Fact Check: টকিঅ’ অলিম্পিকত সূৰ্য নমস্কাৰ ইভেণ্ট অনুষ্ঠিত হোৱা নাছিল, অলিম্পিকৰ নামত পুৰণি ভিডিঅ’ ভাইৰেল

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি সূৰ্য নমস্কাৰৰ ভাইৰেল ভিডিঅ’টো টকিঅ’ অলিম্পিকৰ নহয়, বৰঞ্চ ২০০৫ চনৰ মংগোলিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানৰহে ভিডিঅ’।

Fact Check: টকিঅ’ অলিম্পিকত সূৰ্য নমস্কাৰ ইভেণ্ট অনুষ্ঠিত হোৱা নাছিল, অলিম্পিকৰ নামত পুৰণি ভিডিঅ’ ভাইৰেল

নতুন দিল্লী (বিশ্বাস নিউজ) || শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ আছে য’ত এটা শিল্পীৰ দলে যোগাসনৰ এটা গুৰুত্বপূৰ্ণ অংশ সূৰ্যপ্ৰণাম প্ৰদৰ্শন কৰি থকা দৈখা গৈছে। এই ভিডিঅ’টো বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে শ্বেয়াৰ কৰি এয়া সম্প্ৰতি চলি থকা টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান বুলি উল্লেখ কৰিছে। তেওঁলোকে লগতে এয়া ভাৰতীয় সংস্কৃতিৰ প্ৰতি সন্মান জনোৱা বুলিও উল্লেখ কৰিছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Rajendra B Gondkar এ এটা ১.৪৫ মিনিটৰ ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “Surya namaskar “सूर्यनमस्कार”being performed at the opening ceremony of Olympics in Tokyo Japan with our National flag Dress Code… Take pride in spreading our culture throughout the world.. ” ইয়াৰ অসমীয়া অনুবাদ – আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ড্ৰেছ কোডেৰে টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত সূৰ্য নমস্কাৰ পৰিৱেশন কৰা হৈছে। সমগ্ৰ বিশ্বজুৰি আমাৰ সংস্কৃতিৰ বিস্তাৰে আমাক গৰ্বিত কৰি তুলিছে।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান
ভাইৰেল পোষ্টটো পৰীক্ষা কৰিবলৈ, আমি প্ৰথমেই ট’কিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানটো Olympics ৰ Verified ইউটিউব চেনেলত ভালদৰে প্ৰত্যক্ষ কৰো। ইয়াত কোনো স্থানতে ভাইৰেল হোৱা সূৰ্য নমস্কাৰৰ লেখীয়া অনুষ্ঠান দেখিবলৈ নাপালো। সম্পূৰ্ণ অনুষ্ঠানটো ইয়াত ক্লিক কৰি চাব পাৰিব। ইয়াৰ পিছতেই এই ভিডিঅ’টো আমি InVID টুলত দাখিল কৰাৰ পিছতেই কেবাটাও ইউটিউব লিংক লাভ কৰো। PMO India আৰু Narendra Modi নামৰ দুটাকৈ ভেৰিফাইড ইউটিউব চেনেলত এই ভিডিঅ’টো লাভ কৰাৰ উপৰিও Mango News নামৰ আন এক ভেৰিফাইড ইউটিউব চেনেলতো এই ভিডিঅ’টো দেখিবলৈ পাও। ২০১৫ চনৰ ১৭ মে’ তাৰিখে এই ভিডিঅ’টো আটাইকেইটা চেনেলতে প্ৰকাশ কৰা হৈছিল। মূল ভিডিঅ’টোৰ ৬.৩১ ছেকেণ্ডৰ পৰা ৭.১৪ ছেকেণ্ডৰ অংশটো কাটি আনি এতিয়া ট’কিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান বুলি ভাইৰেল কৰি তোলা হৈছে। মূল ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।

এই অনুষ্ঠানৰ মূল ভিডিঅ’টো প্ৰকৃততে ২০১৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মংগোলীয়া ভ্ৰমণ কৰা অৱস্থাত তাত বাস কৰা ভাৰতীয় লোকসকলৰ উপৰি মংগোলীয় লোকসকলে তেওঁক অভিবাদন জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল।

আনকি এই কথা ১৭ মে’, ২০১৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটো কৰিছিল আৰু এই অনুষ্ঠানৰ ভিডিঅ’ প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে এই কথাৰ নিশ্চিতি ল’বলৈ আমি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ গুৱাহাটী কাৰ্যালয়ৰ Media and Communication Officer বৰ্ণালী মহন্তৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক নিশ্চিতি দি কয় যে এয়া সম্পূৰ্ণ ভুৱা বাতৰি।

ইয়াৰ পিছতে আমাৰ অনুসন্ধান অন্তিম পৰ্যায়ত এই ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা Rajendra B Gondkar ৰ ছ’চিয়েল স্কেনিং কৰাত জানিবলৈ পাও যে এই লোকজনক ৯৪৬ জন লোকে অনুসৰণ কৰে আৰু তেওঁ এটা বিশেষ ৰাজনৈতিক দলৰ জিলাধ্যক্ষ।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি সূৰ্য নমস্কাৰৰ ভাইৰেল ভিডিঅ’টো টকিঅ’ অলিম্পিকৰ নহয়, বৰঞ্চ ২০০৫ চনৰ মংগোলিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানৰহে ভিডিঅ’।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস