X
X

Fact Check: নকল পীৰ বাবাক আটক কৰাৰ এই ভিডিঅ’ ভাৰতৰ নহয়, পাকিস্তানৰ হয়

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিল যে, নকল পীৰ বাবাৰ আটক হোৱাৰ এই ভাইৰাল ভিডিঅ’ পাকিস্তানৰ চিয়ালক’টৰ হয়। এই পুৰণি ভিডিঅ’টোক ভাৰতৰ লগত সংযুক্ত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।

  • By: Umam Noor
  • Published: May 31, 2024 at 11:44 AM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত আৰক্ষীক কৱৰ খান্দি থকা দেখা যায়। কৱৰত এজন ব্যক্তি কিছুমান সামগ্ৰীৰ সৈতে আৰামত সুই থকা দেখা পোৱা যায়। ভিডিঅ’টোক ভাৰতৰ বুলি কিছুমান ব্যৱহাৰকাৰীয়ে দাবি কৰি আছে যে, এই পীৰ বাবা জনে নিজৰ কৱৰৰ তলত বহি মানুহক মাতি আছিল আৰু ঠগি আছিল। যেতিয়া আৰক্ষীয়ে এয়া গম পালে তেতিয়া তেঁওলোকে কৱৰ খান্দিলে আৰু এই পীৰ বাবাৰ উলিয়ালে। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিল যে, নকল পীৰ বাবাৰ আটক হোৱাৰ এই ভাইৰাল ভিডিঅ’ পাকিস্তানৰ চিয়ালক’টৰ হয়। এই পুৰণি ভিডিঅ’টোক ভাৰতৰ লগত সংযুক্ত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। 

ভাইৰাল পোষ্টটো কি ?

 ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে,  ”ভক্তৰ আহ্বানত পীৰ বাবাই কৱৰৰ পৰা উত্তৰ দিয়ে। যেতিয়া আৰক্ষীয়ে গম পালে তেতিয়া পীৰ চাহাবক মাতৰ সৈতে উলিয়াই আনিলে। #insta #india #instalike #viralpost”.

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোন প্ৰথমতে আমি কিৱাৰ্ডৰ সৈতে গুগল অপেন ছাৰ্চ কৰিলোঁ। তদন্ত প্ৰক্ৰিয়াত আমি এই ভিডিঅ’টো কিউবি7 নামৰ এখন ইউটিউব চেনেলত 2021 চনৰ  6 এপ্ৰিল তাৰিখে আপল’ড হোৱা দেখা পালোঁ। ইয়াত প্ৰদত্ত তথ্য মতে, নকল পীৰ বাবাৰ এই ঘটনা পাকুস্তনৰ চিয়ালক’টত সংঘটিত হৈছে।

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু আলোচিত ভিডিঅ’টো পাকিস্তানৰ 24 নিউজ এইছডি-ৰ ভেৰিফাইড ইউটিউব চেনেলত বিশেষ সংবাদৰ আকাৰত পালোঁ। 2020 চনৰ 15 ফেব্ৰুৱাৰি তাৰিখে আপল’ড হোৱা ভিডিঅ’টোত থকা তথ্য মতে এই ঘটনাটো পাকিস্তানৰ চিয়াল কটৰ হয়, য’ত এজন ব্যক্তিয়ে কৱৰত কোঠা বনাই থৈছিল আৰু তেঁও কৱৰত বহি কলা জাদু কৰাৰ বাবে মানুহৰ পৰা পইচা লৈছিল। উল্লেখিত ব্যক্তিজনে মানুহক এই বুলিও ঠগিছিল যে, তেঁও  40 দিনলৈ অনাহাৰে কৱৰত থাকিব কিন্তু তেঁও কৱৰত সকলো সুবিধাৰ সৈতে বাস কৰি আছিল আৰু ওলাই যাবলৈ কৱৰৰ চাৰিওফালে চোৰাং পথও খান্দি থৈছিল, যিবিলাক তেঁও যাতায়াতৰ বাবে ব্যৱহাৰ কৰি আছিল।

ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক স্কেনিঙত আমি গম পাইছিলো যে এই পেজটোৰ আট হাজাৰৰও অধিক অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিল যে, নকল পীৰ বাবাৰ আটক হোৱাৰ এই ভাইৰাল ভিডিঅ’ পাকিস্তানৰ চিয়ালক’টৰ হয়। এই পুৰণি ভিডিঅ’টোক ভাৰতৰ লগত সংযুক্ত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।

  • Claim Review : ভিডিঅ'টোক ভাৰতৰ বুলি কিছুমান ব্যৱহাৰকাৰীয়ে দাবি কৰি আছে যে, এই পীৰ বাবা জনে নিজৰ কৱৰৰ তলত বহি মানুহক মাতি আছিল আৰু ঠগি আছিল। যেতিয়া আৰক্ষীয়ে এয়া গম পালে তেতিয়া তেঁওলোকে কৱৰ খান্দিলে আৰু এই পীৰ বাবাৰ উলিয়ালে। 
  • Claimed By : FB Page- Sahaswan ke Sitarey
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later