নতুন দিল্লী (বিশ্বাস নিউজ): বিশ্বাস নিউজৰ চকুত নতুন এটা ভাইৰেল পোষ্ট পৰিছে। তাত কোৱা হৈছে যে বিশিষ্ট ৰাজনীতিক তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজন মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হয়। অৱশ্যে বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা এই দাবী মিছা হয়।
ফেচবুক ব্যৱহাৰকাৰী প্ৰাইম মহাৰাষ্ট্ৰই এটা গ্ৰাফিক শ্বেয়াৰ কৰিছে। তাত মাৰাঠী ভাষাত লিখা আছে যে মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল সুমিত্ৰা মহাজন। তেওঁ ইন্দোৰৰপৰা আঠ বাৰ সাংসদ হৈছে।
সেই পোষ্ট আৰু আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।
বিশ্বাস নিউজে সহজ গুগল কী-ৱাৰ্ড ছাৰ্চ কৰি এই তদন্ত আৰম্ভ কৰিছিল। আমি অনলাইনত এনেকুৱা বাতৰি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ য’ত উল্লেখ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল হিচাপে মহাৰাষ্ট্ৰৰ নাম ঘোষণা কৰা হৈছে।
আমি এনেকুৱা কোনো বাতৰি দেখাই পোৱা নাই। কিন্তু আমি অমৰ উজালা-ত এটা বাতৰি পাইছোঁ। সেই বাতৰিৰ শিৰোনাম, “MP Politics: सुमित्रा महाजन को राज्यपाल बनाने की अटकलें, ताई ने कहा- मुझसे तो किसी ने कुछ पूछा ही नहीं” (মধ্য প্ৰদেশৰ ৰাজনীতি: সুমিত্ৰা মহাজনক ৰাজ্যপাল কৰাক লৈ জল্পনা-কল্পনা। তাই (মাহীদেউ) কৈছে, মোক তো কোনেও একো সোধা হে নাই।)। ইয়াৰপৰা স্পষ্টকৈ গম পোৱা যায় যে ৰাজ্যপাল হিচাপে এতিয়ালৈ সুমিত্ৰ মহাজনৰ নাম ঘোষণা কৰা হোৱা নাই।
আমি এই একে বিষয়ত আন এটা বাতৰি পাইছোঁ দৈনিক ভাস্কৰ-ত।
তদন্তৰ পৰৱৰ্তী পৰ্যায়ত, আমি ANI সাংবাদিক সৌৰভ যোশীৰ সৈতে যোগাযোগ কৰিছিলোঁ, তেওঁ ৰাজনীতিৰ বাতৰি সংগ্ৰহ কৰে। তেওঁ জনাইছে যে সুমিত্ৰা মহাজনৰ নাম এতিয়ালৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে ঘোষণা কৰা হোৱা নাই। ভাইৰেল হোৱা এই দাবী মিছা হয়।
তদন্তৰ অন্তিম পৰ্যায়ত আমি সেই ফেচবুক ব্যৱহাৰকাৰী জনৰ সামাজিক প্ৰেক্ষাপট পৰীক্ষা কৰি চাইছোঁ, যিজনে সেই পোষ্ট শ্বেয়াৰ কৰিছিলে। প্ৰাইম মহাৰাষ্ট্ৰ নামৰ পেজক 11 লক্ষৰো অধিক ব্যৱহাৰকাৰীয়ে পছন্দ কৰিছে আৰু ইয়াক মহাৰাষ্ট্ৰৰ পিম্পৰিৰপৰা চলোৱা হয়।
সিদ্ধান্ত: মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল সুমিত্ৰা মহাজন বুলি ভাইৰেল হোৱা দাবী মিছা হয়। তেওঁৰ নাম এতিয়াও মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে ঘোষণা কৰা হোৱা নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ