X
X

Fact Check: সন্ত্ৰাসবাদী সংগঠন পিকেকে-ৰ সমৰ্থনকাৰীসকলে পেৰিছৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল, ভিডিঅ’টো ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰাল কৰা হৈ আছে

  • By: Umam Noor
  • Published: Apr 5, 2024 at 05:51 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে য’ত কিছুসংখ্যক মানুহক ভাঙচুৰ কৰি থকা দেখা পোৱা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, ফ্ৰাঞ্চত অবৈধভাবে বাস কৰি থকা 160 জন মুছলমানক উভতাই পঠোৱা হৈ আছিল, তেতিয়া তেঁওলোকে মিলি বিমানবন্দৰ লণ্ড ভণ্ড কৰিলে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভিডিঅ’টো সেই সময়ৰ যেতিয়া সমৰ্থকসকলে বিমানবন্দৰত উপস্থিত কৰ্মচাৰী আৰি সাধাৰণ নাগৰিকক আক্ৰমণ কৰি পিকেকে সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ফিৰাজ কৰ্কমাজক ফ্ৰাঞ্চৰ পৰা তুৰস্কলৈ প্ৰত্যাৰ্পণৰ প্ৰতিবাদ কৰিছিল। এতিয়া এই ভিডিঅ’টো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ‘ফ্ৰাঞ্চত অবৈধভাবে বাস কৰি থকা 160 জন মুছলমানক উভতাই পঠোৱা হৈ আছিল, সকলোৱে মিলি ফ্ৰাঞ্চ বিমানবন্দৰ লণ্ড ভণ্ড কৰি পেলালে”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি ‘ফ্ৰাঞ্চ বিমানবন্দৰত আক্ৰমণ’ এই কিৱাৰ্ডৰ জৰিয়তে সংবাদ বিছাৰিলোঁ। বিছাৰি থাকোতে তুৰস্কৰ anadolu agency-ত 2024 চনৰ 28 মাৰ্চ তাৰিখে সংবাদটো প্ৰকাশিত হোৱা দেখা পালো। এই সংবাদত ভাইৰাল ভিডিঅ’ৰ স্ক্ৰীনগ্ৰেব দেখা পোৱা যায়। ইয়াত থকা তথ্য মতে, ‘পেৰিছত ফ্ৰাঞ্চৰ চাৰ্লছ গাল বিমানবন্দৰত পিকেকে সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থকসকলে সংগঠিত কৰা ঘটনাত তিনি জন আহত হৈছে। স্থানীয় মাধ্যম অনুসৰি, ফ্ৰাঞ্চত তুৰস্কৰ বাবে পিকেকে-ৰ সদস্য ফিৰোজ কৰ্কমাজৰ প্ৰত্যাবৰ্তনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰা সংগঠনৰ আনুমানিক 20 জন সমৰ্থনকাৰী চাৰ্লছ ডী গাল বিমানবন্দৰত উপস্থিত হৈছিল। দলটোৱে ফিৰেজ কৰ্কমাজক লৈ যাই থকা ৰাষ্ট্ৰীয় প্ৰত্যাবৰ্তন ইকাই দলটোক আক্ৰমণ কৰিলে। বিমানবন্দৰত সন্ত্ৰাসবাদী সমৰ্থক আৰু তাত উপস্থিত থকা লোকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ গ’ল। ফ্ৰাঞ্চৰ সৈন্যদলৰ হস্তক্ষেপত ঘটনাটো নিয়ন্ত্ৰণলৈ আহিলে।”

তুৰস্কৰ ৱেবচাইট ডেইলি সবহ-ত এই সন্দৰ্ভত প্ৰদান কৰা তথ্য মতে, ফ্ৰাঞ্চৰ পৰা তুৰস্কৰ বাবে পিকেকে সদস্য ফিৰোজ কৰ্কমাজৰ প্ৰত্যাবৰ্তনৰ বিৰোধ প্ৰদৰ্শন কৰাৰ বাবে প্ৰায় 20 জন সমৰ্থক চাৰ্লছ ডী গাল বিমানবন্দৰত উপস্থিত হ’ল আৰু তাত উদ্ভণ্ডালি কৰিলে, এই ঘটনাত তিনিজন লোক আহত হৈছে।

এই ভাইৰাল ভিডিঅ’টোক টিআৰটি ৱৰ্ল্ডৰ এক্স হেণ্ডেলতও দেখা পোৱা যায়। ইয়াত থকা তথ্য মতে, এই ঘটনাটো পিকেকে সমৰ্থকৰ আক্ৰমণৰ হয়।

তথ্য মতে, কুৰ্দিস্তান ৱাৰ্কছ পাৰ্টী(পিকেকে), যিটো ক’গৰা-জেলৰ নামত জনাজাত, এটা উগ্ৰবাদী মাৰ্ক্সবাদী-লেনিনবাদী কুৰ্দ আলগাৱবাদী দল হয় যিটোক 1978 চনত একত্ৰিত, স্বাধীন কুৰ্দিস্তান বনোৱাৰ লক্ষ্যত স্থাপন কৰা হৈছিল। 

তাত আকৌ তুৰস্কৰ কতৃত্বাধীন ৱেবচাইটত থকা তথ্য মতে, ‘পিকেকে এখনি সন্ত্ৰাসবাদী সংগঠন। ইয়াক আন্তৰ্জাতিক স্তৰত বহুসংখ্যক দেশে সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে, য’ত ইউৰোপিয় সন্থাৰ সদস্য আৰু সংযুক্ত ৰাজ্য আমেৰিকা, কানাডা আৰু অস্ট্ৰেলিয়াৰ দৰে অন্যান্য দেশ যুক্ত হৈ আছে। ইউৰোপীয় সন্থায়ও 2004 চনত পিকেকে-ক এখন সন্ত্ৰাসবাদী সত্তা হিচাপে নিৰ্ধাৰণ কৰিছে।”

ভাইৰাল ভিডিঅ’ৰ নিশ্চিতিকৰণৰ বাবে আমি ফ্ৰাঞ্চৰ আইএফচিএন চিগনেটৰি অবজাৰ্ভাৰৰ ফেক্ট চেকাৰ আলেক্জেৰ কেপৰুনৰ লগত যোগাযোগ কৰিলো, আৰু তেঁও আমাক জঁনালে যে, এই ঘটনাটো পিকেকে-ৰ সমৰ্থনকাৰীসকলে কৰা হিংসাৰ ঘটনা হয়।

সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভিডিঅ’টো সেই সময়ৰ যেতিয়া সমৰ্থকসকলে বিমানবন্দৰত উপস্থিত কৰ্মচাৰী আৰি সাধাৰণ নাগৰিকক আক্ৰমণ কৰি পিকেকে সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ফিৰাজ কৰ্কমাজক ফ্ৰাঞ্চৰ পৰা তুৰস্কলৈ প্ৰত্যাৰ্পণৰ প্ৰতিবাদ কৰিছিল। এতিয়া এই ভিডিঅ’টো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে।

  • Claim Review : ফ্ৰাঞ্চত অবৈধভাবে বাস কৰি থকা 160 জন মুছলমানক উভতাই পঠোৱা হৈ আছিল, তেতিয়া তেঁওলোকে মিলি বিমানবন্দৰ লণ্ড ভণ্ড কৰিলে।
  • Claimed By : पुष्पेन्द्र कुलश्रेष्ठ
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later