X
X

Fact Check: অসমত ৭-৮ প্ৰাবল্যৰ ভূমিকম্প অহাৰ সম্ভাৱনাৰ ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

উপসংহাৰ – হিন্দুস্তান টাইমছৰ এক পুৰণি বাতৰিৰ স্ক্ৰীণশ্বট ভুৱা দাবীৰে বাইৰেল কৰি থকা হৈছে। বিশ্বাস নিউজৰ অনুসন্দানত এই কথা পোহৰলৈ আহিছে যে হিন্দুস্তান টাইমছৰ এটা ৱেব প্ৰতিবেদন, য’ত অসমত শুক্ৰবাৰে ৭-৮ প্ৰাবল্যৰ এক ভুমিকম্প অহাৰ কথা উল্লেখ কৰা হৈছে, যিটো এক ১৫ বছৰ পুৰণি বাতৰি আৰু ইয়াৰ সৈতে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ কোনো সংগতি নাই।

বিশ্বাস নিউজ (গুৱাহাটী) : বিগত মাত্ৰ দুটা দিনৰ ভিতৰতে ১৯ টাকৈ ধাৰাবাহিক ভূমিকম্পই (এদিনত ১০ টা) জোঁকাৰি যোৱা অসমক আন এক বৰভুঁইকপে জোকাৰি যাব পাৰে বুলি এক স্ক্ৰীণশ্বট ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে শুক্ৰবাৰে অসমক প্ৰায় ৭-৮ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যাব পাৰে বুলি উল্লেখ থকা দেশৰ আগশাৰীৰ বাতৰি কাকত হিন্দুস্তান টাইমছৰ এখন স্ক্ৰীণশ্বট বিভিন্ন হোৱাটছএপ্প গ্ৰুপত ভাইৰেল হৈ পৰিছে, লগতে বিভিন্ন ভুৱা দাবী কৰাও হৈছে। যিহেতু কাইলৈ শুক্ৰবাৰ, আৰু ইতিমধ্যেই অসমৰ জনসাধাৰণৰ মাজত ভূমিকম্পক লৈ শংকাৰ বাতাবৰণ চলি আছে, তেনে সময়ত এনেদৰে ভাইৰেল হোৱা বাতৰিয়ে স্বাভাৱিকতে ৰাইজক ব্যাপকভাৱে শংকিত কৰি তুলিছে। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ভাইৰেল ক্লিপ হৈছে এক ১৫ বছৰ পুৰণি বাতৰিৰ ক্লিপ।

কি এই ভাইৰেল পোষ্ট

শেহতীয়াকৈ হিন্দুস্তান টাইমছৰ এটা পুৰণি বাতৰিৰ স্ক্ৰীণশ্বট অসমৰ মানুহৰ হোৱাটছএপ্প গ্ৰুপবোৰত ব্যাপকভাৱে ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। এই ভাইৰেল নিউজ ক্লিপটোত স্পষ্টভাৱে উল্লেখ আছে যে শুক্ৰবাৰে পুৱা অসমত ৭-৮ প্ৰাবল্যৰ এটা বৰ-ভূঁইকপ অহাৰ সম্ভাৱনা আছে। যিহেতু কাইলৈ শুক্ৰবাৰ আৰু অসমক ইতিমধ্যেই মাত্ৰ দুটা দিনতে ১৯ টাকৈ ভুমিকম্পই জোকাৰি গৈছে, স্বাভাৱিকতে অসমৰ মানুহৰ মাজত এক শংকাই বিৰাজ কৰিছে।

অনুসন্ধান:

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে এই ভাইৰেল স্ক্ৰীণশ্বটটোত থকা কী-ৱৰ্ডসমূহেৰে গুগলত ছাৰ্ছ কৰিবলৈ আৰম্ভ কৰো। আমি শেহতীয়াকৈ প্ৰকাশিত এনেধৰণৰ কোনো বাতৰি লাভ নকৰিলো। কিন্তু আমি এই ভাইৰেল স্ক্ৰীণশ্বটৰ লেখীয়া হুবহু বাতৰি এটা লাভ কৰিলো হিন্দুস্তান টাইমছৰ ৱেবছাইটত। বিগত ৭ ছেপ্তেম্বৰ, ২০২১ তাৰিখে প্ৰকাশিত এই বাতৰিৰ মোবাইল স্ক্ৰীণশ্বট আছিল এই ভাইৰেল স্ক্ৰীণশ্বটটো। উল্লেখ্য যে এই বাতৰিটো IANS ৰ বাবে লিখিছিল ছৈয়দ জাৰিৰ হুছেইনে।

প্ৰকৃত বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

আমি লাভ কৰা তথ্য অনুসৰি এই বাতৰিৰ লেখকগৰাকী বৰ্তমান গুৱাহাটীস্থ এক ইংৰাজী সংবাদ প্ৰতিষ্ঠানত পৰিচালন সম্পাদক হিচাপে কৰ্মৰত।

বিশ্বাস নিউজৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক ছৈয়দ জাৰিৰ হুছেইনৰ সৈতে যোগাযোগ কৰাত তেওঁ নিশ্চিতি দি কয় যে এয়া প্ৰায় ১৫ বছৰ পুৰণি এক বাতৰি, আৰু ইয়াৰ সৈতে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই।

নিষ্কৰ্ষঃ উপসংহাৰ – হিন্দুস্তান টাইমছৰ এক পুৰণি বাতৰিৰ স্ক্ৰীণশ্বট ভুৱা দাবীৰে বাইৰেল কৰি থকা হৈছে। বিশ্বাস নিউজৰ অনুসন্দানত এই কথা পোহৰলৈ আহিছে যে হিন্দুস্তান টাইমছৰ এটা ৱেব প্ৰতিবেদন, য’ত অসমত শুক্ৰবাৰে ৭-৮ প্ৰাবল্যৰ এক ভুমিকম্প অহাৰ কথা উল্লেখ কৰা হৈছে, যিটো এক ১৫ বছৰ পুৰণি বাতৰি আৰু ইয়াৰ সৈতে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ কোনো সংগতি নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later