X
X

Fact Check: ভিডিঅ’টোত দেখা লোকজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, ষ্টেণ্ড-আপ কমেডিয়ান নীতিন গুপ্তাহে

ভাইৰেল ভিডিঅ’টোত ষ্টেণ্ডআপ কৌতুক অভিনেতা নীতিন গুপ্তাহে আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়। ভিডিঅ’টো মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ)  শেহতীয়াকৈ এটা ৫.৫৯ মিনিটৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এজন লোকে ধৰ্মক লৈ বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক লক্ষ্য কৰি লৈছে। ভিডিঅ’টোত ‘ OpIndia’ ৰ ল’গ’টোও দেখা গৈছে। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজনক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলিও দাবী কৰা হৈছে।

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, ষ্টেণ্ড-আপ কমেডিয়ান নিতিন গুপ্তাহে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ ‘Varsha Tripathi’ এ ২৬ নৱেম্বৰ তাৰিখে এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে,
असम के cm साहब का छोटा सा इंटरव्यू सुन लो देश के बारे में कुछ प्रकाश डाल रहे है…..
हिन्दू समाज के लिए सबसे बड़ा खतरा ही सेकुलर हिन्दू हैंইয়াৰ অসমীয়া অনুবাদ – শুনক অসমৰ মুখ্যমন্ত্ৰী চাহাবে এটা সৰু ইণ্টাৰভিউত দেশৰ বিষয়ে কিবা এটা আলোকপাত কৰিছে…ধৰ্মনিৰপেক্ষ হিন্দুসকলেই হিন্দু সমাজৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি।

ফে’চবুকত Ravi SharmaSachin Darwhekar আৰু Leena Pattanaik কে ধৰি অন্যান্য ভালেমান ইউজাৰেও এই ভিডিঅ’টো একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰিছে।

অনুসন্ধান

আমি ভাইৰেল ভিডিঅ’টো মনোযোগেৰে চাইছিলো আৰু তলত ফেচবুক, ইনষ্টা আৰু টুইটাৰৰ আইডিবোৰো দেখুৱাইছিলো। ইয়াক বিচাৰি উলিওৱাৰ পিছত, আমি জানিব পাৰিলোঁ যে এই প্ৰ’ফাইলআইডিবোৰ কৌতুক অভিনেতা নীতিন গুপ্তাৰ সৈতে জড়িত। নিতিন গুপ্তাৰ ফটোখন ভাইৰেল ভিডিঅ’টোত দেখা ব্যক্তিজনৰ দৰে আছিল। আমি তেতিয়া এটা ভাইৰেল ভিডিঅ’ পাইছিলো যেতিয়া আমি কীৱৰ্ডৰ সৈতে ইউটিউব অনুসন্ধান কৰিছিলো। ইউটিউব চেনেল ‘OpIndia Hindi’ ত ২৪ জুলাই ২০২১ তাৰিখে ২৫.৪৬ মিনিটৰ এটা ভিডিঅ’ আপলোড কৰা হৈছিল। ‘Forced Conversions || Ep 2A – Women, Cities & Temples || Ft. Nitin Gupta’ শিৰোনামেৰে এই ভিডিঅ’ আপলোড কৰা হৈছিল। ইয়াত ১২.৩৫ মিনিটৰ পিছত ভাইৰেল ভিডিঅ’টো দেখা গৈছে।

আমি অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটৰ পৰা মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ফটো উলিয়াইছিল। ইয়াতেই প্ৰতিপন্ন হয় যে ভাইৰেল ভিডিঅ’ত দেখা লোকগৰাকী অসমৰ মুখ্যমন্ত্ৰী ড. শৰ্মা নহয়।

আমি এইটো আৰু নিশ্চিত কৰিবলৈ ষ্টেণ্ডআপ কমেডিয়ান নিতিন গুপ্তাৰ সৈতে যোগাযোগ কৰিছিলো। ভিডিঅ’টোত থকা ব্যক্তিজন মই, তেওঁ কয়। এইটো এটা ব্লগ যিটো আমি OpIndia ত আপলোড কৰিছো। আমি ফেচবুক ব্যৱহাৰকাৰী ‘Varsha Tripathi’ ৰ প্ৰ’ফাইল স্কেন কৰিছিলো যিয়ে মিছা দাবীৰে ভিডিঅ’টো ভাইৰেল কৰিছিল। এইটোৱে প্ৰকাশ কৰিছিল যে তেওঁ বৃন্দাবনৰ বাসিন্দা।

নিষ্কৰ্ষঃ ভাইৰেল ভিডিঅ’টোত ষ্টেণ্ডআপ কৌতুক অভিনেতা নীতিন গুপ্তাহে আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়। ভিডিঅ’টো মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later