Fact Check: প্ৰধানমন্ত্ৰী মোডীৰ ছবিক বিকৃত কৰি ৰাম ৰহিমৰ ছবি লগোৱা হৈছে
- By: Jyoti Kumari
- Published: Apr 27, 2023 at 04:28 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন ছবি ভাইৰেল হৈ আছে। সেই ছবিত দেখা পোৱা গৈ আছে যে তেওঁ ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমৰ ছবি থকা এখন ফটো ফ্ৰেম হাতত লৈ আছে। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এই ছবিখন ভাইৰেল হৈ আছে। ইউজাৰসকলে এই ছবিখনক সঁচা বুলি ভাবি ভাইৰেল কৰি আছে।
বিশ্বাস নিউজে ভাইৰেল হোৱা এই পোষ্টৰ তদন্ত কৰি চাইছে। পোষ্টটো মিছা বুলি প্ৰমাণিত হৈছে। এইটো কথা গম পোৱা গৈছে যে প্ৰধানমন্ত্ৰী মোডীৰ ভাইৰেল ছবিখন এডিট কৰি বনোৱা হৈছে। এডিট কৰি তেওঁৰ হাতত গুৰমীত ৰাম ৰহিমৰ ছবি থকা ফটো ফ্ৰেম বহুৱাই দিয়া হৈছে। আচল ছবিত প্ৰধানমন্ত্ৰী মোডীৰ হাতত থকা ফ্ৰেমত ভাৰতৰ বিভিন্ন ধৰণৰ সোণৰ মুদ্ৰা আছে। এই আচল ছবিখন 2015-ত দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানৰ হয়। সেইখনক হে এডিট কৰি মিছা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।
ভাইৰেল পোষ্টত কি আছে
ইনষ্টাগ্ৰাম হেণ্ডল ‘sweety_insan90’ 24 এপ্ৰিলত ছবি শ্বেয়াৰ কৰিছিল। ছবিখনৰ উপৰত লিখা আছে, “দেশত এঁৱেই আছে, যিজন সকলো সমস্যাৰ সমাধান সহজতে কৰি দিব পাৰে।”
এডিট কৰি বনোৱা প্ৰধানমন্ত্ৰীৰ আন কিছুমান ছবিও বহু কেইজন ইউজাৰে শ্বেয়াৰ কৰি আছে। কোনো-কোনো ছবিত তেওঁৰ হাতত সাঁই বাবা, সত্য সাঁই বাবা প্ৰমুখ স্বামী মহাৰাজৰ ছবি থকা ফ্ৰেম দেখা পোৱা গৈ আছে। ভাইৰেল পোষ্টক সঁচা বুলি ভাবি অন্যান্য ইউজাৰেও সেইটোক ভাইৰেল কৰি আছে। ইয়াৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।
তদন্ত
বিশ্বাস নিউজে প্ৰধানমন্ত্ৰী মোডীৰ ভাইৰেল ছবিৰ সত্যতা গম পোৱাৰ কাৰণে পোন প্ৰথমতে গুগল ৰিভাৰ্ছ ইমেজ টুল ব্যৱহাৰ কৰিছে। সেয়া কৰি থাকোঁতে আচল ছবিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইটাৰ হেণ্ডলত পোৱা গৈছিল। 5 নৱেম্বৰ 2015 তাৰিখে কৰা সেই টুইটত লিখা আছে, “গৰ্বৰ মুহূৰ্ত… অশোক চক্ৰ থকা ভাৰতীয় স্বৰ্ণমুদ্ৰাৰ শুভ সূচনা।” এই টুইট ইয়াত চাব পাৰে।
ছাৰ্চ কৰি থাকোঁতে আমি প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক ৱেবছাইটতো আচল ছবিখন দেখা পাইছোঁ। 5 নৱেম্বৰ 2015 তাৰিখে প্ৰকাশ পোৱা বাতৰিত ব্যৱহাৰ হোৱা ছবিত প্ৰধানমন্ত্ৰীৰ সৈতে তদানীন্তন অৰ্থমন্ত্ৰী অৰুণ জেটলি আৰু নিৰ্মলা সীতাৰমণ উপস্থিত হৈ আছে। এই ছবিখন 2015-ৰ নৱেম্বৰত আয়োজিত এখন অনুষ্ঠানৰ হয়। য’ত চৰকাৰে সোণৰ লগত যুক্ত বহু কেইখন আঁচনি মুকলি কৰিছিল। সেই ছবিখনক এতিয়া এডিট কৰি ভাইৰেল কৰা হৈ আছে।
সেই অনুষ্ঠানৰ ভিডিঅ’ প্ৰধানমন্ত্ৰী মোডীৰ আনুষ্ঠানিক ইউটিউব চেনেলতো চাব পৰা যাব। এই ভিডিঅ’টোক 5 নৱেম্বৰ 2015-ত আপলোড কৰা হৈছিল।
ভাইৰেল ছবিখনৰ বিষয়ে আমি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ বিজয় সোনকৰ শাস্ত্ৰীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ নিশ্চিত কৰি কৈছে, “এই ছবিখনক এডিটিং কৰি তৈয়াৰ কৰা হৈছে।”
তদন্তৰ শেষত আমি ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ইউজাৰৰ প্ৰফাইলৰ ছ’চিয়েল স্কেনিং কৰি চাইছোঁ। তেতিয়া আমি গম পাইছোঁ যে এইজন ইউজাৰ বিশেষ এক আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হয়। এইজন ইউজাৰক ইনষ্টাগ্ৰামত 715 জন মানুহে ফলো কৰি থাকে।
উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত প্ৰমাণিত হৈছে যে প্ৰধানমন্ত্ৰী মোডীৰ ভাইৰেল হোৱা ছবিখন এডিট কৰি বনোৱা হৈছে। আচল ছবিখনত তেওঁৰ হাতত মুদ্ৰা থকা এখন ফ্ৰেম আছিল। সেই ছবিখনক হে বিকৃত কৰি বেলেগকৈ গুৰমীত ৰাম ৰহিমৰ ছবি লগাই দি ভাইৰেল কৰা হৈ আছে।
- Claim Review : দেশত এঁৱেই আছে, যিজন সকলো সমস্যাৰ সমাধান সহজতে কৰি দিব পাৰে।
- Claimed By : sweety_insan90
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.