Fact Check: ছফ্টৱেৰৰ সহায়ত অনন্য আতচবাজীৰ ভিডিঅ’ তৈয়াৰ কৰি সেয়া কেৰলৰ হয় বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে
- By: Pragya Shukla
- Published: Feb 17, 2023 at 09:40 AM
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে কেৰলৰ কুৰাৱিলান্গদ চহৰৰ বেলেগ ধৰণৰ আতচবাজীৰ শ্ব’ দেখা পোৱা গৈছে। ভিডিঅ’ত দেখা পোৱা গৈছে যে, আকাশত সৌৰমণ্ডলৰ আকৃতিৰ আতচবাজী হৈ আছে। বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ তদন্ত কৰিছে আৰু গম পাইছে যে ভাইৰেল হোৱা দাবী মিছা হয়। এইটোক ভিডিঅ’ এডিটিং ছফ্টৱেৰৰ সহায়ত তৈয়াৰ কৰা হৈছে, সেইটোক মানুহে সঁচা বুলি ভাবি শ্বেয়াৰ কৰি আছে।
কি ভাইৰেল হৈ আছে?
ফেচবুক ইউজাৰ অম্বাই ৱকিলে 9 ফেব্ৰুৱাৰী 2022 তাৰিখে ভাইৰেল হোৱা এই দাবী শ্বেয়াৰ কৰিছিলে। ইউজাৰজনে ভিডিঅ’ শ্বেয়াৰ কৰি ইংৰাজীত যি কেপচন লিখিছিলে তাৰ অৰ্থ হ’ল, এয়া কেৰলত হোৱা ধুনীয়া আতচবাজীৰ ভিডিঅ’ হয়! ইয়াক গোলাকাৰ আতচবাজী বুলি কোৱা হয়। এয়া বহুত দামী ফটকা হয়। ইঞ্জিনীয়াৰসকলে এইটোক বহুত ভালকৈ ডিজাইন কৰিছে। এই শ্ব’ পৃথিৱীত এই ধৰণৰ প্ৰথম অনন্য (গোলাকাৰ আতচবাজী) শ্ব’ হয়।
ভাইৰেল পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব। ভাইৰেল ছবিক অনুৰূপ দাবীৰ সৈতে অন্যান্য ইউজাৰেও শ্বেয়াৰ কৰি আছে।
তদন্ত
ভাইৰেল দাবীৰ সত্যতা গম পোৱাৰ কাৰণে আমি গুগল-ত উক্ত বিষয় সম্বন্ধীয় কি-ৱৰ্ড দি ছাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি উক্ত দাবীৰ সৈতে সম্বন্ধীয় কোনো নিউজ ৰিপোৰ্ট পোৱা নাই।
বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’ৰ তদন্ত কৰাৰ কাৰণে সদৌ প্ৰথমে ইনৱিড টুল-ৰ সহায়ত কেইটামান গ্ৰেব উলিয়াইছিল। তাৰ পাছত সেইবোৰক গুগল লেন্স টুল-ৰ সহায়ত ছাৰ্চ কৰিছে। এইবোৰ কৰি থাকোঁতে আচল ভিডিঅ’ দেখা পালোঁ যে ‘Mediabyjj’ নামৰ এটা ইউটিউব চেনেল সেয়া আপলোড হৈ আছে। সেই ভিডিঅ’টোক 4 জানুৱাৰী 2013 তাৰিখে শ্বেয়াৰ কৰা হৈছিল। তাত যি তথ্য দিয়া হৈছে সেই অনুসৰি, এই ভিডিঅ’টোক Fwsim ছফ্টৱেৰৰ সহায়ত তৈয়াৰ কৰা হৈছে।
তদন্তক আগুৱাই লৈ গৈ আমি ‘Mediabyjj’-ৰ ইউটিউব চেনেল-ক চালিজাৰি চাবলৈ আৰম্ভ কৰিলোঁ। এবাউট-ত দিয়া তথ্য অনুসৰি, এই ইউজাৰে ভিডিঅ’ গেম, নেচাৰ আৰু লাইফৰ লগত যুক্ত কনটেণ্ট তৈয়াৰ কৰে আৰু শ্বেয়াৰ কৰি থাকে।
বিশ্বাস নিউজে Fwsim ছফ্টৱেৰ সম্বন্ধে ছাৰ্চ কৰাৰ কাম আৰম্ভ কৰিছিলে। এইটো কৰোঁতে আমি Fwsim-ৰ আনুষ্ঠানিক ৱেবছাইটৰ সন্ধান পাইছিলোঁ। ৱেবছাইটত কোৱা হৈছে যে, এই ছফ্টৱেৰৰ সহায়ত বেলেগ-বেলেগ ধৰণৰ আতচবাজীৰ ভিডিঅ’ তৈয়াৰ কৰা হৈ থাকে। যি কোনো ব্যক্তি এই ছফ্টৱেৰৰ সহায়ত নিজৰ পছন্দৰ আতচবাজীৰ ভিডিঅ’ তৈয়াৰ কৰিব পাৰে।
বিতং তথ্যৰ বাবে আমি গ্ৰাফিক ডিজাইনাৰ ওম প্ৰকাশৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে ভাইৰেল হোৱা দাবী মিছা হয়। এই ভিডিঅ’টোক ছফ্টৱেৰৰ সহায়ত তৈয়াৰ কৰা হৈছে। ইণ্টাৰনেটত এনেকুৱা বহুত ছফ্টৱেৰ আছে। এইবোৰৰ সহায়ত আপোনালোকে এই ধৰণ ভিডিঅ’ একেবাৰে সহজতে বনাব পাৰিব।
বিশ্বাস নিউজে কেৰলৰ স্থানীয় সাংবাদিক ৰাহুল দেৱোলাপল্লীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে ভাইৰেল হোৱা দাবী মিছা হয়। এই ধৰণৰ কোনো আতচবাজীৰ শ্ব’ ইয়াত চকুত পৰা নাই।
বিশ্বাস নিউজে এই ভিডিঅ’ তৈয়াৰ কৰা গ্ৰাফিক ডিজাইনাৰ Mediabyjj-ৰ সৈতে যোগাযোগ কৰিছিলোঁ। ৰিপ্লাই আহিলে এই ৰিপোৰ্টক আপডেট কৰা হ’ব।
এই ভুৱা পোষ্টক বহুত মানুহে শ্বেয়াৰ কৰিছে। এনেকুৱা এজন ইউজাৰৰ নাম অম্বাই ৱকিল হয়। তেওঁৰ পোষ্টক আমি তদন্ত কৰি চাইছিলোঁ। এই ইউজাৰৰ ফেচবুকত 4,957 বন্ধু আছে। প্ৰোফাইলত দিয়া তথ্য অনুসৰি, এইজন ইউজাৰ তামিলনাড়ুত থাকে আৰু 2014-ৰ মে’ মাহৰপৰা ফেচবুকত সক্ৰিয় হৈ আছে।
উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰি গম পাইছে যে আতচবাজীৰ ভিডিঅ’ক লৈ যি দাবী কৰা হৈছে সেয়া মিছা হয়। ভিডিঅ’ এডিটিং ছফ্টৱেৰৰ সহায়ত এয়া তৈয়াৰ কৰা হৈছে। সেইটোক মানুহে সঁচা বুলি ভাবি শ্বেয়াৰ কৰি আছে।
- Claim Review : কেৰলত প্ৰদৰ্শিত ধুনীয়া আতচবাজীৰ ভিডিঅ’।
- Claimed By : ফেচবুক ইউজাৰ অম্বাই ৱকিল
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.