X
X

ফেক্ট চেক: ফটোগ্ৰাফাৰে মাটিত বাগৰি প্ৰধানমন্ত্ৰী মোডীৰ ছবি তুলি থকা ফটোখন এডিট কৰি বনোৱা হৈছে

বিশ্বাস নিউজ (নতুন দিল্লী): বিভিন্ন প্লেটফৰ্মত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন ফটো ব্যাপক হাৰত শ্বেয়াৰ হৈ আছে। ফটোখন বিশ্বাস নিউজৰো চকুত পৰিছে। ফটোখনত দেখা পোৱা গৈছে যে এজন ফটোগ্ৰাফাৰে মাটিত বাগৰি প্ৰধানমন্ত্ৰীৰ ছবি তুলি আছে। বিশ্বাস নিউজ ইয়াৰ তদন্ত কৰি গম পাইছে যে ফটোখন এডিট কৰি বনোৱা হৈছে। দুটা ফটো লগ লগাই এখন ছবি বনোৱা হৈছে।

দাবী:

টুইটাৰ ইউজাৰ নেহা সিং ৰাঠোৰ নিজৰ প্ৰ’ফাইলত ফটোখন শ্বেয়াৰ কৰি লিখিছে, “क्या सीन है“ (বাঃ, কি দৃশ্য!)

এই পোষ্ট আৰু ইয়াৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত:

বিশ্বাস নিউজে গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ-ৰ দৰে সহজ পদ্ধতি অৱলম্বন কৰি নিজেৰ গৱেষণা কৰিছিল। সেইটো কৰাৰ পাছত আমি দেখা পালোঁ যে, দিল্লীৰ গান্ধী স্মৃতিত এটা প্ৰাৰ্থনা সভাৰপৰা 2 অক্টোবৰ, 2021 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অফিচিয়েল একাউণ্টৰপৰা টুইট এটা কৰা হৈছিল।

টুইটত থকা দ্বিতীয় ছবিখন একেবাৰে ভাইৰেল হোৱা ছবিখনৰ দৰেই। সেই ছবিখনত কোনো ফটোগ্ৰাফাৰক দেখা পোৱা যোৱা নাই।

আমি প্ৰধানমন্ত্ৰী মোডীৰ এই ছবিখন siasat.com-তো দেখা পাইছোঁ। ছবিখনৰ কেপশ্বনত লিখা আছে: “নতুন দিল্লী: মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যত দিল্লীৰ গান্ধী স্মৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। (পিটিআই চিত্ৰ)”

তাৰ পাছত আমি আন এখন ছবি পৰীক্ষা কৰি চালোঁ। য’ত ফটোগ্ৰাফাৰ জনক দেখা পোৱা গৈ আছে।

আমি কী-ৱৰ্ড দি ছাৰ্চ কৰি এই ছবিখনক লৈ অনুসন্ধান চলাইছিলোঁ। কিয়নো ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি কোনো ফল পোৱা নাছিলোঁ।

আমি গুগল ছাৰ্চ ইঞ্জিনত এই কী-ৱৰ্ডবোৰ দিছিলোঁ, ‘photographer capturing photo lying on ground‘।

আমি ফটোগ্ৰাফাৰজন থকা ছবিখন alamy নামৰ ষ্টক ইমেজৰ ৱেবছাইট এটাত পালোঁ। সেই ছবিখনত প্ৰধানমন্ত্ৰী মোডীৰ কোনো চিনেই নাই।

ৱেবছাইটটোত ছবিখন 15 মাৰ্চ, 2017 তাৰিখে দিয়া হৈছিল। তাৰ কেপশ্বনত লিখা আছে, “বেলেগ এটা দৃষ্টিকোণৰপৰা এখন ডাঙৰ বিল্ডিং-ৰ ছবি তোলাৰ কাৰণে মাটিত বাগৰি পৰিছে এজন ফটোগ্ৰাফাৰে। সৃজনশীল আলোকচিত্ৰ শৈলী। ”

ছবিখন দিছে ‘Ingemar Magnusson‘ নামৰ মানুহ এজনে। বিশ্বাস নিউজে ই-মেইলৰ জৰিয়তে সেই মানুহজনৰ লগতো যোগাযোগ কৰিছিল। কিন্তু তেওঁৰপৰা আমি এতিয়ালৈ কোনো উত্তৰ পোৱা নাই।

আমাৰ তদন্তৰ পৰৱৰ্তী পৰ্যায়ত আমি পিটিআই-ৰ ফটো ডেস্কত কাম কৰা এজন সাংবাদিকৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ এয়া নিশ্চিত কৰি কৈছে যে, 2021-ত শ্বেয়াৰ হোৱা নৰেন্দ্ৰ মোডীৰ ছবিখন পিআইবি দিছিল আৰু সেয়া মুকলি কৰিছিল পিটিআই।

বিশ্বাস নিউজে বিজেপি-ৰ মুখপাত্ৰ শিৱৰাজ কুলকাৰ্ণি-ৰ সৈতেও যোগাযোগ কৰিছিল। তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ছবিখন এডিট কৰি বনোৱা হৈছে। লগতে তেওঁ এয়াও দাবী কৰিছে যে প্ৰধানমন্ত্ৰী ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে বিৰোধী দলসমূহে এইবোৰ কাম কৰিছে।

বিশ্বাস নিউজে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিছে। তেওঁলোকৰপৰা কিবা মন্তব্য আহিলেই সেয়া উল্লেখ কৰি এই ফেক্ট চেক পুনৰ প্ৰকাশ কৰা হ’ব।

তদন্তৰ শেষ পৰ্যায়ত বিশ্বাস নিউজে সেই ইউজাৰজনৰ বেকগ্ৰাউণ্ড চেক কৰি চাইছে যিজনে ভাইৰেল হোৱা ছবিখন শ্বেয়াৰ কৰিছিলে। টুইটাৰত তেওঁৰ অৰ্থাত নেহা সিং ৰাঠোৰক অনুসৰণ কৰা মানুহৰ সংখ্যা 19.7 হেজাৰ।

সিদ্ধান্ত: বিশ্বাস নিউজৰ তদন্তত গম পোৱা গৈছে যে, মাটিত বাগৰি এজন ফটোগ্ৰাফাৰে প্ৰধানমন্ত্ৰী মোডীৰ ছবি তুলি থকা ফটোখন এডিট কৰি বনোৱা হৈছে। ভাইৰেল হোৱা এই ফটোখন মিছা হয়।

  • Claim Review : কি দৃশ্য!
  • Claimed By : নেহা সিং ৰাঠোৰ
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later