X
X

তথ্য পৰীক্ষাঃ এজন মানুহে কান্ধত গৰুপোৱালী এটা কঢ়িয়াই লৈ থকা ছবি এখন অসমৰ সাম্প্ৰতিক সময়ৰ বানপানীৰ নহয়

  • By: Umam Noor
  • Published: Aug 9, 2019 at 07:02 PM
  • Updated: Aug 9, 2019 at 07:32 PM

চছিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে যিটোত এজন মানুহে কান্ধত গৰুপোৱালী এটা কঢ়িয়াই লৈ থকা ছবি এখন দেখা গৈছে। ছবিখনৰ লগত শীৰ্ষক হৈছে- “মানৱতা… অসমৰ বাবে প্ৰাৰ্থনা কৰক”। বিশ্বাস নিউজে এই বিষয়ে অনুসন্ধান কৰে আৰু ভাইৰেল হোৱা ছবিখন অসমৰ নহয় বুলি নিশ্চিত কৰে।

দাবী

ফেচ্‌বুকত “আৰে ভাই ভাই ভাই” নামৰ পেজ এটাত এখন ছবি শ্বেয়াৰ কৰা হৈছিল যিখন ছবিত এজন মানুহে কান্ধত গৰুপোৱালী এটা কঢ়িয়াই লৈ থকা দেখা গৈছিল। পোষ্টটো এই শীৰ্ষকেৰে শ্বেয়াৰ কৰা হৈছিল-“মানৱতা… অসমৰ বাবে প্ৰাৰ্থনা কৰক”। পোষ্টটো ফেচ্‌বুকত ২০১৯ চনৰ ১৯ জুলাইত শ্বেয়াৰ কৰা হৈছিল আৰু এই পোষ্টটোত ৫.২ হাজাৰ লাইকচ্,৪.১ হাজাৰ কমেন্টচ্ আৰু ৩৭টা কমেন্টচ্ আছিল।

অনুসন্ধান

বিশ্বাস নিউজে ‘ৰিভাৰ্ছ ইমেজ চাৰ্চৰ দ্বাৰা ভাইৰেল হোৱা ছবিখনৰ অনুসন্ধান আৰম্ভ কৰে।বাংলাদেশী নিউজ পৰ্টেল ‘ঢাকা টাইমচ্’ত আমি এটা প্ৰৱন্ধ বিচাৰি পাওঁ। ২০১৯ চনৰ ১৮ জুলাই তাৰিখত প্ৰকাশ পোৱা প্ৰৱন্ধটোত মানুহ এজনে কান্ধত গৰুপোৱালী এটা কঢ়িয়াই থকা একেখন ছবিকে ব্যৱহাৰ কৰিছিল। প্ৰৱন্ধটোত উত্তৰ বাংলাদেশৰ গাইবান্ধা নামৰ ঠাইখনৰ বানপানীৰ বৰ্ণনা দিয়া হৈছিল।

আমি আৰু বিচাৰ-খোচাৰ কৰোঁ আৰু এটা ‘বাংলাদেশ জাৰ্ণল’ নামৰ ৱেব-চাইটত আৰু এটা প্ৰৱন্ধ পাওঁ। এই ৱেব-চাইটতো একেখন ছবিকে ব্যৱহাৰ কৰিছিল, কিন্তু ছবিখন কোন ঠাইৰ সেই কথা উল্লেখ কৰা নাছিল।

আৰু অনুসন্ধান কৰাৰ পাছত আমি বিচাৰি পাওঁ যে পি.বি.এ. নামৰ এটা ৱেব-চাইটত তেওঁলোকে এটা প্ৰৱন্ধ ব্যৱহাৰ কৰিছিল যিটো বাংলাদেশৰ বানপানীৰ বিষয়ে ৰচনা কৰা হৈছিল।

বিশ্বাস নিউজে অনলাইনত এই ছবিখন ব্যৱহাৰ কৰি অসমৰ বিষয়ে কোনো সংবাদ প্ৰকাশ কৰা হৈছে নেকি, সেই বিষয়ে অনুসন্ধান কৰিছিল যদিও তেনে ধৰণৰ কোনো বাতৰি বিচাৰি নাপালে।

সমাপ্তি / উপসংহাৰ/ সিদ্ধান্ত:

এজন মানুহে কান্ধত গৰুপোৱালী এটা কঢ়িয়াই লৈ থকা ছবি এখন অসমৰ সাম্প্ৰতিক সময়ৰ বানপানীৰ নহয়।

জানক পোৰা সত্য

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ  ৱাতচাপ নাম্বাৰত 9205270923আমালৈ মেচেজ পঠাব পাৰে কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

  • Claim Review : Humanity … Pray for Assam
  • Claimed By : Facebook page: Are bhai bhai bhai
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later