ফেক্ট চেক: ৰমিজ ৰাজাই পাকিস্তানী দলক গালি পাৰি থকা ভিডিঅ’টো পুৰণি হয়, টি20 বিশ্বকাপত জিম্বাব’ৱে-পাকিস্তানৰ খেলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই

নতুন দিল্লী (বিশ্বাস নিউজ)। টি20 বিশ্বকাপত জিম্বাব’ৱে-পাকিস্তানৰ খেলত পাকিস্তান পৰাস্ত হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত পাকিস্তানী খেলুৱৈ ৰমিজ ৰাজাৰ এটা ভিডিঅ’ এটা ভাইৰেল হৈ আছে। তাত দেখা পোৱা গৈ আছে যে, ৰমিজ ৰাজাই পাকিস্তানী খেলুৱৈসকলক গালি পাৰি আছে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মানুহে এই দাবী কৰি আছে যে টি20 ক্ৰিকেট বিশ্বকাপত জিম্বাব’ৱে-পাকিস্তানৰ খেলত পাকিস্তান পৰাস্ত হোৱাৰ পাছত ৰমিজ ৰাজাৰ প্ৰতিক্ৰিয়া। বিশ্বাস নিউজে তদন্তত গম পোৱা গৈছে যে ভাইৰেল হোৱা এই দাবী বিভ্ৰান্তিকৰ হয়। ৰমিজ ৰাজাৰ এই ভিডিঅ’টো 2021 চনৰ হয়।

ভাইৰেল পোষ্টত কি আছে

28 অক্টোবৰ তাৰিখে টুইটাৰ ইউজাৰ ‘উমেশ চন্দ্ৰ’ এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে: #ZimVsPak #PakistanCricket Ye to julum hai
Ramiz Raza after big blow by Zimbabwe.” (#ZimVsPak #PakistanCricket এয়া অত্যাচাৰ হয় জিম্বাব’ৱেৰ হাতত বেয়াকৈ পৰাস্ত হোৱাৰ পাছত ৰমিজ ৰাজা।)

অন্যান্য ইউজাৰেও ছ’চিয়েল মিডিয়াত এই পোষ্ট দি একে দাবী কৰি আছে।

এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পৰা যাব।

তদন্ত

এই দাবীক তদন্ত কৰাৰ কাৰণে, আমি গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে এই ভিডিঅ’ৰ কি-ফ্ৰেম ছাৰ্চ কৰিছিলোঁ। আমি তেতিয়া গম পালোঁ যে এই ভিডিঅ’টো আপল’ড কৰা হৈছিল 23 এপ্ৰিল 2021 তাৰিখত Ramiz Speaks (ৰমিজ স্পিকছ) নামৰ এটা ভেৰিফাইড ইউটিউব ভিডিঅ’ চেনেলত।

অনুসন্ধান কৰি থাকোঁতে আমি গম পালোঁ যে, এপ্ৰিল 2021-ত পাকিস্তান দলটো জিম্বাব’ৱেত খেলিবলৈ গৈছিল। সেই ছিৰিজত 23 এপ্ৰিল 2021-ত হোৱা খেলত পাকিস্তানক জিম্বাব’ৱে 19 ৰাণত পৰাস্ত কৰিছিল।

লগতে, আপোনালোকে ভিডিঅ’ৰ কথাবোৰ ভালকৈ শুনিলে গম পাব যে, ৰমিজে ৰেংকিং-ৰ বিষয়ে কোৱাৰ সময়ত কৈ আছে যে পাকিস্তান চতুৰ্থ ৰেংক আৰু জিম্বাব’ৱে দ্বাদশ ৰেংকত আছে। কিন্তু আইচিচি ৱেবছাইটৰ মতে, শেহতীয়া টি20 ৰেংকিং-ত, পাকিস্তান-ৰ ৰেংক হ’ল চতুৰ্থ আৰু জিম্বাব’ৱেৰ ৰেংক হ’ল একাদশ।

ইয়াত কোনো সংশয় নাই যে ভিডিঅ’টো পুৰণি হয়।

কী-ৱৰ্ড দি ছাৰ্চ কৰি আমি শেহতীয়া পাকিস্তান-জিম্বাব’ৱে টি20 খেলক লৈ ৰমিজ ৰাজাই এনেকুৱা কোনো মন্তব্য কৰিছে বুলি একো তথ্য পোৱা নাই।

এই বিষয়ে অধিক নিশ্চিত হোৱাৰ কাৰণে আমি ক্ৰীড়া সাংবাদিক তথা ধাৰাভাষ্যকাৰ ছৈয়দ হুছেইনৰ সৈতেও কথা পাতিছিলোঁ। তেওঁ কৈছে, “নহয়, এইটো পুৰণি ভিডিঅ’ হয়… ৰমিজ ৰাজাই ইয়াত যি কৈ আছে সেয়া 2021-ত হাৰাৰেত জিম্বাব’ৱেৰ হাতত এখন খেলত পাকিস্তানে পৰাস্ত হোৱাৰ সন্দৰ্ভত কোৱা কথা হয়। দলৰ আটাইবোৰ খেলুৱৈ মাথোঁ 99 ৰাণত আউট হৈ গৈছিল। ৰমিজ ৰাজা সেই সময়ত পিচিবি প্ৰধান আছিলে। তেওঁ 2021-ৰ ছেপ্তেম্বৰত পিচিবি প্ৰধান নিৰ্বাচিত হৈছে। তেওঁৰ আগৰপৰা হে নিজৰ কঠোৰ মন্তব্যৰ বাবে জনাজাত হয়।”

তদন্তৰ শেষত আমি এই মিছা পোষ্ট টুইট কৰা টুইটাৰ ইউজাৰ উমেশ চন্দ্ৰৰ প্ৰ’ফাইলক ছ’চিয়েল স্কেন কৰি চাইছিলোঁ। তেওঁৰ পেজটো 2015 চনত ক্ৰিয়েট কৰা হৈছিল।

সিদ্ধান্ত: বিশ্বাস নিউজৰ তদন্তত গম পোৱা গৈছে যে ভাইৰেল হোৱা দাবী বিভ্ৰান্তিকৰ হয়। ৰমিজ ৰাজাৰ ভিডিঅ’টো 2021 চনৰ হয়। টি20 বিশ্বকাপ 2022-ত জিম্বাব’ৱে-পাকিস্তানৰ খেলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস