বিশ্বাস নিউজে নিজৰ অনুসন্ধানত গম পাইছে যে, শিৰডী সাঁই ট্ৰাষ্টে হজ কমিটিকে হওক বা ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণেই হওক, কোনো দান বৰঙণি আগবঢ়োৱা নাই। এই বিষয়ত ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে, আৰু বহু বছৰ ধৰি এই একে বাতৰি প্ৰচাৰ কৰা হৈ আছে।
নতুন দিল্লী (বিশ্বাস নিউজ)। শিৰডী সাঁই ট্ৰাষ্টৰ নামক আকৌ এবাৰ ভুৱা পোষ্ট এটা ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা হৈ আছে। এই পোষ্টত দাবী কৰা হৈছে যে, এই ট্ৰাষ্টে হজ কমিটিক 35 কোটি টকা দান কৰিছে, কিন্তু ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কোনো দান বৰঙণি আগবঢ়োৱা নাই। অৱশ্যে, আমি নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছোঁ যে, এয়া ভুৱা বাতৰি হয়, আৰু এই বাতৰি বহু বছৰ ধৰি প্ৰচাৰ কৰি অহা হৈ আছে। শিৰডী ট্ৰাষ্টে হজ কমিটিৰ কাৰণেই হওক বা ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণেই হওক, কোনো দান বৰঙণি আগবঢ়োৱা নাই।
ইনষ্টাগ্ৰাম ইউজাৰে স্ক্ৰীণশ্বট এটা শ্বেয়াৰ কৰি লিখিছে, ”শিৰডী ট্ৰাষ্টে হজ কমিটিক 35 কোটি টকা দান কৰিছে। সাঁই ভক্ত হিন্দুসকলক অভিনন্দন। ট্ৰাষ্টে হিন্দুৰপৰা উপাৰ্জন কৰা ধন হজ কমিটিৰ নামত দান কৰি দিছে। কিন্তু এই সাঁই ট্ৰাষ্টে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে এটা পইচাও দিয়া নাই।”
এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।
আমি নিজৰ অনুসন্ধানৰ আৰম্ভণিতে পোন প্ৰথমতে গুগল অ’পেন ছার্চ কৰি এয়া জানিবলৈ চেষ্টা চলাইছিলোঁ যে শিৰডী সাঁই ট্ৰাষ্টে হজ কমিটিক বা ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কোনো দান বৰঙণি আগবঢ়াইছে নে নাই। ছাৰ্চ কৰাৰ পাছত আমি এনেকুৱা কোনো বাতৰিৰ সন্ধান পোৱা নাছিলোঁ। অৱশ্যে এয়াও ক’ব লাগিব যে, ট্ৰাষ্টে সঁচাকৈ এনেকুৱা কিবা দান-বৰঙণি আগবঢ়ালে, সেই ঘটনা বাতৰিৰ শিৰোনামত আহি পালেহেঁতেন।
আমাৰ অনুসন্ধান আগুৱাই লৈ যোৱাৰ কাৰণে আমি শিৰডী সাঁই ট্ৰাষ্টৰ টুইটাৰ, ফেচবুক, আৰু ইনষ্টাগ্ৰাম চালিজাৰি চাইছিলোঁ, কিন্তু সেইবোৰতো আমি এনেকুৱা তথ্যৰ সন্ধান পোৱা নাছিলোঁ।
আমি হজ কমিটি অৱ ইণ্ডিয়াৰো ৱেবছাইট, টুইটাৰ, আৰু ফেচবুক স্কেন কৰি চাইছিলোঁ, কিন্তু সেইবোৰতো শিৰডী সাঁই ট্ৰাষ্টৰ দান-বৰঙণি সম্বন্ধীয় কোনো বাতৰিৰ সন্ধান পোৱা নাই।
আগতেও এই ভুৱা পোষ্ট ভাইৰেল হৈছিল। তেতিয়া এই বিষয়ত নিশ্চিত হোৱাৰ কাৰণে আমি শিৰডী ট্ৰাষ্টৰ জন সম্পৰ্ক বিষয়া তুষাৰ সুদম শেল্কে-ৰ সৈতে কথা পাতিছিলোঁ, আৰু তেওঁ আমাক জানিবলৈ দিছিলে যে, ট্ৰাষ্টে ৰাম মন্দিৰকো কোনো ডোনেচন দিয়া নাই আৰু হজ কমিটিকো দিয়া নাই। তেওঁ লগতে কৈছিলে যে, এনেকুৱা ভুৱা পোষ্ট যিসকলে দিয়ে, তেওঁলোকৰ বিৰুদ্ধে আইন সন্মত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আগতেও যেতিয়া এই এই বিষয়ক লৈ ফেক্ট চেক কৰা হৈছিল, সেয়া ইয়াত পঢ়ি চাব পাৰে।
যিজন ইউজাৰে ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে, তেওঁৰ ইনষ্টাগ্ৰাম প্ৰোফাইলৰ ছ’চিয়েল স্কেন কৰাৰ পাছত আমি গম পালোঁ যে, এই প্ৰোফাইলৰ ফলোৱাৰৰ সংখ্যা 8907, আৰু ইয়াত বিশেষ ভাৱধাৰাৰ কথা শ্বেয়াৰ কৰা হৈ থাকে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ অনুসন্ধানত গম পাইছে যে, শিৰডী সাঁই ট্ৰাষ্টে হজ কমিটিকে হওক বা ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণেই হওক, কোনো দান বৰঙণি আগবঢ়োৱা নাই। এই বিষয়ত ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে, আৰু বহু বছৰ ধৰি এই একে বাতৰি প্ৰচাৰ কৰা হৈ আছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ