X
X

Fact Check: শ্ৰীলংকাত ক’ভিডত মৃত্যু হোৱা বুলি বৰ্ণনা কৰা বেংককৰ এক প্ৰদৰ্শনৰ ফটো ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা গৈছিল যে ভাইৰেল ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। থাইলেণ্ডত, প্ৰতিবাদৰ সময়ত ব্যৱহৃত ভুৱা মৃতদেহৰ মোনা শ্ৰীলংকাত সংঘটিত হোৱা বুলি ভাইৰেল কৰা হৈছিল।

নতুন দিল্লী (Vishvas News) শেহতীয়াকৈ এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে, য’ত প্লাষ্টিকত মেৰিয়াই থোৱা বহুতো মৃতদেহ দেখা যায়। ভাইৰেল পোষ্টটোৰ সৈতে, দাবী কৰা হৈছে যে এইবোৰ শ্ৰীলংকাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই ভাইৰেল ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। প্ৰকৃততে থাইলেণ্ডত হোৱা এক প্ৰতিবাদৰ সময়ত ব্যৱহৃত ভুৱা মৃতদেহৰ মোনাকে শ্ৰীলংকাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰি শ্বেয়াৰ কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ The Wes – වෙස් এ এই ফটোখন শ্বেয়াৰ কৰি সিংহলী ভাষাত কেপশ্যন দিছে, যাৰ অসমীয়া অনুবাদ হৈছে – আপুনি ভাবিছে নেকি যে এইবোৰ পেকিং কৰি থোৱা মূৰ্গী? নহয় নহয়, এইবোৰ মানুহৰ মৃতদেহ, ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ছবিখন বিচাৰিবলৈ আৰম্ভ কৰিয়েই গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ সহায়ত ইয়াক বিচাৰি পাইছিল। আমি কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনতো এই ছবিখন পাইছিলো। ছবিখন ২০২১ চনৰ ১৯ জুলাইত worldofbuzz.com প্ৰকাশিত এক প্ৰতিবেদনতো পোৱা গৈছিল। “অনুবাদ অনুসৰি – থাইলেণ্ডৰ লোকসকলে ১৮ জুলাইত তেওঁলোকৰ দেশত মহামাৰীৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ প্ৰধানমন্ত্ৰী প্ৰয়ুত চান অ’চাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বাতৰি অনুসৰি, ছবিখন বেংককৰ।

আমি Thai Enquirer ৰ এটা টুইটত ঘটনাটোৰ এটা ভিডিঅ’ পাইছিলো। টুইটটোত ভিডিঅ’টোৰ সৈতে লিখা হৈছে – “পৰিকল্পিত সমদলৰ আগতে প্ৰতিবাদকাৰীসকল আজি গণতন্ত্ৰৰ স্মৃতিস্তম্ভত উপস্থিত হৈছিল। চৰকাৰৰ দুৰ্বল ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন লোকক হেৰুওৱাবলগীয়া হোৱা পৰিস্থিতি দেখুৱাবলৈ প্ৰতিবাদস্থলীত ভুৱা মৃতদেহ জমা কৰা হৈছিল। ক’ভিডৰ ভাবুকি সত্বেও যথেষ্ট সংখ্যক লোক সমবেত হৈছিল। “

আমি বিষয়টোৰ ওপৰত Thai Enquirer ৰ প্ৰতিবেদক জেমছ উইলছনৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক কৈছিল, “এই ছবিখন ১৮ জুলাইত বেংককত হোৱা এক প্ৰদৰ্শনৰ পৰা।” প্ৰতিবাদকাৰীসকলে এই নকল শৰীৰৰ মোনাৰ জৰিয়তে দেশত কৰোনাৰ মৃত্যু দেখুৱাবলৈ চেষ্টা কৰিছিল।

শেষত আমি এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ ලියුම – The letter ৰ প্ৰ’ফাইল স্কেন কৰিছিলো, ইয়াতেই আমি জানিবলৈ পাইছিলো যে এই পেজটোত ৩১১,৯৫৪ গৰাকী ফল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা গৈছিল যে ভাইৰেল ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। থাইলেণ্ডত, প্ৰতিবাদৰ সময়ত ব্যৱহৃত ভুৱা মৃতদেহৰ মোনা শ্ৰীলংকাত সংঘটিত হোৱা বুলি ভাইৰেল কৰা হৈছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later