Fact Check: 2010 চনত পাকিস্তানৰ বন্যাত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ ছবিক অৰ্থনৈতিক সংকটৰ লগত যোঁজ দিয়া মানুহৰ ছবি হিচাপে ভাইৰাল কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে, য’ত খাবলৈ বাচন বৰ্তন লৈ বহুত মানুহক সাৰি পাতি থিয় হৈ থকা দেখা গৈছে। ভাইৰাল ছবিখনক পাকিস্তানত চলি থকা অৰ্থনৈতিক সংকটৰ লগত সম্পৰ্কিত বুলি শ্বেয়াৰ কৰা হৈ আছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এয়া তথ্য লাভ কৰিলে যে এই ছবিখন ২০১০-ত পাকিস্তানত বন্যা কালত প্ৰস্তুত কৰা অস্থায়ী বান শিৱিৰৰ হয়। এই পুৰণী ছবিখনক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখনক শ্বেয়াৰ কৰি লিখিছে যে, “এই ধুনিয়া ছবিখন পৰমাণু বোমাৰ শক্তি সম্পন্ন পাকিস্তানৰ পৰা আহিছে আৰু এঁওলোকে কাশ্মীৰ ল’ব বিছাৰে কিন্তু বৰ্তমান তেঁওলোকৰ তাত চুনও 170 টকা কিলো বিক্ৰি হৈ আছে…!”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

নিজৰ তদন্তৰ আৰম্ভণীত বিশ্বাস নিউজে পুনপ্ৰথমত গুগল লেঞ্চৰ সহায়ত ভাইৰাল হোৱা ছবিসমূহ বিছাৰিলে। এই তদন্ত কাৰ্যত এই ছবিখন আমি বহুত নিউজ চেনেলৰ ওৱেবচাইটত দেখা পালো।

চিএনএন-ৰ ওৱেবচাইটত 24 আগষ্ট 2010-ত প্ৰকাশিত হোৱা সংবাদত এই ছবিখনকে দেখা পোৱা গৈছে। ইয়াত ছবিৰ লগত প্ৰদান কৰা তথ্য অনুসৰি, “23 আগষ্ট, 2010 ত চক্কুৰত অস্থায়ী শিৱিৰত খাদ্য আৰু পানীৰ বাবে বাট চাই থকা বানাক্ৰান্ত মানুহসকল ।”

24 আগষ্ট 2010-ত আপলোড হোৱা দি গাৰ্ডিয়ানৰ ফ’টো গেলাৰীতও এই ভাইৰাল ছবিখন দেখা পোৱা গৈছে। ইয়াত খবৰত আৰু ভীড়ৰ ছবি দেখা পোৱা গৈছে। ভাইৰাল ছবিৰ বিষয়ত ইয়াত কোৱা হৈছে যে, “চুক্কুৰত বান শিৱিৰত খোৱাৰ সাৰিত থিয় হৈ থকা মানুহবোৰ ।”

পোষ্টৰ নিশ্চিতিকৰণৰ বাবে আমি পাকিস্তানৰ আজ টিভিৰ চিনিয়ৰ কণ্টেণ্ট প্ৰডিউচাৰ আদিল আলীৰ লগত যোগাযোগ কৰিঁলো আৰু তেঁও আমাক জঁনালে যে ভাইৰাল হোৱা ছবিখন বন্যাৰ পিছৰ আৰু ইয়াৰ বৰ্তমান আৰ্থিক সংকটৰ পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই।

সংবাদসমূহৰ মতে, পাকিস্তানত আৰ্থিক সংকটৰ বাবে মানুহসমূহক বহুত সমস্যাৰ সন্মূখীন হ’ব লগা হৈ আছে। সংবাদখন ইয়াত পঢ়িব পাৰি।

ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ চ’ছিয়াল ষ্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজন ৰাজস্থানৰ বাসিন্দা হয় আৰু তেঁওক 200 মানুহে অনুসৰণ কৰে।

इस फैक्ट चेक को हिंदी में भी पढ़ा जा सकता है।

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত গম পালে যে, এই ছবিখন 2010-ত পাকিস্তানত হোৱা বন্যাৰ পিছত সৃষ্টি হোৱা অস্থায়ী বান শিৱিৰৰ। এই পুৰণী ছবিখনক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস