Fact Check: ৰাহুল গান্ধীয়ে 2016-ত মাজাৰলৈ যোৱাৰ পাছত দেশৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল, ভুৱা দাবীৰ সৈতে ভিডিঅ’ ভাইৰেল

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা এই দাবী ভুৱা আৰু সাম্প্ৰদায়িক হয়। এই ভিডিঅ’টো 2016-ৰ হয়। সেই সময়ত ৰাহুল গান্ধীয়ে অযোধ্যাৰ হনুমানগঢ়ি মন্দিৰ দৰ্শন কৰাৰ পাছত আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ মাজাৰত জিয়াৰত (দৰ্শন) কৰিবলৈ গৈছিলে। ভিডিঅ’ত যি গৰাকী মৌলানাক প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছে, তেওঁ সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছিলে। মুছলমানসকলে নিজেৰ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল বুলি যি দাবী কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা হয়।  

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈ আছে, তেওঁ এটা মাজাৰত উপস্থিত হৈছে, তাত তেওঁৰ লগত আৰু কেইজন মান মানুহক বগা টুপী পিন্ধি আছে। তাত এগৰাকী মৌলানাই প্ৰাৰ্থনাও কৰি আছে। এতিয়া ভাইৰেল এই ভিডিঅ’ক সাম্প্ৰদায়িক দাবীৰ সৈতে শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰি আছে যে, ৰাহুল গান্ধীৰ উপস্থিতিত মাজাৰত প্ৰাৰ্থনা কৰা হৈছে এই সন্দৰ্ভত যে মুছলমানসকলে যেন ভাৰতত নিজৰ শাসন প্ৰতিষ্ঠা কৰিব পাৰে। 

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা এই দাবী ভুৱা আৰু সাম্প্ৰদায়িক হয়। এই ভিডিঅ’টো 2016-ৰ হয়। সেই সময়ত ৰাহুল গান্ধীয়ে অযোধ্যাৰ হনুমানগঢ়ি মন্দিৰ দৰ্শন কৰাৰ পাছত আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ মাজাৰত জিয়াৰত (দৰ্শন) কৰিবলৈ গৈছিলে। ভিডিঅ’ত যি গৰাকী মৌলানাক প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছে, তেওঁ সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছিলে। মুছলমানসকলে নিজেৰ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল বুলি যি দাবী কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা হয়।  

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক পেজে ভাইৰেল ভিডিঅ (আৰ্কাইভ) শ্বেয়াৰ কৰি লিখিছে, ”নামাজ পঢ়ি থাকোঁতে মৌলানাই কৈ আছে, ৰাতি-দিন এক কৰি দিয়া, এয়াই সময়, এই দেশত মুছলমানসকলৰ শাসন প্ৰতিষ্ঠা কৰিব লাগিব নে…? মৌলানাৰ কাষতে থিয় হৈ কংগ্ৰেছৰ যুৱৰাজে সেই কথা শুনি আছে। ভালকৈ চাই লওঁক। এয়াই কংগ্ৰেছৰ প্ৰকৃত চৰিত্ৰ হয়। কংগ্ৰেছৰ চামচাসকলক চাটুকাৰসকলক এই ভিডিঅ’ দেখুৱাওক, সিহঁতৰ বৰ খজুৱতি। এইটো কথা চাটুকাৰসকলে বুজি পাব লাগিব, দেশৰ কাৰণে কংগ্ৰেছ আৰু বিপক্ষ দল কিমান ঘাতক হয়!”

এই ভিডিঅ’টোক এক্স-তো সাধাৰণ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। 

তদন্ত

আমি নিজৰ তদন্ত আৰম্ভ কৰি সদৌ প্ৰথমে ভাইৰেল ভিডিঅ-ৰ কথাবোৰ মন দি শুনি লৈছিলোঁ। ভিডিঅ’-ত যি গৰাকী মৌলানাক দেখা পোৱা গৈ আছে তেওঁ নাত শ্বৰীফ (ইছলামৰ প্ৰশস্তি হিচাপে পাঠ কৰা এক প্ৰকাৰ কবিতা) পঢ়ি আছে। নাত শ্বৰীফ পাঠ কৰাৰ পাছত মৌলানাৰ কণ্ঠত প্ৰাৰ্থনা পাঠ শুনিবলৈ পোৱা গৈছে। ভিডিঅ’ত দেখা পোৱা গৈ আছে, তেওঁ দেশৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰি আছে আৰু তেওঁৰ পিছ ফালে থিয় থকা লোকসকলে আমিন বুলি কৈ আছে।  

ভাইৰেল ভিডিঅ’ৰ তদন্ত কৰাৰ কাৰণে আমি ভিডিঅ’ৰ কী-ফ্ৰেমসমূহক গুগল লেন্সৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে উক্ত ঘটনাৰ কিছুমান ছবি কংগ্ৰেছৰ ভেৰিফাইড এক্স হেণ্ডলত দেখা পালোঁ। ছবিবোৰ 9 ছেপ্তেম্বৰ 2016-ত আপলোড কৰা হৈছিল। তাত ছবিৰ সৈতে এই তথ্য দিয়া আছে,  ‘কিছোছা শ্বৰীফ দৰগাহত কংগ্ৰেছৰ উপাধ্যক্ষ ৰাহুল গান্ধী।’

এই তথ্যৰ ভিত্তিত আমি নিজৰ তদন্তক আগুৱাই লৈ গ’লো আৰু ভাইৰেল ভিডিঅ’টো ‘সময় লাইভ’ নামৰ ইউটিউব চেনেলত দেখা পালোঁ। তাত এই ভিডিঅ’ 10 ছেপ্তেম্বৰ 2016-ত আপলোড কৰা হৈছিল, তাৰ লগতে বাতৰিও প্ৰকাশ কৰা হৈছিল। সেই ভিডিঅ’ৰ সৈতে এই তথ্য উল্লেখ কৰা হৈছিল যে, ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ মখদুম চাহাবৰ মাজাৰত চাদৰ দিছে লগতে দেশৰ সুখ আৰু শান্তিৰ বাবে হোৱা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছিলে।   

টেলিগ্ৰাফ ইণ্ডিয়াৰ ৱেবছাইটত 10 ছেপ্তেম্বৰ 2016-ত প্ৰকাশ পোৱা আৰ্টিকল-ত কোৱা হৈছে যে, ৰাহুল গান্ধীয়ে অযোধ্যাৰ হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলে। তাৰ পাছত কিছোছা শ্বৰীফলৈ গৈছিলে।

এই ঘটনাক লৈ আজতক-ত 10 ছেপ্তেম্বৰ 2016-ত এটা বাতৰি প্ৰকাশ পাইছিল। তাত কোৱা হৈছে যে, ৰাহুল গান্ধী কিছোছা দৰগাহ গৈছিলে, তাত মৌলানা ছুহেইল আশ্বৰাফে শান্তি আৰু সুখ লগতে দেশৰ সম্প্ৰীতি ও সৌহাৰ্দৰ বাবে প্ৰাৰ্থনা পাঠ কৰাইছিলে।  

ৰাহুল গান্ধীৰ এই কাৰ্যসূচী সম্বন্ধীয় পোষ্ট কংগ্ৰেছৰ ভেৰিফাইড এক্স হেণ্ডলত 10 ছেপ্তেম্বৰ 2016-ত শ্বেয়াৰ কৰা হৈছিল।

এই ভিডিঅ’টোক আগতেও ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈছিল। সেই সময়ত আমি কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ নেচনেল কো-অৰ্ডিনেটৰ নিতিন আগৰৱালাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰি জনাইছিলে যে, এয়া বহু বছৰ আগৰ পুৰণি ভিডিঅ’ হয়। সেই সময়ত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ এখন দৰগাহলৈ গৈছিলে। ভাইৰেল ভিডিঅ’ৰ সৈতে যি দাবী কৰা হৈছে সেয়া ভিত্তিহীন।   

শেষত আমি সেই ফেচবুক পেজ-ৰ ছ’চিয়েল স্কেনিং কৰিছিলোঁ য’ত ভুৱা পোষ্ট শ্বেয়াৰ কৰা হৈছিল। তেতিয়া আমি গম পালোঁ যে, এই পেজক চাৰে পাঁচ লাখৰ অধিক মানুহে ফলো কৰি থাকে।

উপসংহাৰবিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা দাবী ভুৱা আৰু সাম্প্ৰদায়িক হয়। ভিডিঅ’টো 2016 চনৰ হয়। সেই সময়ত অযোধ্যাৰ হনুমানগঢ়ি মন্দিৰ দৰ্শন কৰাৰ পাছত ৰাহুল গান্ধীয়ে আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ মাজাৰত গৈ জিয়াৰত (দৰ্শন) কৰিছিলে। ভিডিঅ’ত দেখা পোৱা গৈ আছে, মৌলানাই সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছে। মুছলমানসকলে নিজৰ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰি আছে বুলি যি দাবী ভাইৰেল কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা হয়। 

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা এই দাবী ভুৱা আৰু সাম্প্ৰদায়িক হয়। এই ভিডিঅ’টো 2016-ৰ হয়। সেই সময়ত ৰাহুল গান্ধীয়ে অযোধ্যাৰ হনুমানগঢ়ি মন্দিৰ দৰ্শন কৰাৰ পাছত আম্বেদকাৰ নগৰৰ কিছোছা শ্বৰীফ মাজাৰত জিয়াৰত (দৰ্শন) কৰিবলৈ গৈছিলে। ভিডিঅ’ত যি গৰাকী মৌলানাক প্ৰাৰ্থনা কৰি থকা দেখা পোৱা গৈছে, তেওঁ সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছিলে। মুছলমানসকলে নিজেৰ শাসন প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল বুলি যি দাবী কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা হয়।  

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস