Fact Check: গাঁত থকা বাটৰ সৈতে অযোধ্যা আৰু নুহ-ৰ কোনো সম্বন্ধ নাই

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা এই ছবিখনৰ সৈতে অযোধ্যা বা হৰিয়ানাৰ কোনো সম্বন্ধ নাই। আচলতে যিটো বাটৰ দুৰৱস্থাৰ ছবি ভাইৰেল হৈ আছে, সেয়া ঝাৰখণ্ড আৰু ওড়িশাক সংযুক্ত কৰা 220 নং. ৰাষ্ট্ৰীয় ঘাই পথৰ হয়। সেই বাটৰ ছবিখনক হে বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। 

Fact Check: গাঁত থকা বাটৰ সৈতে অযোধ্যা আৰু নুহ-ৰ কোনো সম্বন্ধ নাই

বিশ্বাস নিউজ (নতুন দিল্লী)। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এটা বাটৰ ছবি ভাইৰাল হৈ আছে। সেই ছবিত পানী ভৰ্তি হৈ থকা ডাঙৰ-ডাঙৰ গাঁত দেখা পোৱা গৈ আছে। এতিয়া কেইজনমান ইউজাৰে এই ছবিখন শ্বেয়াৰ কৰি এই দাবী কৰি আছে যে, বাটৰ এই দুৰৱস্থাৰ ছবিখন অযোধ্যাৰ হয়। কেইজনমান ইউজাৰে আকৌ এই ছবিখন হৰিয়ানাৰ বুলি শ্বেয়াৰ কৰি আছে। 

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা এই ছবিখনৰ সৈতে অযোধ্যা বা হৰিয়ানাৰ কোনো সম্বন্ধ নাই। আচলতে যিটো বাটৰ দুৰৱস্থাৰ ছবি ভাইৰেল হৈ আছে, সেয়া ঝাৰখণ্ড আৰু ওড়িশাক সংযুক্ত কৰা 220 নং. ৰাষ্ট্ৰীয় ঘাই পথৰ হয়। সেই বাটৰ ছবিখনক হে বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। 

ভাইৰেল পোষ্টত কি আছে ?

ফেসবুক ইউজাৰ Arun Maurya Nic (আৰ্কাইভ লিঙ্ক) 15 আগষ্টত এই ছবিখন শ্বেয়াৰ কৰি লিখিছিলে, “এই বাটটো অযোধ্যাৰ ৰুদৌলী বিধানসভা আৰু মিল্কীপুৰ বিধানসভাক সংযুক্ত কৰে।”

এই দুৰ্দশা প্ৰত্যক্ষ কৰি যি কোনো মানুহৰে বেয়া লাগিব। কিন্তু বিজেপি-ৰ মানুহে ক’ব যে তেওঁলোকে অযোধ্যাক ৱৰ্ল্ড ক্লাছ চিটি বনাই দিছে।

এই অকামিলা চৰকাৰৰ বাবে অযোধ্যা কেৱল তেওঁলোকৰ ৰাজনীতি আৰু বেপাৰৰ উন্নতি কৰাৰ এটা মাধ্যম হয়, ইয়াৰ অধিক আন একো নহয়।”

ফেচবুক ইউজাৰ Papita Fokat Parody-য়ে আকৌ এই ছবিখন শ্বেয়াৰ কৰি লিখিছে, “হৰিয়ানাত চন্দ্ৰ ভ্ৰমণ ছবিখন নুহ হৰিয়ানাৰ হয়।”

তদন্ত

ভাইৰেল ছবিখনক লৈ তদন্ত কৰাৰ বাবে আমি গুগল ৰিভাৰ্ছ ইমেজ ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া আমি সেই ছবিখনৰ সৈতে যুক্ত পোষ্ট এটা Jamshedpur Mirror-ৰ ফেচবুক পেজত দেখা পালোঁ। 30 জুলাই 2024-ত এই পোষ্ট শ্বেয়াৰ কৰা হৈছিল। তাৰে কেপচনত লিখা আছে, “হাতা চৌকৰ আগত হলদি পোখৰ। হলদিপোখৰৰপৰা মাথোঁ 2 কিলোমিটাৰ আগুৱাই গ’লেই ৰচুনচোপ আহিব। এয়া 220 নং. ৰাষ্ট্ৰীয় ঘাই পথ হয়, যি ওড়িশা ৰাজ্যত সোমাই গৈছে।”

ছবিখনৰ লগত যুক্ত এটা বাতৰি আমি avenuemail.in/-ৰ ৱেবছাইট-তো পাইছোঁ। 18 আগষ্ট 2024-ত প্ৰকাশ পোৱা সেই বাতৰিত কোৱা হৈছে যে, এয়া ওড়িশা আৰু ঝাৰখণ্ডক সংযুক্ত কৰা 220 নং. ৰাষ্ট্ৰীয় ঘাই পথ হয়।

ছবিখনৰ সৈতে যুক্ত অন্যান্য বাতৰি ইয়াত পঢ়ি চাব পাৰে।

ছাৰ্চ কৰি থাকোঁতে আমি ভাইৰেল ছবিখনৰ লৈ অযোধ্যা আৰক্ষীৰ এটা টুইট দেখা পাইছিলোঁ। 19 আগষ্ট 2024-ত সেই টুইট কৰা হৈছিল। তাত ভাইৰেল দাবীক নাকচ কৰি লিখা হৈছিল, “কিছুমান ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিৰ সৈতে মিছা আৰু বিভ্ৰান্তিকৰ কথা প্ৰচাৰ কৰা হৈ আছে যে, এই বাটটো অযোধ্যাৰ ৰুদৌলী আৰু মিল্কীপুৰ বিধানসভাক যুক্ত কৰা বাট হয়। এইটো দাবীৰ সৈতে অযোধ্যা অঞ্চলৰ কোনো সম্বন্ধ নাই।” #ayodhyapolice-এ এই মিছা আৰু বিভ্ৰান্তিকৰ কথাক নাকচ কৰি আছে।”

পোটকা বিধানসভা, জমছেদপুৰ, ঝাৰখণ্ডৰ বিধায়ক সঞ্জীব চৰদাৰেও ভাইৰেল ছবিখনক লৈ এটা টুইট কৰিছে। নিজৰ ভেৰিফাইড এক্স হেণ্ডলৰপৰা তেওঁ টুইট কৰি লিখিছে, “মোৰ বিধানসভা সমষ্টিৰ উপৰে দি যোৱা 220 নং. ৰাষ্ট্ৰীয় ঘাই পছৰ অৱস্থা বৰ বেয়া। দেশৰ অন্যান্য ৰাষ্ট্ৰীয় ঘাই পথৰ দৰে এইটোৰ নিৰ্মাণ আৰু মেৰামত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ তথা NHAI-ৰ হে হয়। আজি পৰিবহণ তথা ঘাই পথ মন্ত্ৰী শ্ৰী @nitin_gadkari-ৰ ওচৰত পত্ৰ লিখি তেওঁৰ ওচৰত 220 নং. ৰাষ্ট্ৰীয় ঘাই পথৰ মেৰামতৰ অনুৰোধ জনোৱা হৈছে।@NHAI_Official @HemantSorenJMM @JmmJharkhand”

আমাৰ তদন্ত আগুৱাই লৈ আমি দৈনিক জাগৰণ, অযোধ্যাৰ এডিটৰ-ইন-চাৰ্জ ৰমা শৰণ অৱস্থিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁক ভাইৰেল ছবিখনক শ্বেয়াৰ কৰিছোঁ। তেওঁ এই বিষয়ে আমাক কৈছে যে, ভাইৰেল ছবিখন অযোধ্যাৰ নহয়। পোষ্টত যি দাবী কৰা হৈছে সেয়া ভুৱা হয়।

ছবিখন আমি দৈনিক জাগৰণ, মেৱাতৰ চীফ ৰিপ’ৰ্টাৰ সত্যেন্দ্ৰ সিঙৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, এই ছবিখন নুহ-ৰ নহয়।

সদৌ শেষত আমি সেই জন ফেচবুক ইউজাৰৰ প্ৰ’ফাইল স্কেন কৰি চাইছোঁ যিজনে ভুল দাবীৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এই জন ইউজাৰক 4.9 হেজাৰ মানুঙে ফলো কৰে। প্ৰ’ফাইলত থকা তথ্য অনুসৰি, এই জন ইউজাৰ ৰায়বৰেলীৰ নিবাসী হয়। 

উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, অযোধ্যাৰ নামত ভাইৰেল হৈ থকা বাটৰ দুৰৱস্থাৰ ছবিখনৰ সৈতে অযোধ্যাৰ কোনো সম্বন্ধ নাই। আচলতে কেইজনমানে ঝাৰখণ্ডৰ ছবিখনক অযোধ্যা আৰু হৰিয়ানাৰ ছবি বুলি দাবী কৰি ভাইৰেল কৰি আছে। 

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস