X
X

Fact Check: কংগ্ৰেছৰ সমৰ্থনত প্ৰচাৰ কৰি থকা ৰবিনা টণ্ডনৰ 2012 চনৰ ভিডিঅ’ সাম্প্ৰতিক সময়ৰ বুলি ভাইৰাল কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ভিডিঅ’টো 2012 চনৰ হয়। বডোদৰাত অনুষ্ঠিত ৰেলীত ৰবিনা টণ্ডনে কংগ্ৰেছৰ প্ৰচাৰক হিচাপে যোগ দিছিল। বাৰ বছৰ পুৰণি ভিডিঅ’টোক 2024 –ৰ লোকসভা নিৰ্বাচনৰ লগত যুক্ত কৰি বিভ্ৰান্তিকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

  • By: Umam Noor
  • Published: May 7, 2024 at 02:09 PM

নতুন দিল্লি(বিশ্বাস নিউজ)। লোকসভা নিৰ্বাচন 2024ৰ সময়চোৱাত সামাজিক মাধ্যমত অভিনেত্ৰী ৰবিনা টণ্ডনৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত তেঁওক কংগ্ৰেছৰ সমৰ্থন কৰি থকা দেখা গৈছে। ভিডিঅ’টোক সাম্প্ৰতিক সময়ৰ নিৰ্বাচনৰ লগত সংযুক্ত কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, ৰবিনা টণ্ডনে কৈছে যে এইবাৰ কংগ্ৰেছৰ জয় হ’ব।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ভিডিঅ’টো 2012 চনৰ হয়। বডোদৰাত অনুষ্ঠিত ৰেলীত ৰবিনা টণ্ডনে কংগ্ৰেছৰ প্ৰচাৰক হিচাপে যোগ দিছিল। বাৰ বছৰ পুৰণি ভিডিঅ’টোক 2024 –ৰ লোকসভা নিৰ্বাচনৰ লগত যুক্ত কৰি বিভ্ৰান্তিকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, ‘ৰবিনা টণ্ডনে কৈছে যে এইবাৰ কংগ্ৰেছৰ জয় হ’ব”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত আমি পোনপ্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ভিডিঅ’টোৰ কিফ্ৰেমবোৰ বিছাৰিলোঁ। এই তদন্তত ভিডিঅ’টো ডেইলি ম’শ্বনৰ ৱেবচাইটত 8 বছৰ আগত আপল’ড হোৱা দেখা পোৱা গ’ল। ইয়াত ভিডিঅ’টোৰ দীঘলীয়া সংষ্কৰণ দেখা পোৱা যায় আৰু ইয়াত প্ৰদত্ত তথ্য মতে, ‘ৰবিনা টণ্ডনে কংগ্ৰেছৰ বাবে প্ৰচাৰ কৰিবলৈ বডোদৰাত ৰ’ড শ্ব’ কৰিছিল।”

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু এবিপি নিউজৰ ইউটিউব চেনেলত 2012 চনৰ 12 ডিচেম্ৱৰ তাৰিখে ভিডিঅ’টো আপল’ড হোৱা দেখা পালো। ইয়াত ভিডিঅ’টোৰ আৰম্ভণিৰ ফ্ৰেমত ৰবিনা টণ্ডনক ৰ’ড শ্ব’ কৰি থকাও দেখা পোৱা যায়। প্ৰদান কৰা তথ্য মতে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানত অভিনেত্ৰী ৰবিনা টণ্ডনে বডোদৰাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ কৰিছিল আৰু গুজৰাটৰ ভোটাৰ সকলক কংগ্ৰেছৰ পক্ষত ভোট দিবলৈ অনুৰোধ কৰিছিল।” 

ভাইৰাল ভিডিঅ’টো দেশ গুজৰাট HD-ৰ ইউটিউব চেনেলতও 2012 চনৰ 12 ডিচেম্ৱৰ তাৰিখে আপল’ড হোৱা দেখা পোৱা গ’ল।

ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিতীকৰণৰ বাবে আমি উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ মুখপাত্ৰ অভিমণ্যু ত্যাগিৰ লগত যোগাযোগ কৰিলোঁ আৰু তেঁও আমাক জঁনালে যে ৰবিনা টণ্ডনে আগত কংগ্ৰেছৰ বাবে প্ৰচাৰ কৰিছিল। বৰ্তমান সময়ৰ 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থনত প্ৰচাৰ কৰাৰ কোনো তথ্য দলৰ তৰফৰ পৰা পোৱা নাই।” 

ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেণিঙত এই তথ্য পোহৰলৈ আহিছে যে, পেজটোক দুই হাজাৰতকৈ অধিক মানুহে অনুসৰণ কৰে।

সামৰণি:বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই ভিডিঅ’টো 2012 চনৰ হয়। বডোদৰাত অনুষ্ঠিত ৰেলীত ৰবিনা টণ্ডনে কংগ্ৰেছৰ প্ৰচাৰক হিচাপে যোগ দিছিল। বাৰ বছৰ পুৰণি ভিডিঅ’টোক 2024 –ৰ লোকসভা নিৰ্বাচনৰ লগত যুক্ত কৰি বিভ্ৰান্তিকৰ দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

  • Claim Review : ৰবিনা টণ্ডনে কৈছে যে এইবাৰ কংগ্ৰেছৰ জয় হ’ব।
  • Claimed By : এফবি পেজ-দুদু জিলা
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later