X
X

Fact Check: ৰাহুল গান্ধীৰ মণিপুৰ যাত্ৰাৰ পিছত কুকি চৰমপন্থীসকলৰ আত্মসমৰ্পণৰ দাবী ভিত্তিহীন

নতুন দিল্লী(বিশ্বাস নিউজ)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ যাত্ৰাৰ পিছত সামাজিক মাধ্যমত এটা পোষ্ট ভাইৰাল হৈ আছে। ইয়াত এখন ছবি ব্যৱহাৰ কৰি দাবী কৰা হৈ আছে যে ৰাহুল গান্ধীয়ে মণিপুৰত কুকি চৰমপন্থীসকলৰ লগত কথা পাতিছে। ইয়াৰ পিছত তেঁওলোকে আত্মসমৰ্পণ কৰিছে। বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ তদন্ত কৰিছে। দাবী ভুৱা প্ৰমানিত হৈছে। প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ নামত বনোৱা এখন ভুৱা টুইটাৰ হ্যাণ্ডেলৰ টুইটক সঁচা ভাবি মানুহে ইয়াক ভাইৰাল কৰিছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী মুকেশ মধেপুৰিয়ায় 30 জুনত এখন ছবি আৰু পিটিআই-ৰ নামত বনোৱা এটা টুইটাৰ হ্যাণ্ডেলৰ পোষ্টৰ লিঙ্ক শ্বেয়াৰ কৰি দাবী কৰিছে যে, এয়া হল প্ৰেমৰ শক্তি। আমি মানুহৰ মাজত যাব লাগিব। ৰাহুল গান্ধীয়ে তাত থকা কুকি সম্প্ৰদায়ৰ চৰমপন্থীসকলৰ লগত কথা পাতিছে আৰু তেঁওলোকৰ ওচৰত শান্তি বাহাল ৰাখিবলৈ অনুৰোধ জঁনাইছে। কিছুমান অস্ত্ৰধাৰী জঙ্গিয়ে পুলিশৰ আগত আত্মসমৰ্পণ কৰিছে আৰু শান্তি বাহাল ৰখাত সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ৰাহুল গান্ধীৰ লগত লগ কৰি, কুকি জঙ্গিয়ে আত্মসমৰ্পণ কৰিলে। এজন জঙ্গিয়ে কলে যে হিংসাৰ পথ এৰিব বিছাৰে আৰু এতিয়াৰ পৰা গান্ধীৰ পথ অনুসৰণ কৰিব বিছাৰে।.”

পোষ্টৰ কন্টেন্টক ইয়াত যেনে আছিল তেনেদৰেই লিখা হৈছে। বহুত অন্য ব্যৱহাৰকাৰীয়ে এই পোষ্টক সমান আৰু মিলিত দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ তদন্তৰ বাবে পুনপ্ৰথমতে দাবীৰ লগত ব্যৱহাৰ কৰা টুইটৰ লিঙ্কক চেক কৰিলে। এই লিঙ্কটো এতিয়া ডিলিট কৰা হৈছে awhitetigerinc নামৰ এই টুইটাৰ হ্যাণ্ডেলৰ লগত পিটিআই-ৰ কোনো সম্পৰ্ক নাই। খোঁজ প্ৰক্ৰিয়াত এই হ্যাণ্ডেলৰ ওৱেবকেচ ফাইল পোৱা গ’ল। ইয়াত দেখা পোৱা যায় যে, ইয়াক সেপ্টেম্বৰ 2022 ত বনোৱা হৈছিল। এয়া এটা পেৰোডি হ্যাণ্ডেল।

তদন্ত চলি থাকোতে পিটিআই-ৰ অফিছিয়াল টুইটাৰ হ্যাণ্ডেলত আমি এটা টুইট পালো। 5 জুলাই 2023-ত কৰা এই টুইটত কোৱা হৈছে যে পিটিআই-ৰ নামত বহুত সন্দেহজনক আৰু ভুৱা টুইটাৰ হ্যাণ্ডেল সক্ৰিয় হৈ আছে। এইবিলাকৰ ওপৰত বিশ্বাস নকৰিব। পিটিআই-ৰ প্ৰকৃত হ্যাণ্ডেল হল PTI_News।

তদন্ত আগবঢ়াই নিওঁতে ভাইৰাল পোষ্টত ব্যৱহাৰ কৰা ছবিৰ তদন্ত কৰা হ’ল। গুগল ৰিভাৰ্ছ ইমেজৰ ছাৰ্চ টুলৰ সহায়ত বিছৰাৰ পিছত এই ছবিখন ইষ্ট ম’জ’ নামৰ এটা ওৱেবচাইটত পোৱা গ’ল। 26 জুলাই 2022-ত প্ৰকাশ হোৱা এখন সংবাদত কোৱা হৈছে যে নিষিদ্ধ কুকি নেশনাল আৰ্মি ইণ্ডিয়াৰ দুই কৰ্মীক অ-স্থানীয় ব্যৱসায়ীসকলৰ পৰা ধন আদায়ৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। সম্পূৰ্ণ সংবাদ ইয়াত পঢ়ক।

https://www.eastmojo.com/manipur/2022/07/26/manipur-kuki-insurgents-using-another-outfits-name-for-extortion-arrested/

বিশ্বাস নিউজে তদন্তৰ পৰৱৰ্তী ধাপত, গুগল অপেন ছাৰ্চ টুল ব্যৱহাৰ কৰিলে। 29-30 জুন ৰাহুল গান্ধী মণিপুৰত আছিল। তাত তেঁও হিংসাৰ বলি হোৱা মানুহৰ লগত সাক্ষাৎ কৰিলে। কোনো সংবাদত আমি এই তথ্য নাপালো যে, ৰাহুল গান্ধী কুকি চৰমপন্থীসকলৰ লগত সাক্ষাৎ কৰিছে। যাৰ পিছত চৰমপন্থীসকলে আত্মসমৰ্পণ কৰিছে। ইণ্ডিয়াটুডেএনই-ৰ সংবাদ ইয়াত পঢ়িব পাৰিব।

তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত বিশ্বাস নিউজে মণিপুৰ হিংসাৰ সংবাদ কভাৰ কৰা ফ্ৰিলাঞ্চ সংবাদদাতা জেইম্স খাঙ্গেবামৰ লগত যোগাযোগ কৰিলে। তেঁওৰ লগত ভাইৰাল পোষ্ট শ্বেয়াৰ কৰিলে। তেঁও আমাক জঁনালে যে এই পোষ্টখন সম্পূৰ্ণৰুপে ভুৱা। ইয়াত একো সত্যতা নাই।

বিশ্বাস নিউজে মণিপুৰ কংগ্ৰেছৰ ৰাজ্য সভাপতি কেশম মেঘচন্দ্ৰ সিংহৰ লগত যোগাযোগ কৰিলে। তেঁও এই কথাসাৰ স্পষ্ট কৰি কয় যে ৰাহুল গান্ধীয়ে কোনো কুকি চৰমপন্থিৰ লগত সাক্ষাৎ কৰা নাই। ভাইৰাল পোষ্ট সম্পূৰ্ণৰুপে ভুল।
তদন্তৰ শেষত ফেচবুক ব্যৱহাৰকাৰী মুকেশ মধেপুৰিয়াৰ তদন্ত কৰিলো। সামাজিক ষ্কেণিং কৰি আমি গম পালো যে ব্যৱহাৰকাৰীজনক এক হাজাৰ মানুহে অনুসৰণ কৰে।

উপসংহাৰ : বিশ্বাস নিউজৰ তদন্তত ভাইৰাল পোষ্ট ভুৱা বুলি প্ৰমানিত হৈছে। পিটিআই-ৰ নামত প্ৰস্তুত হোৱা ভুৱা হ্যাণ্ডেলৰ পৰা কৰা টুইটক সঁচা ভাবি মানুহে এই পোষ্টখন ভাইৰাল কৰিছে। ৰাহুল গান্ধীৰ লগত সাক্ষাৎ কৰাৰ পিছত কুকি চৰমপন্থীৰ আত্মসমৰ্পণ কৰাৰ দাবী ভিত্তিহীন বুলি প্ৰমানিত হৈছে।

  • Claim Review : ৰাহুল গান্ধীৰ লগত সাক্ষাৎ কৰাৰ পিছত কুকি চৰমপন্থীসকলে আত্মসমৰ্পণ কৰিলে
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী মুকেশ মধেপুৰিয়া
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later