X
X

Fact Check: শ্বুটিঙৰ বাবে ৰাখি ছাৱন্তে কৰা মেক-আপ-ৰ ছবি ঘৰুৱা হিংসাৰ দাবিৰ সৈতে ভাইৰাল হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। এই ছবিসমূহ সেই সময়ৰ যেতিয়া শ্বুটিঙৰ বাবে ৰাখি ছাৱন্তে মেক-আপ কৰিছিল। এই মেক-আপ কৰা ছবিসমূহৰ লগত ঘৰুৱা হিংসা সন্দৰ্ভত কৰা দাবি ভুৱা।

  • By: Umam Noor
  • Published: Jun 27, 2024 at 05:48 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ৰাখি ছাৱন্তৰ দুটা ছবি ভাইৰাল হৈ আছে য’ত তেঁওৰ মুখত কিছুমান আঘাতৰ চিন দেখা গৈছে। এই ছবিসমূহক ৰাখি ছাৱন্তৰ, আদিল খানৰ লগত হোৱা বিয়াৰ লগত সংযুক্ত কৰি ঘৰুৱা হিংসাৰ দাবি কৰা হৈ আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। এই ছবিসমূহ সেই সময়ৰ যেতিয়া শ্বুটিঙৰ বাবে ৰাখি ছাৱন্তে মেক-আপ কৰিছিল। এই মেক-আপ কৰা ছবিসমূহৰ লগত ঘৰুৱা হিংসা সন্দৰ্ভত কৰা দাবি ভুৱা।

ভাইৰাল পোষ্টত কিআছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ”কেইদিনমান আগত নিকাহ কৰি তেঁওও বহুত আনন্দিত হৈছিল, তেঁওৰও অহংকাৰ আছিল যে তেঁওৰ জন তেনে নহয়।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগ’ল লেঞ্চৰ জৰিয়তে ছবিখনক বিছাৰিলোঁ। অনুসন্ধানত আমি ‘ৱিৰল ভয়ানী’ নামৰ কতৃত্বাধীন ইনস্টাগ্ৰম পেজত ৰাখি ছাৱন্তৰ এটা ভিডিঅ’ 2023 চনৰ 26 ফেব্ৰুৱাৰি তাৰিখে আপলড হোৱা দেখা পালো।

ইয়াত ভিডিঅ’-ত ৰাখি ছাৱন্তক ভাইৰাল ছবিত থকাৰ দৰে মেক-আপ কৰি থকা অৱস্থাত দেখা পোৱা যায়। ভিডিঅ’-ত ৰাখি ছাৱন্তক এনে দৰে কই থকা শুনা যায় যে, ‘মই আজি আপোনালোকক দেখুৱাম যে, কোনাবাই কাৰোবাক মাৰিলে তাৰ মেক-আপ কেনেকুৱা হয়।”

এই ছবিসমূহৰ সৈতে আমি ইণ্ডিয়া টিভি-ৰ এটা সংবাদও পালো। 2023 চনৰ 26 ফেব্ৰুৱাৰি তাৰিখে প্ৰকাশিত সংবাদত কোৱা হৈছে যে, সামাজিক মাধ্যমত ৰাখি ছাৱন্তৰ এটা ভিডিঅ’ ভাইৰাল হৈ আছে, যিখনত তেঁওৰ মুখত আঘাতৰ চিন দেখা পোৱা গৈছে, কিন্তু প্ৰকৃততে এয়া তেঁওৰ এখন গানৰ শ্বুটিঙ  চলি থকা সময়ৰ ভিডিঅ’ বুলি জানিব পৰা গৈছে।

এই ছবি সন্দৰ্ভত দৈনিক জাগৰণৰ ৱেবচাইটতও সংবাদ পোৱা গ’ল। ইয়াত থকা তথ্য মতেও, এই ভিডিঅ’ আৰু ছবিসমূহ শ্বুটিঙৰ বাবে কৰা মেক-আপ-ৰ হয়। তাত আৰু কোৱা হৈছে যে, ৰাখি ছাৱন্তে শেহতীয়াকৈ তেঁওৰ স্বামী আদিল দুৰ্ৰানী-ৰ নামত শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে । এই অভিযোগৰ ভিত্তিত আদিলক কো্ৰ্টে জেলত প্ৰেৰণ কৰিছে আৰু এতিয়া তেঁও জামিন লাভ কৰিব পৰা নাই। সম্পূৰ্ণ সংবাদ ইয়াত পঢ়িব পাৰিব।

ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি মুম্বাইৰ মনোৰঞ্জন বিষয়ক জ্যেষ্ঠ সংবাদদাতা পৰাগ ছাপেকৰৰ লগত যোগাযোগ কৰি, ভাইৰাল পোষ্টখন তেঁওৰ লগত শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ৰাখি ছাৱন্তৰ এই ছবিখন যোৱা বছৰ এখন শ্বুটিঙৰ বাবে কৰা মেক-আপ-ৰ ছবি।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক সাড়ে সাত হাজাৰৰও অধিক লোকে অনুসৰণ কৰে। আকৌ উক্ত প্ৰ’ফাইলখনৰ পৰা বিশেষ মতাদৰ্শৰ লগত সম্পৰ্কিত পোষ্ট শ্বেয়াৰ কৰা হয়। 

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। এই ছবিসমূহ সেই সময়ৰ যেতিয়া শ্বুটিঙৰ বাবে ৰাখি ছাৱন্তে মেক-আপ কৰিছিল। এই মেক-আপ কৰা ছবিসমূহৰ লগত ঘৰুৱা হিংসা সন্দৰ্ভত কৰা দাবি ভুৱা।

  • Claim Review : আদিল খানৰ লগত হোৱা বিয়াৰ লগত সংযুক্ত কৰি ঘৰুৱা হিংসাৰ দাবি কৰা হৈ আছে।
  • Claimed By : FB User- राम भक्त हरिमोहन सैनी
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later