X
X

ফেক্ট চেক : প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগে কভিড টিকা লোৱা ব্যক্তিসকলক 5000 টকা প্ৰদান কৰা নাই, ভাইৰাল হোৱা দাবীটো ভুল।

প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগে, টিকা লোৱা ব্যক্তিসকলক 5000 টকা প্ৰদান কৰা নাই, ভাইৰাল হোৱা দাবীটো ভুৱা।

বিশ্বাস নিউজ (নিউ দিল্লি): বিশ্বাস নিউজে ইয়াৰ টিপলাইন নম্বৰ +91 9599299372-ত এখন দাবীৰ সন্মুখীন হৈছে, যে প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগে কভিড-19 টিকা লোৱা ব্যক্তিসকলক 5000 টকাৰ আৰ্থিক সহায় আগবঢ়াইছে। এই দাবীখন বিভিন্ন সামাজিক নেটৱাৰ্কিং ওৱেবচাইটতও শ্বেয়াৰ কৰা হৈ আছে। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত দাবীটো ভুৱা বুলি জানিবলৈ পাইছে। প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগে কভিড টিকা লোৱা ব্যক্তিসকলক 5000 টকাৰ সাহায্য প্ৰদান কৰা নাই।

দাবী:

টুইটাৰ ব্যৱহাৰকাৰী অৰুণ শৰ্মাই ভাইৰাল দাবীটো শ্বেয়াৰ কৰিছে আৰু লিখিছে:

(অনুবাদ)এটা গুৰুত্বপূৰ্ণ বিজ্ঞপ্তি, যিসকলে কভিড-19 টিকা লৈছে, সেইসকলে প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগৰ তৰফৰ পৰা 5000 টকা পাবলৈ যোগ্য।পঞ্জীয়ন কৰিবলৈ লিঙ্কটোত ক্লিক কৰক।

পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চেক কৰক।

তদন্ত:

বিশ্বাস নিউজে গুগল কিৱাৰ্ড ছাৰ্চৰ মাধ্যমে তদন্ত আৰম্ভ কৰিছে আৰু কভিড-19 টিকা লোৱা ব্যক্তিসকলক 5000 টকাৰ ধনৰাশি প্ৰদানৰ কিবা আঁচনি উপলব্ধ আছে নে নাই, সেই সন্দৰ্ভত অনুসন্ধান কৰিছে।

এই সন্দৰ্ভত তথ্য প্ৰদান কৰা কোনো বিশ্বাসযোগ্য নিউজ ওৱেবচাইট আমি বিছাৰি নাপালো।

আমি চৰকাৰি পৰ্টালও চেক কৰিলোঁ, যদি তাত এই আঁচনি সন্দৰ্ভত কোনো তথ্য পোৱা যায়।

ইতিমধ্যে, আমি পোষ্টত উল্লেখ থকা ৱেবচাইটও চেক কৰিলোঁ।

ৱেবচাইটত আমাক আবেদন কৰিবলৈ কোৱা হ’ল আৰু কিছু তথ্য সুধিলে, যেনে নাম, ঠিকনা, কোনবিধ টিকা লোৱা হ’ল, দ্বিতীয় স্তৰত আমি ধনৰাশিটো কিদৰে গ্ৰহণ কৰিম সেই সন্দৰ্ভত জানিব বিছৰা হ’ল।

আৰু শেষত, পৰ্টালটোৱে আমাক ফৰ্মখন ৱাটচএপত কমেও পাঁচজনক শ্বেয়াৰ কৰিবলৈ ক’লে।

এতিয়ালৈ এয়া স্পষ্ট হৈছিল যে ফৰ্মখন ভুৱা, কাৰণ কোনো চৰকাৰি পৰ্টালে কিবা ফৰ্ম ৱাটচএপত শ্বেয়াৰ কৰিবলৈ নকয়।

তদন্তৰ পৰৱৰ্তী ধাপত, আমি, প্ৰধানমন্ত্ৰী জনকল্যাণকামী যোজনাৰ প্ৰচাৰ, প্ৰসাৰৰ প্ৰাক্তন প্ৰধান আৰু বৰ্তমান নাগপুৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰধান অমিয় বিশ্বৰুপৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জনালে যে পোষ্টটো ভুৱা। চৰকাৰে কভিড টিকা লোৱা ব্যক্তিসকলক 5000 টকাৰ ধনৰাশি প্ৰদান কৰাৰ কোনো আঁচনি গ্ৰহণ কৰা নাই। তেঁও মানুহক এনে ফৰ্মত ব্যক্তিগত তথ্য দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে।

তদন্তৰ শেষ ধাপত, আমি পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ এটা বেকগ্ৰাউণ্ড চেক কৰিলো। অৰুণ শৰ্মাৰ 14 জন অনুসৰণকাৰী আছে আৰু তেঁও 2014 ৰ পৰা সক্ৰিয়।

নিষ্কৰ্ষঃ প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগে, টিকা লোৱা ব্যক্তিসকলক 5000 টকা প্ৰদান কৰা নাই, ভাইৰাল হোৱা দাবীটো ভুৱা।

  • Claim Review : এটা গুৰুত্বপূৰ্ণ বিজ্ঞপ্তি, যিসকলে কভিড-19 টিকা লৈছে, সেইসকলে প্ৰধানমন্ত্ৰী জনকল্যাণ বিভাগৰ তৰফৰ পৰা 5000 টকা পাবলৈ যোগ্য। পঞ্জীয়ন কৰিবলৈ লিঙ্কটোত ক্লিক কৰক।
  • Claimed By : অৰুণ শৰ্মা
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later