Fact Check: মিয়া খলিফায় পাকিস্তানৰ বিশ্ববিদ্যালয়ত বক্তৃতা দিয়া নাই, ছবিখন অক্সফ’ৰ্ডৰ

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত মিয়া খলিফাৰ এখন ছবি ভাইৰাল হৈ আছে, য’ত তেঁওৰ পিছফালে বহুত কিতাব দেখা পোৱা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবি কৰিছে যে, তেঁও সিন্ধৰ খৈৰপুৰৰ আব্দুল শাহ লতীফ বিশ্ববিদ্যালয়ত বক্তৃতা দিছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, খলিফাৰ এই ছবিখন অক্সফ’ৰ্ড ইউনিয়নৰ, য’ত তেঁও যোৱা মাহত এটা আলোচনা চক্ৰৰ বাবে উপস্থিত হৈছিল। সিন্ধৰ বিবিছি-ৰ সংবাদদাতায়ও এই সংবাদৰ তথ্য পোহৰলৈ আনি কৈছে যে, মিয়া খলিফায় শাহ লতীফ বিশ্ববিদ্যালয়ত কোনো বক্তৃতা দিয়া নাই।

ভাইৰাল পোষ্টত কি আছে ?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”মিয়া খলিফাক পাকিস্তানৰ শাহ লতীফ বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

ভাইৰাল ছবিখন গুগল লেঞ্চত বিছৰাৰ পিছত এই ছবিখন ডেইলি ষ্টাৰ ডট ক’ ডট ইউকে-ৰ ওৱেবচাইটত 5 মে 2023 –ত আপল’ড হোৱা পোৱা গ’ল। এই সংবাদৰ লগত থকা তথ্য মতে, লেবনানত জন্ম হোৱা 30 বছৰিয়া মিয়া খলিফা অক্সফ’ৰ্ড ইউনিয়নত আলোচনা চক্ৰৰ বাবে উপস্থিত হৈছিল। কিছুসংখ্যক মানুহে এয়া লৈ ট্ৰ’ল কৰি আছে। সম্পূৰ্ণ সংবাদ ইয়াত পঢ়িব পাৰিব।

এই ছবিখনক খলিফায় নিজৰ ইনস্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি, ইয়াক অক্সফ’ৰ্ড ইউনিয়নত হোৱা এখন আলোচনা চক্ৰৰ ছবি বুলি ঘোষণা কৰিছে।

অক্সফ’ৰ্ড ইউনিয়নৰ অফিছিয়াল ইউটিউব চেনেলত এই আলোচনা চক্ৰখনৰ কিছু অংশ চাব পাৰিব।

সংবাদ অনুসন্ধান কঁৰোতে আমি এনে কোনো তথ্য নাপালো যাতে এই তথ্য প্ৰমানিত হয় যে, পাকিস্তানৰ শাহ লতীফ বিশ্ববিদ্যালয়ত মিয়া খলিফাক আমন্ত্ৰণ জনোৱা হৈছিল। যদি এনে ধৰণৰ কোনো খবৰ হ’লেহেঁতেন, তেন্তে নিউজ ওৱেবচাইটবোৰত থাকিলেহেঁতেন।

শাহ লতীফ বিশ্ববিদ্যালয় খৈৰপুৰৰ মিডিয়া আৰু জনসম্পৰ্ক নিৰ্দেশালয়ৰ ফেচবুক পেজত বহুত অতিথিৰ ছবি আছিলে যদিও তাতে মিয়া খলিফাৰ কোনো ছবি নাছিল।

এই সংবাদৰ সত্যাসত্য নিৰুপনৰ বাবে আমি বিবিছি-ৰ সংবাদদাতা ৰিয়াজ চ’হেলৰ লগত যোগাযোগ কৰিলো, তেঁও আমাক জঁনালে যে মিয়া খলিফায় শাহ লতীফ বিশ্ববিদ্যালয়ত কোনো বক্তৃতা দিয়া নাই। এই দাবি সম্পূৰ্ণ ভুল।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক ষ্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজন পাকিস্তানৰ বাসিন্দা।

اس خبر کو اردو میں یہاں پڑھا جا سکتا ہے۔

উপসংহাৰ:  বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য পোহৰলৈ আনিলে যে, মিয়া খলিফায় পাকিস্তানৰ শাহ লতীফ বিশ্ববিদ্যালয়ত কোনো বক্তৃতা দিয়া নাই। ভাইৰাল হোৱা ছবিখন অক্সফ’ৰ্ড ইউনিয়নৰ, য’ত তেঁও যোৱা মাহত এখন আলোচনা চক্ৰৰ বাবে উপস্থিত হৈছিল।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস