহয়। ভিডিঅ’খন চেপ্টেম্বৰ 2022 ৰ, যিটোক এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস