X
X

Fact Check: ৰাহুল গান্ধীৰ ভাইৰাল ভিডিঅ’ ভ্ৰমাত্মক, কংগ্ৰেছ নেতায় ক্ষেতিয়কৰ বিষয়ে এই সাৰ কথা কোৱা নাই

বিশ্বাস নিউজে তদন্ত কৰিলে আৰু এই তথ্য পোহৰলৈ আহিলে যে, ৰাহুল গান্ধীৰ ভাইৰাল ভিডিঅ’ ভ্ৰমাত্মক। কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ অংশসমূহক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে।

নতুন দিল্লী (বিশ্বাস নিউজ). পাঁচটা ৰাজ্য যত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তিছগড় অন্তৰ্ভুক্ত,  এই ৰাজ্যসমূহত এই মাহতেই নিৰ্বাচন হবলৈ সকলো সাজু হৈছে। ৰাজনৈতিক নেতাসমূহৰ যোগদান পত্ৰ জমা দিয়া আৰু প্ৰচাৰ আদি কৰাৰ মাধ্যমে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণৰুপে আৰম্ভ হৈছে। ইয়াৰে মাজত, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন ভিডিঅ’ সকলো সামাজিক মাধ্যমত ভাইৰাল হৈ আছে। এই ভিডিঅ’খনত তেঁওক বাৰংবাৰ কোৱা শুনা গৈছে যে, “যদি ক্ষেতিয়কসকলৰ ঋণ মাফ কৰি দিয়া হয়, তেন্তে তেঁওলোকৰ অভ্যাস বেয়া হৈ যাব।”

যেতিয়া বিশ্বাস নিউজে ভিডিঅ’খনৰ তদন্ত কৰিলে, এই তথ্য পোহৰলৈ আহিলে যে, এই ভিডিঅ’খন 2018-ৰ, যেতিয়া তেঁও ছত্তিছগড়ত ভাষণ দি আছিল। সম্পূৰ্ণ ভাষণ শুনাৰ পিছত, এয়া গম পোৱা গল যে, ৰাহুল গান্ধী এই কথা বিজেপি নেতা সকলক বক্তব্য উল্লেখ কৰিব যাঁওতে কৈছিল। 

 কি ভাইৰাল হৈ আছে

ইন্সাগ্ৰাম ব্যৱহাৰকাৰী আৰডিজিএচ_মিডিয়া-য় এই ভিডিঅ’খন 29 অক্টোৱৰত আপল’ড কৰিছিল। এই পোষ্টৰ মতে, “কংগ্ৰেছেৰ চিন্তাধাৰা, ৰাহুল গান্ধীয়ে ক্ষেতিয়কসকলক ঠগিছে”

.

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আগতেও এই ভিডিঅ’’খন সামাজিক মাধ্যমত ভাইৰাল হৈছিল আৰু বিশ্বাস নিউজে এই ভ্ৰমাত্মক পোষ্টৰ তদন্ত কৰিছিল। এই ভাইৰাল ভিডিঅ’’ৰ আঁৰৰ সত্য বিছাৰিবলৈ, আমি কিৱাৰ্ডৰ জৰিয়তে ৰাহুল গান্ধীৰ সেইসমূহ ভিডিঅ’ বিছাৰিলোঁ, য’ত তেঁও ক্ষেতিয়কৰ ঋণ মাফ কৰাৰ বিষয়ে কথা পাতিছে। এই প্ৰক্ৰিয়াত, আমি ‘The Soul of Politics’ নামৰ ইউটিউব চেনেলত এখন ভিডিঅ’’ পালোঁ, যিটো 17 মে 2018-ত পোষ্ট কৰা হৈছিল। এই ভিডিঅ’ত, ৰাহুল গান্ধীক ক্ষেতিয়কৰ ঋণ মাফ কৰাৰ বিষয়ে কথা পাতি থকা দেখা যায়।

আমি ভিডিঅ’’খনৰ প্ৰকৃত উৎস কংগ্ৰেছৰ ইউটিউব চেনেলত পালো, যিটো 17 মে, 2018-ত তেঁওলোকৰ পেজৰ পৰা লাইভ স্ট্ৰিম কৰা হৈছিল। এই ভিডিঅ’’খন বিলাসপুৰৰ কিষান আদিবাসী ৰেলিৰ লগত সম্পৰ্কিত।

সম্পূৰ্ণ ভিডিঅ’’ চোৱাৰ পিছত, এয়া স্পষ্ট হৈ গ’ল যে, সেই ভিডিঅ’ ৰ 28:40 আৰু  28:50  মিনিটৰ ভিতৰত, ৰাহুল গান্ধীয়ে বিজেপি নেতাৰ প্ৰতি কটাক্ষ কৰি এই মন্তব্য কৰিছিল। তেঁও কৈছিল যে, “তেঁওলোকৰ নেতাসকলে কয় যে, ঋণ মাফ কৰিব নালাগে, ইয়াৰ বাবে ক্ষেতিয়কসকলৰ অভ্যাস বেয় হ’ব।.”  সম্পূৰ্ণ ভাষণ শুনাৰ পিছত, আমি এয়া গম পালো যে, ৰাহুল গান্ধীয়ে বিজেপি নেতাৰ বিষয়ে কৈছিল। তেঁও নিজৰ মত প্ৰকাশ কৰা নাছিল।

তদন্ত আগবঢ়াই নিঁওতে, বিশ্বাস নিউজে কংগ্ৰেছৰ মুখপাত্ৰ অখিলেশ প্ৰতাপ সিঙৰ লগত যোগাযোগ কৰিলে। এই ভিডিঅ’ সন্দৰ্ভত তেঁও জঁনালে যে, “ৰাহুল গান্ধীৰ ওপৰত অতিপাত খঙৰ বশবৰ্তী হৈ, আইটি চেলৰ মানুহসকলে তেঁওৰ ভিডিঅ’সমূহ কাটছাট কৰে আৰু ইয়াক ভাইৰাল কৰে। ইয়াত কোনো সত্যতা নাই।”

তদন্তৰ শেষত, আমি ভুৱা পোষ্ট শ্বেয়াৰ কৰা ইনস্টাগ্ৰাম ব্যৱহাৰকাৰী আৰডিজিএচ_মিডিয়া-ৰ একাউন্টৰ তদন্ত কৰিলোঁ। ব্যৱহাৰকাৰীৰ 183 জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰিলে আৰু এই তথ্য পোহৰলৈ আহিলে যে, ৰাহুল গান্ধীৰ ভাইৰাল ভিডিঅ’ ভ্ৰমাত্মক। কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীৰ বক্তব্যৰ অংশসমূহক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে।

  • Claim Review : ৰাহুল গান্ধী ক্ষেতিয়কসকলক ঠগিছে
  • Claimed By : ইনস্টাগ্ৰাম ব্যৱহাৰকাৰী আৰডিজিএচ_মিডিয়া
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later