Fact Check: কাটাৰত আঠজন ভাৰতীয়ৰ মৃত্যুদণ্ড বাতিল কৰা বুলি দাবী কৰা ভাইৰাল পোষ্টটো ভুল

নতুন দিল্লী বিশ্বাস নিউজ- কাটাৰত মৃত্যুদণ্ডৰ শাস্তি পোৱা আঠজন ভাৰতীয়ক লৈ সামাজিক মাধ্যমত এটা পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে। এই দাবীৰ মতে, কাটাৰে এই ব্যক্তিসকলৰ ওপৰত দিয়া মৃত্যুদণ্ড বাতিল কৰাৰ সিদ্ধান্ত লৈছে। তদন্তৰ মাধ্যমে বিশ্বাস নিউজে এই তথ্য পোহৰলৈ আনিছে যে, কাটাৰ আদালতে সঁচাকৈয়ে আঠজন প্ৰাক্তন নৌসেনাৰ জোৱানক দিয়া শাস্তিৰ বিৰুদ্ধে ভাৰতৰ আবেদন স্বীকাৰ কৰিছে। কিন্তু ৰেহাই দিয়া শাস্তিসমূহৰ দাবী ভুল বুলি স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ।

কি ভাইৰাল হৈ আছে?

এসন ব্যৱহাৰকাৰীয়ে এই দাবীটো বিশ্বাস নিউজৰ টিপলাইন নম্বৰ 9599299372-ত পঠাইছে আৰু ইয়াৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। 

ফেচবুক ব্যৱহাৰকাৰী ‘কংগ্ৰেছ মুক্ত ভাৰত’-এ 30 নভেম্বৰ পিএম মোদীৰ ছবি পোষ্ট কৰি লিখিছে যে, “বিশ্ব নত হ’ব…. নত কৰাবলৈ কাৰোবাক প্ৰয়োজন। ব্ৰেকিং নিউজ। ভাৰতত বাস কৰা খুব ভাল কথা যেতিয়া দেশখন মোদীজীয়ে শাসন কৰি আছে। কাটাৰে 8 জন ব্যক্তিৰ মৃত্যুদণ্ড বাতিল কৰিছে : ক’লে যে ভাৰতৰ বন্ধুত্ব বেছি জৰুৰি…!!! @মোদী-2024 ব্ৰেকিং নিউজ। ভাৰতত বসবাস কৰা অতি সুখকৰ যেতিয়া ইয়াত মোদীজীৰ শাসন চলি আছে। আছে। কাটাৰে 8 জন ব্যক্তিৰ মৃত্যুদণ্ড বাতিল কৰিছে : ক’লে যে ভাৰতৰ বন্ধুত্ব বেছি জৰুৰি…!!! @মোদী-2024। মোদীয়ে আপোনালোকক যিকোনো স্থানৰ পৰা জীৱিত আৰু সুৰক্ষিত ঘুৰাই আনিব পাৰে। টানেলৰ পৰা 41 জন শ্ৰমিকক জীৱিত উঠাই অনাৰ পিছত, 8 জন ব্যক্তি যিসকলক মৃত্যুদণ্ড বিহা হৈছিল তেঁওলোকও ঘুৰি আহিব।”

তদন্ত:

তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ, আমি সঠিক কিৱৰ্ড ব্যৱহাৰ কৰি গুগলৰ সহায় ললো কিন্তু ভাইৰাল দাবীৰ সমৰ্থনত কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদন নাপালো। 24 নভেম্বৰ এনডিটিভি ৱেবচাইটত প্ৰকাশিত এটা প্ৰবন্ধত কোৱা হৈছে যে, যোৱা মাহত চোৰাংচোৱাগিৰিৰ অভিযোগত দোষী সাব্যস্ত হোৱা আঠজন প্ৰাক্তন দিয়া মৃত্যুদণ্ডৰ বিৰুদ্ধে ভাৰতৰ আবেদন কাটাৰ আদালতে মানি লৈছে। 

বাতৰি অনুসৰি 2022 চনৰ আগষ্ট মাহত কাটাৰৰ চোৰাংচোৱা সংস্থাই চোৰাংচোৱাগিৰিৰ অভিযোগত এই ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰিছিল আৰু যোৱা মাহত কাটাৰৰ আদালতে তেঁওলোকৰ বিৰুদ্ধে ৰায়দান কৰিছিল। ভাৰতীয় কতৃপক্ষই তেঁওলোকৰ মুক্তি নিশ্চিত কৰাৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আছে। ধৃত ব্যক্তি কেইজনৰ ভিতৰত আছে কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডৰ সুগনাকৰ পাকলা, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কেপ্তেইন নৱজীত সিং গিল, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বৰ্মা, কেপ্তেইন সৌৰভ বশিষ্ট আৰু নাৱিক ৰাগেশ গোপকুমাৰ, যাৰ সকলোৱে 20 বছৰ লৈকৈ ভাৰতীয় নৌসেনাৰ বাবে সেৱা আগবঢ়াইছে।

30 নভেম্বৰত উইয়নত প্ৰকাশিত এক ভিডিঅ’ নিউজ ৰিপোৰ্টত উল্লেখ কৰা হৈছে যে, কাটাৰত থকা আঠজন প্ৰাক্তন ভাৰতীয় মেৰিনৰ আবেদন আজি শুনানি গ্ৰহণ কৰা হ’ল। কিন্তু এইবোৰৰ কোনো এটা সূত্ৰই তেঁওলোকৰ শাস্তি ৰেহাইৰ সন্দৰ্ভত তথ্য প্ৰদান কৰা নাই।

পৰৱৰ্তী সময়ত আমি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীৰ টুইটাৰ হেণ্ডেল পৰীক্ষা কৰিলোঁ কিন্তু ভাইৰাল দাবীৰ সমৰ্থনত কোনো তথ্য পোৱা লগ’ল একেদৰে বৈদেশিক মন্ত্ৰী ড. এছ জয়শংকৰৰ টুইটাৰ হেণ্ডেলত ভাইৰাল দাবী নিশ্চিত কৰা কোনো তথ্য নাছিল।

পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই দৈনিক জাগৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সংবাদদাতা জেপি. ৰঞ্জনে স্পষ্ট কৰি দিয়ে যে, “কাটাৰ আদালতে কেৱল শাস্তিৰ বিৰুদ্ধে আবেদনত অনুমোদন জনাইছে;  শাস্তি এতিয়াও বাতিল কৰা হোৱা নাই। সামাজিক মাধ্যমত ভাইৰাল দাবী মিছা।”

কাটাৰত মৃত্যুদণ্ড পোৱা আঠজন ভাৰতীয়ৰ বিষয়ে ভুৱা দাবী কৰা ব্যৱহাৰকাৰীৰ ফেচবুক প্ৰফাইলৰ ওপৰত আমি অধিক তদন্ত কৰিলোঁ। 27 ছেপ্টেম্বৰ 2013 তাৰিখে সৃষ্টি কৰা এই পেজটোৰ অনুগামীৰ সংখ্য প্ৰায় 33,000 হাজাৰ।

উপসংহাৰ: কাটাৰৰ আদালতে প্ৰথমে চোৰাংচোৱাগিৰিৰ অভিযোগত আঠজন ভাৰতীয়ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত আদালতে মানি লৈছিল যে, শাস্তিক বিৰুদ্ধে ভাৰতে কৰা আবেদনখন মন কৰিবলগীয়া, অৱশ্যে শাস্তি ৰেহাই দিয়া হৈছে বুলি কোৱাটো ভুল।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস