Fact Check: ৰিহানাই কংগনাৰ বিষয়ে এই টুইট কৰা নাছিল, ভাইৰেল পোষ্টটো ভুৱা

সামৰণি – ৰিহান্নাই কংগনা সন্দৰ্ভত এনেধৰণৰ কোনো টুইট কৰা নাই আৰু এই ভাইৰেল হোৱা টুইটটো ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰস্তুত কৰা হৈছে।

Fact Check: ৰিহানাই কংগনাৰ বিষয়ে এই টুইট কৰা নাছিল, ভাইৰেল পোষ্টটো ভুৱা


নতুন দিল্লী (Vishvas News)। ছচিয়েল মিডিয়াত এটা টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ আছে। দাবী কৰা হৈছে যে এই টুইটটো হলিউডৰ কন্ঠশিল্পী ৰিহানাই লিখিছে, য’ত লিখা হৈছে যে কংগনাৰ দৰে মহিলাসকলে তেওঁৰ সংগীতানুষ্ঠানত অতি কম পইচাত নৃত্য কৰে।

বিশ্বাস নিউজৰ নিজস্ব তদন্তত আমি লাভ কৰিলো যে এই ভাইৰেল টুইটটো ভুৱা। ৰিহান্নাই এই টুইট কৰা নাই।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Satnam Singh Khalsa ই এই পোষ্ট শ্বেয়াৰ কৰিছে, য’ত লিখিছে – কংগনাৰ দৰে মহিলাই মোৰ সংগীতানুষ্ঠানত অতি কম পইচাতে নৃত্য কৰি থাকে – Rihanna

এই ভাইৰেল পোষ্টৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।


অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে কী-ৱৰ্ডৰ সহায়ত ৰিহান্নাৰ এনে টুইট সন্দৰ্ভত বিচাৰ খোচাৰ কৰে, কিন্তু আমি এনে কোনোধৰণৰ তথ্য বা মিডিয়া ৰিপ’ৰ্ট লাভ নকৰিলো। ইয়াৰ পৰিৱৰ্তে আমি এনে কিছুমান মিডিয়া ৰিপ’ৰ্ট লাভ কৰিলো, য’ত ৰিহান্নাই ভাৰতত চলি থকা কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই টুইট কৰাৰ পিছত টুইটাৰতে বলীউদ অভিনেত্ৰী কংগনা ৰাণাউটে কন্ঠশিল্পীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কথা উল্লেখ আছে। পিছে কংগনাৰ এই টিপ্পনিৰ প্ৰত্যুত্তৰত যদিহে ৰিহান্নাই কোনো টুইট বা মন্তব্য কৰিলেহেতেন, তেন্তে সেয়া নিশ্চিতভাৱে সংবাদ শিৰোনামত থাকিলহেতেন।

আমি ৰিহান্নাৰ ভেৰিফাইড টুইটাৰ হেণ্ডেল টোও ভালদৰে পৰীক্ষা কৰিছো, কিন্তু আমি তাতো ৰিহান্নাই কংগণা ৰাণাউটৰ বিৰুদ্ধে লিখা এনেধৰণৰ কোনো টুইট লাভ নকৰিলো।

আমি ভাইৰেল টুইটটোক গুৰুত্ব সহকাৰে পৰীক্ষা কৰোতে দেখিলো যে এই টুইটটো হিন্দীত কৰা হৈছে আৰু ইয়াত ভালেমান ভুল-ক্ৰুটি আছে। উল্লেখ্য যে ৰিহান্না এগৰাকী হলিউডৰ অভিনেত্ৰী তথা কন্ঠশিল্পী, গতিকে তেওঁ বা তেওঁৰ দলৰ বাবে এয়া নিশ্চয়কৈ জটিল হ’ব যে এনে এক টুইট তেওঁলোকে হিন্দী ভাষাত কৰিব। ইয়াৰ উপৰিও আমি দেখিবলৈ পাইছো যে এই টুইটটোত ৰিহান্নাৰ টুইটাৰ হেণ্ডেলৰ পিছত তাৰিখ বা সময় লিখা নাই। যেতিয়াই কোনো টুইট কৰা যায় তেতিয়াই টুইটাৰ হেণ্ডেলৰ নামৰ আগত তাৰিখ বা সময় লিখা থাকে। গতিকে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পৰা যায় যে এই টুইটটো আচল নহয়, বৰং এয়া কোনো ফটো সম্পাদনা সঁজুলিৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে।

এই বিষয়ে অধিক তথ্যৰ বাবে আমি মুম্বাইত দৈনিক জাগৰণৰ বাবে এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জন শিতান তদাৰক কৰি থকা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰো। তেওঁ কয় যে ৰিহান্নাৰ টুইটাৰ হেণ্ডেলত এনেধৰণৰ কোনো টুইট নাই আৰু এই ভাইৰেল হোৱা টুইটটো ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰস্তুত কৰা হৈছে।

ইয়াৰ পিছতে আমি এই পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ Satnam Singh Khalsa সন্দৰ্ভত জানিবলৈ চেষ্টা কৰো। এই ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰোতে আমি জানিবলৈ পাও যে এইগৰাকী ইউজাৰ হাৰিয়ানাৰ আম্বালা নিবাসী আৰু এই বাতৰি লিখাৰ পৰলৈকে এই ইউজাৰৰ আছে ৮৯৯ টা ফ’ল’ৱাৰ্ছ।

নিষ্কৰ্ষঃ সামৰণি – ৰিহান্নাই কংগনা সন্দৰ্ভত এনেধৰণৰ কোনো টুইট কৰা নাই আৰু এই ভাইৰেল হোৱা টুইটটো ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰস্তুত কৰা হৈছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস