Fact Check: দিল্লীত ঝুলনা ভঙাৰ ভুৱা খবৰ ভাইৰাল হৈ আছে

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে ভাইৰাল দাবি ভুৱা হয়, দিল্লীত নাগৰদোলা ভঙাৰ দৰে সাম্প্ৰতিক কালত কোনো সংবাদ ওলোৱা নাই। আৰু এই ভিডিঅ’ৰ লগত যিটো ভুৱা দাবি কৰা হৈছে, ভিডিঅ’খনতও তেনে কোনো ঘটনাৰ দৃশ্য দেখা পোৱা নাযায়।

দিল্লী নতুন (বিশ্বাস নিউজ)। সা মাজিক মাধ্যমত এটা ঝুলনাৰ ভিডিঅ’ ভাইৰাল হৈ আছে। ভাইৰাল ভিডিঅ’ত নাগৰদোলা এটা চলি থকা দেখা গৈছে। নাগৰদোলাৰ এই ভিডিঅ’খন শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, দিল্লীত ঝুলনা ভঙাৰ বাবে ডাঙৰ এক শোকৰ ঘটনা ঘটিছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে ভাইৰাল দাবি ভুৱা হয়, দিল্লীত নাগৰদোলা ভঙাৰ দৰে সাম্প্ৰতিক কালত কোনো সংবাদ ওলোৱা নাই। আৰু এই ভিডিঅ’ৰ লগত যিটো ভুৱা দাবি কৰা হৈছে, ভিডিঅ’খনতও তেনে কোনো ঘটনাৰ দৃশ্য দেখা পোৱা নাযায়।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটোক শ্বেয়াৰ কৰি লিখিছে যে, ”দিল্লীৰ মেলাত ঝুলনা ভাঙি ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ল।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভনিত আমি পুনপ্ৰথমতে নিউজ বিছাৰিলোঁ, এই প্ৰক্ৰিয়াত আমি তেনে কোনো সংবাদ নাপালো। এনে কোনো ঘটনা যদি ঘটিলেহঁতেন, তেন্তে সেইটো সংবাদ শীৰ্ষত থাকিলেহেঁতেন।

আমাৰ তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি ভাইৰাল ভিডিঅ’খন চালো, তাত ক’ত’ নাগৰদোলা ভঙা নাইবা বেলেক কোনোবা ঝুলনা ভঙাৰ কোনো দৃশ্য দেখা নাপালো। বিছাৰি থাকোতে আমি ব’ৰ্ড এখনত ‘নৱ শ্ৰী ধাৰ্মিক লীলা কমিটি’ লিখা পালো।

এই ভিত্তিত গুগল অ’পেন ছাৰ্ছ কৰি আমি 17 অক্টোৱৰ টাইমছ অফ ইণ্ডিয়া ডট ইণ্ডিয়া টাইমছৰ ৱেবচাইটত প্ৰকাশিত এটা সংবাদ পালো। সংবাদত সংযুক্ত তথ্য অনুসৰি, ”দিল্লীৰ লাল কেল্লা মইদানত সোমবাৰ ৰাতি আয়োজিত এটা ৰামলীলা কাৰ্য্যসূচী চলি থকা অৱস্থাত এজন ব্যক্তি আহত হৈ গ’ল। কতৃপক্ষৰ মতে, এই ঘটানা তেনে সময়ত ঘটিল যেতিয়া সজোৱাৰ বাবে ব্যৱহাৰ কৰা বিদ্যুৎৰ সৰঞ্জামবোৰ মঞ্চৰ ওচৰত ভাঙি পড়িল। আহত ব্যক্তিজন ৰামলীলা কমিটিৰ লগত যুক্ত”

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি নৱ শ্ৰী ধাৰ্মিক লীলা কমিটিৰ সম্পাদক প্ৰকাশ বৰাঠিৰ লগত যোগাযোগ কৰিলোঁ আৰু তেঁও আমাক এই সন্দৰ্ভত স্পষ্টীকৰণ দিলে যে, ৰামলীলা মৈদানত ঝুলনা ভঙাৰ দৰে কোনো ঘটনা ঘটা নাই, এই দাবি সম্পূৰ্ণ ভুল।

इस फैक्ट चेक को हिंदी में यहां पढ़ा जा सकता है।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক স্কেনিঙত আমি গম পালো যে, এই পেজটোক 200 ত কৈ অধিক মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে ভাইৰাল দাবি ভুৱা হয়, দিল্লীত নাগৰদোলা ভঙাৰ দৰে সাম্প্ৰতিক কালত কোনো সংবাদ ওলোৱা নাই। আৰু এই ভিডিঅ’ৰ লগত যিটো ভুৱা দাবি কৰা হৈছে, ভিডিঅ’খনতও তেনে কোনো ঘটনাৰ দৃশ্য দেখা পোৱা নাযায়।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস