X
X

Fact Check: ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ সভাক বাংলাদেশৰ সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে অসমত হিন্দু ৰেলীৰ নামেৰে ভাইৰেল

কৰ্ণাটকত ২০১৯ চনত আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ৰাজহুৱা সভাৰ ফটোক বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে অসমত হিন্দু লোকসকলে আয়োজন কৰা সভাৰ ফটো বুলি ভুৱা দাবীৰে ভাইৰেল।

  • By: Abhishek Parashar
  • Published: Nov 1, 2021 at 12:48 AM
  • Updated: Feb 8, 2023 at 09:31 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। দুৰ্গা পূজাৰ সময়ত বাংলাদেশত সাম্প্ৰদায়িক হিংসা আৰম্ভ হোৱাৰ পিছৰে পৰা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ বিভিন্ন ভিডিঅ’ আৰু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। একেধৰণেৰে, ভাইৰেল হৈ থকা এখন ছবিত দেখা গৈছে এখন বিশাল পথাৰত বৃহৎ সংখ্যক লোকৰ জনসমাগম। এই ছবিৰ সৈতে দাবী কৰা হৈছে যে বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ প্ৰতিক্ৰিয়াস্বৰূপে অসমত হিন্দুসকলৰ এক বৃহৎ সভাৰ আয়োজন কৰা হৈছে।

বিশ্বাস নিউজ অনুসন্ধানত এই দাবীটো মিছা আৰু অপপ্ৰচাৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবিখন কৰ্ণাটকৰ মাংগালোৰত নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সভাৰ এখন পুৰণি ছবি, যিটো বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ প্ৰতিক্ৰিয়াস্বৰূপে অসমত এক হিন্দু সভাৰ বুলি উল্লেখ কৰি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ছ’চিয়েল মিডিয়া ইউজাৰ ‘Tapash Bhattacharjee’ এ ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ”জয় শ্রী ৰাম✌ অসম বাংলাদেশ সীমান্তত তীব্র উত্তেজনা!

বাংলাদেশত চলি থকা হিন্দু গণহত্যাই সমগ্র বৰাকৰ পৰা আৰম্ভ কৰি গুৱাহাটী পৰ্যন্ত অসমৰ সর্বস্তৰৰ হিন্দুসকল জাগি উঠিছে! ভাৰত বাংলাদেশ সীমান্ত আৰু সীমান্তৱর্তী মুছলিম বহুল এলেকাবোৰত ৰেড এলার্ট!

জয় শ্রী ৰাম✊
জাগা হিন্দু🕉️” (” জয় শ্ৰী ৰাম ✌)

অনুসন্ধান

ভাইৰেল হৈ থকা ফটোখনত গেৰুৱা পতাকা আৰু গেৰুৱা বস্ত্ৰ পিন্ধি থকা বহুসংখ্যক লোকক দেখা গৈছে। এই ফটোখন গুগল ৰিভাৰ্ছ ইমেছ ছাৰ্ছ কৰোতে আমি টুইটাৰ ইউজাৰ ‘@omgs_tweets’ ৰ প্ৰ’ফাইলৰ পৰা ২৩ মে’ ২০২০ তাৰিখে কৰা এটা টুইট দেখিবলৈ পাইছিলো, য’ত উল্লেখ থকা চাৰিখন ফটোৰ ভিতৰত এখন আছিল এই ভাইৰেল হোৱা ফটোখন।

উল্লেখ থকা তথ্য অনুসৰি, “এই ছবিখন ২০১৯ চনত কৰ্ণাটকৰ মাংগালোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী জনসভাৰ।’

আমি ১৪ এপ্ৰিল, ২০১৯ তাৰিখে বাতৰি অনুসন্ধানত mynation.com ৱেবছাইটত প্ৰকাশিত এখন ফটো গেলেৰীত ছবিখন বিচাৰি পাইছিলো।

প্ৰদান কৰা তথ্য অনুসৰি, গেলেৰীত ব্যৱহৃত সকলো আলোকচিত্ৰ (ভাইৰেল ফটোসহ) কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলীৰ। এতিয়ালৈকে আমাৰ অনুসন্ধানৰ পৰা, এইটো স্পষ্ট যে ভাইৰেল ছবিখন বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা সাম্প্ৰদায়িক হিংসাৰ প্ৰতিক্ৰিয়াস্বৰূপে অসমত হিন্দু ৰেলীৰ সৈতে সম্পৰ্কিত নহয়, কিন্তু কৰ্ণাটকৰ এখন পুৰণি ৰাজহুৱা সভাৰ সৈতে সম্পৰ্কিত। আমি এই ছবিখনৰ বিষয়ে অসমৰ স্থানীয় সংবাদ প্ৰতিষ্ঠান দ্য ছেণ্টিনেলৰ সাংবাদিক পল্লৱী শইকীয়াৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ নিশ্চিত কৰি কয়, “সাম্প্ৰতিক সময়ত অসমত এনে ধৰণৰ কোনো সভা বা সমদল হোৱা নাই।”

ভুল দাবীৰ সৈতে ভাইৰেল ছবিখন শ্বেয়াৰ কৰা ইউজাৰজনে নিজকে তেওঁৰ প্ৰ’ফাইলত চিটাগঙৰ বাসিন্দা বুলি বৰ্ণনা কৰিছে। এই প্ৰফাইলটো ২০২১ চনৰ অক্টোবৰৰ পৰা ফেচবুকত সক্ৰিয় হৈ আছে।

নিষ্কৰ্ষঃ কৰ্ণাটকত ২০১৯ চনত আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ৰাজহুৱা সভাৰ ফটোক বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে অসমত হিন্দু লোকসকলে আয়োজন কৰা সভাৰ ফটো বুলি ভুৱা দাবীৰে ভাইৰেল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later