X
X

Fact Check: ৰোহিত শৰ্মাৰ তিৰুপতি বালাজি যোৱাৰ পুৰণি ভিডিঅ’, অযোধ্যা ৰাম মন্দিৰৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ৰোহিত শৰ্মাৰ এই ভাইৰাল হৈ থকা ভিডিঅ’ 2023 বৰ্ষৰ আগষ্ট মাহৰ তিৰুপতি বালাজি মন্দিৰ দৰ্শনৰ সময়ৰ ভিডিঅ’ হয়। এই ভিডিঅ’খনক এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰৰ লগত সংযুক্ত কৰি দিয়া হৈছে।

  • By: Umam Noor
  • Published: Jan 30, 2024 at 10:10 AM

নতুন দিল্লী (বিশ্বাস নিউজ) 22 জানুৱাৰি তাৰিখে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে বহু  চেলিব্ৰিটি তাত উপস্থিত হয় আৰু তেঁওলোকৰ আগমন এতিয়াও চলি আছে। এনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ পৰিছে, য’ত ক্ৰিকেটাৰ ৰোহিত শৰ্মাক এটা মন্দিৰ চৌহদত দেখা গৈছে। ভিডিঅ’খন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, ভাইৰাল ভিডিঅ’খন ৰোহিত শৰ্মাৰ অযোধ্যা ভ্ৰমণৰ সময়ৰ হয়।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ৰোহিত শৰ্মাৰ এই ভাইৰাল হৈ থকা ভিডিঅ’ 2023 বৰ্ষৰ আগষ্ট মাহৰ তিৰুপতি বালাজি মন্দিৰ দৰ্শনৰ সময়ৰ ভিডিঅ’ হয়। এই ভিডিঅ’খনক এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰৰ লগত সংযুক্ত কৰি দিয়া হৈছে।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, ‘ৰোহিত শৰ্মা অযোধ্যা ধাম”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি কিৱাৰ্ডৰ সহায়ত ভাইৰাল ভিডিঅ’খন বিছাৰিলো। এই প্ৰক্ৰিয়াত আমি এনটিভি নামৰ এখন ভেৰিফাইড ইউটিউব চেনেলত ভাইৰাল ভিডিঅ’খন 2023-ৰ 13 আগষ্ট তাৰিখত আপল’ড হোৱা পালো। ইয়াত থকা তথ্যা মতে,  ৰোহিত শৰ্মাই পৰিয়ালৰ লগত তিৰুপতি বালাজি মন্দিৰ দৰ্শন কৰিলে।

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু দৈনিক জাগৰণৰ ৱেবচাইটত 2023-ৰ 13 আগষ্ট তাৰিখত প্ৰকাশিত এখন সংবাদ পালোঁ। তাত প্ৰদত্ত তথ্য মতে, ‘এশিয়া কাপ 2023-ৰ ওলটা গণনা আৰম্ভ হৈ গ’ল। 30 আগষ্ট তাৰিখৰ পৰা এই টুৰ্নামেণ্টৰ আৰম্ভণি হ’ব। ইয়াৰ মাজতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা নিজৰ পৰিয়ালৰ লগত তিৰুপতি বালাজি মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল।“

ভাইৰাল ভিডিঅ’টো নিশ্চিত কৰি দৈনিক জাগৰণৰ ক্ৰীড়া বাতৰি সামৰি লোৱা জ্যেষ্ঠ সংবাদদাতা অভিষেক ত্ৰিপাঠীয়েও ইয়াক পুৰণা ভিডিঅ’ বুলি কৈছে

ভিডিঅ’টোক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি এই তথ্য গম পালো যে, ব্যৱহাৰকাৰীজনৰ ফেচবুকত 48 হাজাৰ অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ৰোহিত শৰ্মাৰ এই ভাইৰাল হৈ থকা ভিডিঅ’ 2023 বৰ্ষৰ আগষ্ট মাহৰ তিৰুপতি বালাজি মন্দিৰ দৰ্শনৰ সময়ৰ ভিডিঅ’ হয়। এই ভিডিঅ’খনক এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰৰ লগত সংযুক্ত কৰি দিয়া হৈছে।

  • Claim Review : ভিডিঅ’খন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, ভাইৰাল ভিডিঅ’খন ৰোহিত শৰ্মাৰ অযোধ্যা ভ্ৰমণৰ সময়ৰ হয়।
  • Claimed By : FB User: ठाकुर दुर्गेश चौहान
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later