X
X

সত্যতা নিৰীক্ষণ: পশ্চিম বংগৰ দুমাহ পুৰণি ভিডিও গুজৰাটৰ নিৰ্বাচনৰ সৈতে একেলগ কৰি শ্বেয়াৰ কৰি থকা হৈছে

নতুন দিল্লী (বিশ্বাস নিউজ)। গুজৰাটত নিৰ্বাচনৰ তাৰিখ জাৰী হোৱাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু ক্ষীপ্ৰ গতিত নিৰ্বাচনী প্ৰচাৰ কৰি আছে। ইয়াৰ মাজতে সামাজিক মাধ্যমত মাৰপিটৰ এটা ভিডিও শ্বেয়াৰ কৰি গুজৰাটত ভোট খুজিব যোৱা বিজেপিৰ নেতা আৰু কাৰ্যকৰ্তাসকলক সাধাৰণ জনতাই বেয়াকৈ মাৰপিট কৰা বুলি দাবী কৰা হৈছে।

বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ভিডিওটোৰ দাবী মিছা প্ৰমাণিত হৈছে। গুজৰাটৰ নিৰ্বাচনৰ লগত এই ভিডিওটোৰ কোনো সম্পৰ্ক নাই। ভিডিওটো পশ্চিম বংগৰ হুগলী জিলাত টিএমচি বিধায়ক আৰু বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজৰ কাজিয়াৰহে আছিল। যাক এতিয়া ভুল দাবীৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল কৰি থকা হৈছে।

ভাইৰেল পোষ্টটোত কি আছে?

ফেচবুক কাৰী শিৱ চৰণ গোয়লে ভাইৰেল ভিডিওটো শ্বেয়াৰ কৰি লিখিছে, “ভাজপাৰ লোকসকলে মিছা প্ৰচাৰ কৰোঁতে জনতাই কি কৰিলে… সাধাৰণ গুজৰাটীয়ে যেতিয়া চতুৰ ভাজপা সকলক আক্ৰমণ কৰে… এতিয়া আৰম্ভণিহে, আগলৈ লঙ্কাদাহ বাকী আছে।”

আন কিছুমান ব্যৱহাৰকাৰীয়েও এই ফটোখন সমান আৰু সাদৃশ্যৰ দাবীৰ সৈতে শ্বেয়াৰ কৰে। পোষ্টটোৰ আৰ্কাইব লিঙ্কটো ইয়াৰ পৰা চাব পৰা যায়।

অনুসন্ধান

ভাইৰেল ভিডিওটোৰ সত্যতা জানিবলৈ আমি ভিডিওটোৰ বহুতো কিফ্ৰেম উলিয়াই সেইবোৰ গুগল ৰিভাৰ্চ ইমেজৰ সহায়ত চাৰ্চ কৰিছো। তেতিয়া আমি এই ভিডিওটো বিজেপি নেতা শুভেন্দু অধিকাৰীৰ আধিকাৰিক টুইটাৰ একাউণ্টৰ পৰা আপলোড হোৱা পালো। ভিডিওটো 6 আগষ্ট 2022 ত শ্বেয়াৰ কৰা হৈছিল। আমাক দিয়া তথ্য অনুসৰি, পশ্চিম বংগৰ হুগলী জিলাৰ টিএমচি বিধায়ক অসিত মজুমদাৰে নিজৰ সমৰ্থক সকলৰ সৈতে লগ হৈ বিজেপি কৰ্মকৰ্তাসকলক মাৰপিট কৰে।

অনুসন্ধানটো আগবঢ়াই আমি গুগলত সম্বন্ধিত কিৱৰ্ড বিচৰা আৰম্ভ কৰিলোঁ। ইয়াৰ ফলত আমি দাবীৰ সৈতে জড়িত এটা বাতৰি প্ৰভাত খবৰৰ ৱেবছাইটত 6 আগষ্ট 2022 ত প্ৰকাশিত পালোঁ। বাতৰি অনুসৰি, পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ এজন বিধায়কে নিজৰ সমৰ্থক সকলৰ সৈতে ভাজপা কৰ্মকৰ্তাসকলক দৌৰাই-দৌৰাই মাৰপিট কৰে।

বিধায়ক অসিত মজুমদাৰে প্ৰচাৰ কৰি থকা ভাজপাৰ কৰ্মকৰ্তাসকলক নিজেই লাঠি লৈ খেদিছিল। অসিত মজুমদাৰে নিজেই কেইজনমান কৰ্মকৰ্তাক কোবাইছিল। নিজৰ সমৰ্থক সকলক কৈছিল যে মাৰ, ইয়াৰ ওপৰত আক্ৰমণ কৰ।

এনডিটিভিৰ লগতে আন নিউজ ৱেবছাইটটো এই বাতৰিটো প্ৰকাশিত হৈছে।

অধিক জানিবৰ বাবে আমি কলিকতাত এখন বাতৰি কাকতৰ বাবে কাম কৰা সংবাদদাতা সুজিত কুমাৰৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক ক’লে যে ভাইৰেল হোৱা ভিডিওটো মিছা। এই ভিডিওটো হুগলী জিলাত টিএমচি বিধায়ক আৰু বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা কাজিয়াৰহে। 

অনুসন্ধানৰ শেষত ভুৱা পোষ্ট কৰা ব্যৱহাৰকাৰীজনৰ অনুসন্ধান কৰা হ’ল। গম পোৱা গ’ল যে ফেচবুক প্ৰোফাইলত দিয়া তথ্য অনুসৰি ব্যৱহাৰকাৰীজন দিল্লীৰ নিবাসী। ব্যৱহাৰকাৰীজন এক নীতি আদৰ্শৰে প্ৰভাৱিত।

সামৰণি: বিশ্বাস নিউজৰ অনুসন্ধানত গুজৰাট নিৰ্বাচনৰ নামত হোৱা ভাইৰেল দাবীটো মিছা বুলি প্ৰমাণিত হল। ভাইৰেল ভিডিওটোৰ গুজৰাটৰ নিৰ্বাচনৰ লগত একো সম্পৰ্ক নাই। ভিডিওটো পশ্চিম বংগৰ হুগলী জিলাত টিএমচি বিধায়ক আৰু বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা কাজিয়াৰ। যিটো এতিয়া মিছা দাবীৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল কৰি থকা হৈছে।

  • Claim Review : গুজৰাটত ভোট খুজিব যোৱা বিজেপি নেতা আৰু কৰ্মকৰ্তাসকলক সাধাৰণ জনতাই আক্ৰমণ কৰে।
  • Claimed By : শিৱ চৰণ গোয়ল
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later