Fact Check: ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে নেপালী ৰেপাৰ য়ামা বুদ্ধৰ স্কেচ্ছ ধৰি থকা নাছিল, সম্পাদিত ছবি ভাইৰেল
বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। মূল ছবিখনত, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ ধৰি আছিল, নেপালী ৰেপাৰ য়ামা বুদ্ধৰ স্কেচ্ছ নহয়।
- By: Rangman Das
- Published: Sep 28, 2021 at 10:02 AM
- Updated: Feb 21, 2022 at 07:36 PM
বিশ্বাস নিউজ (গুৱাহাটী): পৰ্তুগীজ আৰু ম্যানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এখন ফটো ভাইৰেল হৈ আছে য’ত তেওঁক হাতত নেপালী ৰেপাৰ য়ামা বুদ্ধৰ এখন স্কেচ ধৰি থকা দেখা গৈছে। ফটোখন বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত সম্পাদিত তথা ৰূপান্তৰিত হোৱা দেখা গৈছিল। মূল ছবিখনত, ফুটবল ছুপাৰষ্টাৰগৰাকীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা লাভ কৰা এখন প্ৰমাণপত্ৰহে ধৰি আছিল, য়ামা বুদ্ধৰ স্কেচ নহয়।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ইউজাৰ Smriti Rai য়ে বিগত ২১ ছেপ্তেম্বৰ ২০২১ তাৰিখে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছিল, “Ronaldo carrying yama buddha sketch Just wow” ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – ৰ’ণাল্ডোৱে য়ামা বুদ্ধৰ স্কেচ্চ ধৰি আছে, আকৰ্ষণীয়।।
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে প্ৰথমে এই পোষ্টটো পৰীক্ষা কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিল। আমি এই ছবিখন Cristiano Ronaldo ৰ অফিচিয়েল ফেচবুক পৃষ্ঠাতো আপলোড কৰা কৰিছিলো। আমি আনকি এইটো Guinness World Records ৰ ভেৰিফাইড ফে’চবুক পৃষ্ঠাতো পাইছিলো। ক্ৰিষ্টিয়ানোৱে ২০২১ চনৰ ৩ ছেপ্টেম্বৰত আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক স্ক’ৰ কৰা ব্যক্তি হোৱাৰ সন্মানৰ বাবে গিনিছ বিশ্ব ৰেকৰ্ডৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিছিল।
https://www.guinnessworldrecords.com/. তো আমি এই ছবিখন এটা বাতৰি প্ৰবন্ধতো পাইছিলো। বাতৰিটো চাবলৈ ইয়াত ক্লিক কৰিব পাৰিব। আনকি পৃথিৱীৰ বহুতো নিউজ ৱেবছাইটেও এই বাতৰিটো প্ৰকাশ কৰিছিল।
ছবি দুখনৰ মাজৰ পাৰ্থক্য তলৰ কোলাজত দেখা যায়।
আমি এই সন্দৰ্ভত আছাম ট্ৰিবিউন কাকতৰ ক্ৰীড়া সাংবাদিক আব্দুল গণিৰ সৈতে যোগাযোগ কৰিছিলোঁ। এই ছবিখনৰ বিষয়ে সোধাত তেওঁ আমাক কয়, “২০২১ চনৰ ২ ছেপ্টেম্বৰত প্ৰাক্তন ইৰানী ষ্ট্ৰাইকাৰ আলী দাইক চেৰ পেলাই পৰ্তুগালৰ অধিনায়ক ৰ’ণাল্ডোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলত গ’ল কৰাৰ পিছতে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ লাভ কৰে আৰু ইয়াৰ পিছতে তোলা হৈছিল এই ফটোখন। পৰ্তুগাল ফুটবল দলৰ অধিনায়ক হৈ থকা ক্ৰিষ্টিয়ানোৱে সেই মেচখনত ২ টা গ’ল কৰে আৰু পৰ্তুগালৰ হৈ ১১১ তম গ’ল কৰি আন্তঃৰাষ্ট্ৰীয় ফুটবল ইতিহাসৰ সৰ্বাধিক গ’ল স্ক’ৰাৰ। এতিয়া সেই ছবিখনকে সম্পাদনা কৰি ভাইৰেল কৰি তোলা হৈছে।
শেষত ফেচবুক গ্ৰুপ Portugal Football Fans ত পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী স্মৃতি ৰায়ৰ প্ৰ’ফাইল স্কেন কৰা হ’ল। প্ৰ’ফাইলটো স্কেন কৰাৰ পিছত, আমি ইয়াক এটা অনুৰাগী বুলি জানিব পাৰিছিলো। ব্যৱহাৰকাৰীজনৰ ১০৯০ জন অনুসৰণকাৰী আছে। তেওঁ নেপালৰ তেৰহাথামৰ লোক।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। মূল ছবিখনত, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ ধৰি আছিল, নেপালী ৰেপাৰ য়ামা বুদ্ধৰ স্কেচ্ছ নহয়।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.